ETV Bharat / jagte-raho

গৰু চোৰৰ সন্দেহত মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকক নিৰ্মম প্ৰহাৰ

author img

By

Published : Aug 10, 2019, 11:22 PM IST

বকোত এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক গৰু চোৰৰ সন্দেহত একাংশ লোকে বিজুলী খুঁটাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ পাচত লোকজনক পৰিয়ালে লোকে উদ্ধাৰ কৰি মুমূৰ্ষ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে ৷

বকোত গৰু চোৰৰ সন্দেহত 1 জনক প্ৰহাৰ

বকো,10আগষ্টঃ শুকুৰবাৰে নিশা বকো বাকৰাপাৰাত আদিল শ্বেখ নামৰ এজন মানসিকভাৱে বিকাৰগ্ৰস্ত লোকক গৰু চোৰৰ সন্দেহত একাংশ লোকে শাৰীৰিক অত্যাচাৰ কৰে । কেৱল এয়াই নহয় বিজুলী খুঁটাত বান্ধি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে লোকজনক । পাচত লোকজনক পৰিয়ালে লোকে উদ্ধাৰ কৰি মুমূৰ্ষ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰে ৷ এই সন্দৰ্ভত আদিলৰ পৰিয়ালে বকো থানাত এখন এজাহাৰ দিয়ে ৷

বকোত গৰু চোৰৰ সন্দেহত 1 জনক প্ৰহাৰ

পৰিয়ালৰ লোকে জনোৱা মতে, গুৱাহাটী হেঙেৰাবাৰীৰ যুৱক আদিল শ্বেখক প্ৰায় ৩ মাহ আগতে মানসিক চিকিৎসাৰ বাবে বকোৰ ২ নং জামবাৰীৰ মোমায়েক মঃ আজিম আলিৰ ঘৰত ৰখা হৈছিল । হঠাতে শুকুৰবাৰে ঘৰৰপৰা ওলাই যোৱাৰ পিচৰে পৰা আদিল শ্বেখ সন্ধানহীন হৈ পৰে । পাচত পৰিয়ালৰ লোকে মানসিক বিকাৰগ্ৰস্ত আদিলক বাকৰাপাৰা গাঁৱৰ এটা বিজুলী খুঁটাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৷

Intro:Body:বকো বাকৰাপাৰা (ভূৰ্কীবাৰী) গাৱঁত যোৱা নিশা মঃআদিল শ্বেখ (২৫) নামৰ মানসিক ভাৱে বিকাৰগ্ৰস্ত ৰোগী এজনক ভূৰ্কীবাৰীৰ কেইজনমান মানুহে গৰু চোৰৰ সন্দেহত বিজুলী খুটাত বান্ধি পাশৱিক অত্যাচাৰ কৰে। এই সন্দৰ্ভত আদিলৰ বায়েক আজৰুণ নেছাই বকো থানাত দিয়া এজাহাৰত উল্লেখ কৰে যে, গুৱাহাটী হেঙেৰাবাৰীৰ যুৱক আদিল শ্বেখক প্ৰায় ৩ মাহ আগতে মানসিক চিকিৎসাৰ বাবে বকোৰ ২ নং জামবাৰীৰ মামাক মঃ আজিম আলিৰ ঘৰত ৰখা হৈছিল। হঠাতে যোৱা কালি ৬ বজাত ঘৰৰপৰা ওলাই যোৱাৰ পিচৰে পৰা মঃআদিল শ্বেখ সন্ধানহীন হৈ পৰে। গাৱঁৰ ৰাইজ তথা ঘৰৰ লোকে মানসিক বিকাৰগ্ৰস্ত যুৱকজন বিচাৰি বাকৰাপাৰা গাৱঁৰ এখন বিদ্যালয় কাষত বিজুলী খুটাত বান্ধি বাকৰাপাৰা গাৱঁৰ পুণ্য ৰাভা, ভূপেন ৰাভা, হিতেশ ৰাভা আদিয়ে গৰু চোৰৰ সন্দেহত মাৰধৰ কৰা অৱস্থাত পায় আৰু বকো থানাৰ সহযোগত উদ্ধাৰ কৰি বকোৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰায়। বৰ্তমান বকো চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আদিল শ্বেখৰ ভৰিৰ নখ পৰ্যন্ত উভালি পেলাই গৰু চোৰৰ সন্দেহত।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.