ETV Bharat / jagte-raho

নৱাজ শ্বৰীফৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী পাকিস্তানৰ - পাকিস্তানৰ নেশ্বনেল একাউন্টেবিলিটি ব্যুৰো

স্বাস্থ্যজনিত কাৰণত সদ্যহাতে লণ্ডনত থকা পাকিস্তানৰ মুছলিম লীগৰ প্ৰধান নৱাজ শ্বৰীফলৈ দেশখনৰ দুৰ্নীতিবিৰোধী শাখাই গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে । শ্বৰীফে জাং গ্ৰুপৰ এডিটৰ-ইন-চীফ মীৰ শ্বাকিলুৰ ৰেহমানক ১৯৮৬ চনত অনৈতিকভাৱে ভূমি লীজত দিয়াৰ অভিযোগ এইদৰে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে পাকিস্তানৰ নেশ্বনেল একাউন্টেবিলিটি ব্যুৰোৱে ।

নৱাজ শ্বৰীফৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী পাকিস্তানৰ

author img

By

Published : Apr 27, 2020, 2:22 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ পাকিস্তানৰ দুৰ্নীতি বিৰোধী শাখাই দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ বিৰুদ্ধে জাৰী কৰিছে গ্ৰেপ্তাৰী পৰোৱানা । ৩৪ বছৰ পুৰনি এক ভূমি কেলেংকাৰীৰ গোচৰত শ্বৰীফৰ বিৰুদ্ধে এইদৰে গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰিছে পাকিস্তানৰ নেশ্বনেল একাউন্টেবিলিটি ব্যুৰোৱে ।

পাকিস্তানৰ মুছলিম লীগৰ প্ৰধান ৭০ বছৰীয়া নৱাজ শ্বৰীফ স্বাস্থ্যজনিত কাৰণত দীৰ্ঘদিন ধৰি লণ্ডনত চিকিৎসাধীন হৈ আছে ।

পাকিস্তানৰ নেশ্বনেল একাউন্টেবিলিটি ব্যুৰো (National Accountability Bureau, NAB)ৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি, শ্বৰীফে পাকিস্তানৰ পঞ্জাৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা তিনিবাৰকৈ প্ৰিমিয়াৰ নিৰ্বাচিত হোৱা জাং গ্ৰুপৰ এডিটৰ-ইন-চীফ মীৰ শ্বাকিলুৰ ৰেহমানক ১৯৮৬ চনত অনৈতিকভাৱে ভূমি হস্তান্তৰ কৰিছিল ।

পাকিস্তানৰ দুৰ্নীতিবিৰোধী তদন্তকাৰী সংস্থাই শ্বৰীফক জাননী জাৰী কৰিছিল যদিও কোনো প্ৰত্য়ুত্তৰ নোপোৱাৰ ফলতে এইদৰে অসহযোগৰ অভিযোগত গ্ৰেপ্তাৰী পৰোৱানা জাৰী কৰি আদালতৰ মজিয়ালৈ লৈ যায় সমগ্ৰ গোচৰটো । আনহাতে মীৰ ৰেহমানৰ বিৰুদ্ধেও দেশখনত কেবাটাও দুৰ্নীতিৰ গোচৰ ৰুজু হৈ আছে ।

পাকিস্তানৰ সংবাদপত্ৰ Dawnত প্ৰকাশ পোৱা তথ্য অনুসৰি, ২৭ মাৰ্চত দুৰ্নীতিবিৰোধী তদন্তকাৰী সংস্থাটোৱে শ্বৰীফক ৩১ মাৰ্চত নিজৰ ষ্টেটমেন্ট ৰেকৰ্ড কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল । ইয়াৰ পূৰ্বে ১৫ মাৰ্চত সংস্থাটোৰ লাহোৰস্থিত কাৰ্যালয়ত ২০ মাৰ্চত উপস্থিত হ'বলৈ কোৱা হৈছিল শ্বৰীফক । ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ১২ মাৰ্চত গ্ৰেপ্তাৰ হৈছিল মীৰ শ্বাকিলুৰ ৰেহমান আৰু ২৮ এপ্ৰিললৈকে তেওঁক ন্যায়িক জিম্মাত ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছিল আদালতে ।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত জাং মিডিয়া গ্ৰুপৰ এডিটৰ-ইন-চীফগৰাকীয়ে ১৯৮৬ চনত লাহোৰৰ এক স্থানত একেবাৰে নিম্নমূল্যত ৫৪-কানাল ভূমি ক্ৰয় কৰিছিল ।

লাহোৰ উচ্চ ন্যায়ালয়ে নৱাজ শ্বৰীফক অনুমতি প্ৰদান কৰাৰ পিচতেই বিগত বৰ্ষৰ নৱেম্বৰ মাহত লণ্ডনলৈ চিকিৎসাৰ বাবে গৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ।

লগতে পঢ়কঃ তালিবানক যুদ্ধবিৰতিলৈ আহিবলৈ আহ্বান জালমে খালিজাডৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.