নিউজ ডেস্ক,20আগষ্টঃ বুধবাৰে ধনবাডৰ বেংক মৌৰ অঞ্চলত এগৰাকী 40 বছৰীয়া বিজেপি কৰ্মী নিজ বাহনৰ পৰা নমাৰ সময়তে বাইকত অহা দুস্কৃতিকাৰীয়ে গুলিয়াই হত্যা কৰে বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷
উল্লেখযোগ্য যে, সতীশ সিং ধনবাড চহৰৰ বিজেপি দলৰ কেন্দুৱা এলেকাৰ উপ-সভাপতি আছিল ৷ মোবাইলত কথা পাতি থকাৰ সময়তে বাইকত মুখ ঢাকি অহা দুই অচিনাক্ত দুৰ্বৃত্তই নিচেই কাষৰ পৰা মূৰত গুলিওৱাৰ ফলত থিতাতে বাগৰি পৰে সতীশ সিং ৷ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷ ইপিনে ঘটনা সংঘটিত হোৱা স্থানৰ কাষতে থকা এঘৰ লোকৰ ঘৰত থকা চিচিটিভি কেমেৰাত সমগ্ৰ দৃশ্য আৱদ্ধ হৈ ৰয় ৷ চিচিটিভি ফুটেজৰ সহায়ত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষী অধীক্ষক আৰ ৰাজকুমাৰে উল্লেখ কৰে ৷
লগতে পঢ়কঃ জম্মু-কাশ্মীৰ এনকাউন্টাৰ : নিহত লস্কৰৰ কমাণ্ডাৰসহ তিনি উগ্ৰপন্থী