ETV Bharat / jagte-raho

ডিব্ৰুগড়ত মূল্যৱান গছ কাটি থকা অৱস্থাত চাৰিজনক আটক - ডিব্ৰুগড়

ডিব্ৰুগড়ৰ তেলপানি বনাঞ্চলত চোৰাং কাঠৰ বেহা অব্যাহত আছে ৷ বনাঞ্চলখনত মূল্যৱান গছ কাটি থকা অৱস্থাত চাৰিজন চোৰাং কাঠ সৰবৰাহকাৰীক আটক হয় ৷

4 Timber Thief Arrested By Public At Dibrugarh
ডিব্ৰুগড়ত মূল্যৱান গছ কাটি থকা অৱস্থাত চাৰিজনক আটক
author img

By

Published : Jul 21, 2020, 10:47 PM IST

ডিব্ৰুগড়, 21 জুলাইঃ ডিব্ৰুগড়ৰ তেলপানী বনাঞ্চলত মূল্যৱান গছ কাটি থকা অৱস্থাত চাৰিজনক আটক কৰে স্থানীয় ৰাইজে ৷ ইতিমধ্যে লোক কেইজনক আৰক্ষীক গতাই দিছে ৰাইজে ৷

ডিব্ৰুগড়ত মূল্যৱান গছ কাটি থকা অৱস্থাত চাৰিজনক আটক

ডিব্ৰুগড়ৰ তেলপানী বনাঞ্চলত অবাধে চলিছে বন ধ্বংস যজ্ঞ । ইফালে চোৰাং কাঠ সৰবৰাহকাৰীয়ে এফালৰ পৰা কাটি গৈছে বহু মুল্যৱান গছ-গছনি ৷ এক গোপন সূত্ৰৰ পম খেদি ৰাইজৰ সহযোগত আৰক্ষীয়ে এক অভিযান চলায় ৷ উক্ত অভিযানত বনাঞ্চলখনত মূল্যৱান গছ কাটি থকা অৱস্থাত চাৰিজন চোৰাং কাঠ সৰবৰাহকাৰীক আটক হয় । ধৃত লোক কেইজন চহৰীকটাৰ হিৰণ্য দাস,জগন্নাথ দাস,লক্ষীন্দ দাস আৰু সুৰজ দাস বুলি চিনাক্ত কৰা হৈছে । ডিব্ৰুগড় বন বিভাগে চাৰিজনৰ বিৰুদ্ধে বন আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে । আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক- জোনাই আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.