ETV Bharat / jagte-raho

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জালিয়াতিত জড়িত থকা বাইহাটাৰ যুৱক গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত সাক্ষাৎকাৰৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিচতে আৰক্ষীয়ে জোৰদাৰ কৰিছে ইয়াৰ তদন্ত প্ৰক্ৰিয়া ৷ শেহতীয়াকৈ বাইহাটাৰ পৰাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন যুৱকক ৷

বাইহাটাৰ যুৱক গ্ৰেপ্তাৰ
বাইহাটাৰ যুৱক গ্ৰেপ্তাৰ
author img

By

Published : Sep 27, 2020, 2:06 PM IST

বাইহাটা, 27 ছেপ্টেম্বৰ : অসম আৰক্ষীৰ বিতৰ্কিত উপ-পৰিদৰ্শক পদৰ লিখিত সাক্ষাৎকাৰ কেলেংকাৰিত সাঙোৰ খালে বাইহাটা চাৰিআলিৰ কমলপুৰৰ এজন যুৱক । কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বিগুণপাৰ(লেজা) গাঁৱৰ ধ্ৰুৱজ্যোতি বৰুৱা নামৰ এজন যুৱকক নলবাৰী আৰক্ষীয়ে কমলপুৰ আৰক্ষীৰ সহযোগত আটক কৰে । ধ্ৰুৱজ্যোতিৰ ভাষ্যৰ ভিত্তিত নিশাও অভিযান চলাই একে গাঁৱৰে নিতুল কাকতি নামৰ এজন যুৱকৰ ঘৰত ।

বাইহাটাৰ যুৱক গ্ৰেপ্তাৰ

উল্লেখযোগ্য যে, ধ্ৰুৱজ্যোতি বৰুৱাই অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল । দিনৰ ভাগতে ধ্ৰুৱজ্যোতি বৰুৱাক মোমায়েকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত বাটতে আটক কৰি নলবাৰীলৈ লৈ গৈছিল আৰক্ষীয়ে । পুনৰ নিশাৰ ভাগত নলবাৰী আৰক্ষীয়ে কমলপুৰ আৰক্ষীৰ সহায়ত নিতুল কাকতি নামৰ অন্য এজন যুৱকৰ ঘৰত তালাচী চলাই যদিও এই অভিযান সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে নলবাৰী আৰক্ষী ।

লগতে পঢ়ক : হোটেল ভাৰ্গৱৰ মেনেজাৰ ৰাহুল ডেকাক গ্ৰেপ্তাৰ CID ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.