মৰিগাঁও, 23 অক্টোবৰ : আধাৰকাৰ্ডৰ নামত ৰাইজৰ পৰা নীতি বৰ্হিঃভূতভাৱে ধন সংগ্ৰহৰ অভিযোগৰ ভিত্তিত দণ্ডাধীশ বিষয়া আৰু আৰক্ষী অধীক্ষকক লৈ অভিযান জিলা উপায়ুক্ত লীনা দাসৰ ৷ অভিযানকালত গ্ৰেপ্তাৰ এজন লোক । ৰাইজৰ অভিযোগৰ ভিত্তিত মৰিগাঁও জিলা প্ৰশাসনে এইদৰে আধাৰ কেন্দ্ৰত অভিযান চলায় । অভিযানকালত এজন গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে পলাতক আন এজন । পলাতক লোকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশনা জিলা উপায়ুক্তৰ ।
![আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ এজন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-mrg-23rd-oct-arrested-rtu-802-vis-img-byt-as10005_23102020081311_2310f_1603420991_643.jpg)
মৰিগাঁও জিলা প্ৰশাসনে দক্ষিণ ধৰমতুল গাঁও পঞ্চায়তস্থিত আধাৰ কেন্দ্ৰত ৰাইজৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে অভিযান চলায় । আধাৰ কাৰ্ড প্ৰদানৰ নামত ৰাইজৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি থকা অৱস্থাত অভিযানকাৰী দলটোৱে আধাৰ কেন্দ্ৰৰ কম্পিউটাৰ অপাৰেটৰ হাফিজুৰ ৰহমানক জিলা উপায়ুক্ত লীনা দাসৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰে । অন্য এজন অভিযুক্ত পলায়ন কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত জিলা উপায়ুক্তই পলায়ন কৰি থকা অভিযুক্তজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে । জিলা উপায়ুক্ত লীনা দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোক জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই সহযোগ কৰে লগতে মৰিগাঁও জিলা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মুনমী কলিতা আৰু স্থানীয় আৰক্ষী বিষয়া উপস্থিত আছিল । জিলা উপায়ুক্তৰ এই পদক্ষেপত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : তদন্তকাৰী বিষয়াক ঘোচ দিবলৈ গৈ আটক কনিষ্ঠ অভিযন্তা