বিহাৰ, 20 এপ্ৰিলঃ বন্দুক দেখুৱাই 17 বছৰীয়া যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা কৰিও বিফল হোৱাৰ পাচতেই এচিড আক্ৰমণ কৰি প্ৰতিশোধ ল’লে এজন চুবুৰীয়া ল’ৰাই ৷ শনিবাৰে এই জঘন্য ঘটনা সংঘটিত হয় বিহাৰৰ ভগলপুৰ অঞ্চলত ৷ ঘটনা সংঘটিত কৰা অপৰাধীৰ যুৱকজনৰ নাম প্ৰিন্স বুলি জানিব পৰা গৈছে ৷
যুৱতীগৰাকীয়ে মাতৃৰ লগত একেলগে ঘৰত থকা অৱস্থাতেই যুৱকজনে সংঘটিত কৰে এই কাণ্ড ৷ এচিড আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক পাটনা মেডিকেল কলেজ হস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷
অপৰাধীক আৰক্ষীয়ে আটক কৰাৰ লগতে, ইতিমধ্যে ঘটনাস্থলীত পৰা বন্দুকটোও উদ্ধাৰ কৰা বুলি প্ৰকাশ কৰে উপ-আৰক্ষী অধীক্ষক ৰূপ ৰঞ্জন হাৰগেভে ৷