নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ লকডাউনৰ সময়তে অবৈধ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৯গৰাকীকৈ লোকক । দিল্লী-মিৰাট পথত থকা এটা গুডামৰ পৰা অবৈধভাৱে সুৰা কঢ়িয়াই অনা অৱস্থাত লোককেইজনক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে তেওঁলোকৰ পৰা সুৰাৰ বটল তথা এখন বাহন জব্দ কৰে । আৰক্ষীয়ে লকডাউনৰ সময়ত খোলা ৰখা সুৰাৰ গুডামটো বন্ধ কৰি দিয়ে ।
উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা আৰু চিহানী গেট পুলিছ ষ্টেচনৰ এটা যুটীয়া দলে এই অভিযানৰ নেতৃত্ব দিয়ে । জ্যেষ্ঠ আৰক্ষী অধীক্ষক কালানিধি নৈথানিয়ে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এগৰাকী লোকে জানিবলৈ দিয়া অনুসৰি, দিল্লী-মিৰাট পথৰ কৃষ্ণ নগৰ কলনিত এটা থকা গুডামৰ পৰা অত্যধিক মূল্যত তেওঁলোকে এই সুৰাখিনি ক্ৰয় কৰিছিল ।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে সুৰাৰ গুডামটোত অভিযান চলাই ৪,২৮৯ টা বীয়েৰৰ কাৰ্টন আৰু ৪৭৮টা হুইস্কিৰ কাৰ্টন জব্দ কৰে । গুডামটোৰ মালিক হৰ্ষণ গুপ্তা, সুষমা জিন্দাল, সৌৰভ গুপ্তা আৰু মেনেজাৰ দীপক শৰ্মাই পলাই সাৰিবলৈ সক্ষম হয় । আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজন বিশাল, বৈভৱ, ৰাজীৱ, মুন্না, সন্তোষ, শিৱনাথ, নাৰায়ন আৰু কালু ৰাম বুলি জানিব পৰা গৈছে আৰু আৰক্ষীয়ে তেওঁলোকৰ পৰা ১০৫টা সুৰাৰ বটল জব্দ কৰে ।
ইতিমধ্যে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইন আৰু আৱকাৰী আইনৰৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ধাৰা ৫৬ আৰু মহামাৰী ৰোগ আইনৰ ধাৰা ৩ৰ অধীনত গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়কঃ সহকৰ্মীৰ পিষ্টলৰ গুলিত নিহত আৰক্ষী বিষয়া