বৰপেটা,11 জুনঃ পশ্চিমবংগ,বিহাৰ আদি ৰাজ্যৰ একাংশ দুৰ্বৃত্তই অসমত খোপনি পুতি বিভিন্ন সময়ত অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে ৷ বিশেষকৈ চুৰি,ডকাইতিৰ উপৰিও ৰাজপথৰ পৰা টকাৰ বেগ, ডিঙিৰ চেইন আদি কাঢ়ি নিয়াৰ ঘটনা সংঘটিত কৰি একপ্ৰকাৰ সন্ত্ৰাস চলাইছে বহিঃ ৰাজ্যৰ এইসকল দুৰ্বৃত্তই ৷ বৰপেটা চহৰত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ টকাৰ বেগ কাঢ়ি লৈ পলাওতেই স্থানীয় লোকে আটক কৰিবলৈ সক্ষম হয় এটা চিলনী চোৰক ৷ বৰপেটা চহৰৰ পাঁচআলি চ'কত এজন অৱসৰপ্ৰাপ্ত শিক্ষকৰ গাঁত বান্দৰকেঁকোৱা চটিয়াই একলাখ টকাসহ বেগ কাঢ়ি পলাইছিল চোৰটোৱে ৷ তাৰপিচতে শিক্ষকজনে চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে খেদি গৈ চোৰটোক আটক কৰি গটাই দিয়ে আৰক্ষীক ৷ পশ্চিমবংগৰ জলপাইগুৰিৰ ধৃত চোৰটোৰ নাম প্ৰমোদ গোৱালা ৷
উল্লেখ্য যে, সৰুক্ষেত্ৰীৰ যশোদাৰপাম গাঁৱৰ ধীৰেন্দ্ৰ নাথ মণ্ডল নামৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে মঙলবাৰে বৰপেটা চহৰৰ ষ্টেটবেংকৰ পৰা উলিয়াই আনিছিল একলাখ টকা ৷ টকাখিনি এটা বেগত ভৰাই চহৰৰ পাঁচআলি চ'কলৈ আহি থকা অৱস্থাতে সংঘটিত হয় এই ঘটনা ৷ ইয়াৰ পূৰ্বেও বৰপেটাত কেইবাটাও চিলনী চোৰ আটক কৰিছিল স্থানীয় ৰাইজে ৷ পিছে চিলনী চোৰৰ সন্ত্ৰাস ৰোধ কৰাত স্থানীয় আৰক্ষী ব্যৰ্থ হোৱাৰ অভিযোগ বৰপেটাবাসীৰ ৷
লগতে পঢ়কঃ তিনিচুকীয়াৰ হিজুগুৰিত আটক দুই মবাইল চোৰ