নিউজ ডেস্ক, 30 মে': উত্তৰ প্ৰদেশত এগৰাকী 32 বছৰীয়া এগৰাকী বিবাহিত মহিলা দলবদ্ধ ধৰ্ষণৰ বলি হ'বলগীয়া হয় ।
জ্ঞানপুৰৰ ৰাজহ চক্ৰ বিষয়া কালু সিঙে অৱগত কৰা অনুসৰি মহিলা গৰাকীয়ে অভিযোগত লিখে যে, 10 মে'ৰ দিনা মহিলাগৰাকীয়ে জংঘললৈ খৰি লুৰিব যাওঁতে চাৰিটা ড্ৰাগছ আসক্ত যুৱকৰ মুখামুখি হয় । চনু বিন্দ, দীপক সিং, আচ্ছে লাল আৰু মাধৱ যাদব নামৰ চাৰিজনে মহিলাগৰাকীক অকলশৰে পাই দলবদ্ধভাৱে ধৰ্ষণ কৰে আৰু এই দুষ্কাৰ্য মোবাইলত আৱদ্ধ কৰি ৰাখে ।
মহিলা গৰাকীয়ে ঘটনা সম্পৰ্কে কাৰোবাক কলেই তেওঁৰ স্বামীক হত্যা কৰা হ'ব বুলি ভীতিগ্ৰস্থ কৰে । অৱশেষত গিৰিয়েকৰ জিদত তেওঁ শুকুৰবাৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে । আনহাতে চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে, আৰক্ষীয়ে দুষ্কৃতিকাৰী কেইজনক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ চেষ্টা চলাই আছে ।