ETV Bharat / jagte-raho

ভাৰত-বাংলা সীমান্তত জব্দ 10 টা চোৰাং গৰু

author img

By

Published : Dec 8, 2020, 11:57 AM IST

এক গোপন সূত্ৰৰ পম খেদি ধুবুৰীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ভাৰত-বাংলা সীমান্তত জব্দ কৰে দহটাকৈ চোৰাং গৰু ।

cattle sized by police AT Dhubri
ভাৰত বাংলা সীমান্তত জব্দ 10 টাকৈ চোৰাং গৰু

ধুবুৰী,8 ডিচেম্বৰঃ ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাৰ ভাৰত-বাংলা সীমান্তইদি এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। ইতিমধ্যে আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই জাকে জাকে চোৰাং গৰু জব্দ কৰিছে ৷

cattle sized by police AT DHUBRI

উল্লেখ্য যে, বাংলাদেশলৈ পুনৰ চোৰাং গৰু সৰবৰাহৰ সময়তেই ধুবুৰী আৰক্ষীৰ অভিযানত জব্দ হয় দহটাকৈ চোৰাং গৰু। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীৰ বিশেষ দল এটাই সোমবাৰে নিশা চোৰাং গৰুৰ বিৰুদ্ধে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ নদী পথত অভিযান চলায়। আৰক্ষীৰ এই অভিযান কালত সীমান্তৰ বাইলাৰ চৰৰ পৰা জব্দ কৰে দহ টাকৈ চোৰাং গৰু। আনহাতে, এতিয়ালৈ কোনো সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী। জব্দকৃত চোৰাং গৰুকেইটা বাংলাদেশলৈ চালান দিয়াৰ বাবে সীমান্তলৈ নিয়া হৈছিল বুলি আৰক্ষীয়ে অনুমান কৰিছে ।

আনহাতে, ধুবুৰী আৰক্ষীয়ে চোৰাং গৰু ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড আদম আলীসহ কেইবাজনো চোৰাং গৰু সৰবৰাহকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে যদিও সম্প্ৰতি বন্ধ হোৱা নাই চোৰাং গৰু সৰবৰাহ। ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক-আঙুৰলতা ডেকাক অশালীন মন্তব‍্য কৰি ক্ষমা বিচাৰিলে কমল সিং নাৰ্জাৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.