ETV Bharat / jagte-raho

পালঘৰ সাধু গণহত্যা গোচৰত আৰু 19ক গ্ৰেপ্তাৰ - 19 more arrested in Palghar Case

মহাৰাষ্ট্ৰৰ পালঘৰত আৰক্ষীৰ সন্মুখতেই হত্যা কৰা হৈছিল দুগৰাকী সাধু আৰু তেওঁলোকৰ গাড়ীচালকক ৷ এই ঘটনাৰ সৈতে জড়িত থকা আৰু 19 গৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

পালঘৰ সাধু গণহত্যা গোচৰত আৰু 19ক গ্ৰেপ্তাৰ

author img

By

Published : Dec 24, 2020, 6:00 PM IST

নিউজ ডেস্ক, 24 ডিচেম্বৰ : মহাৰাষ্ট্ৰ আৰক্ষীৰ চিআইডিয়ে পালঘৰত সংঘটিত হোৱা গণহত্যাৰ গোচৰত আৰু 19 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ৷ চলিত বৰ্ষৰ এপ্ৰিল মাহত পালঘৰত দুগৰাকী সাধু আৰু তেওঁলোকৰ গাড়ীচালকক আৰক্ষীৰ সন্মুখতেই নৃংশসভাৱে হত্যা কৰিছিল এদল উন্মাদ লোকে ৷ এই ঘটনাৰ পিচতেই আৰক্ষীৰ ওপৰতো সন্দেহৰ প্ৰশ্ন উত্থাপন হৈছিল ৷

এনে অৱস্থাত এই ঘটনাৰ সৈতে জড়িত থকা 19 গৰাকী লোকৰ গ্ৰেপ্তাৰে পুনৰ সংবাদ শীৰ্ষ দখল কৰিছে ৷ গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত এগৰাকী 70 বছৰীয়া বৃদ্ধও আছে ৷

বিগত 16 এপ্ৰিলত সংঘটিত হোৱা এই ঘটনাত পাঁচগৰাকী নাবালকো গ্ৰেপ্তাৰ হৈছে ৷ গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত এগৰাকী এম টেক ডিগ্ৰীধাৰী আৰু এগৰাকী মেনেজাৰো আছে ৷ এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এতিয়ালৈকে 248 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইয়াৰে 105 গৰাকীয়ে জামিন লাভ কৰিছে ৷

16 এপ্ৰিলৰ দিনা মুম্বাইৰ কান্দিবলিৰ পৰা তিনিজন লোকে এক অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ বাবে গুজৰাটৰ চুৰাতলৈ গৈ থকাৰ অৱস্থাত এই ঘটনা সংঘটিত হয় ৷ চোৰৰ সন্দেহত পালঘৰৰ এখন গাঁৱত গাড়ী ৰখাই তেওঁলোকক বাহিৰলৈ উলিয়াই অনাৰ লগতে লাঠিৰে কোবাই কোবাই হত্যা কৰা হৈছিল ৷ মৃত লোককেইজনক চিকনে মহাৰাজ কল্পভ্ৰুকশাগিৰি (70), সুশীলগিৰি মহাৰাজ (35) আৰু তেওঁলোকৰ চালক নিলেশ তেলগাড়ে (30) বুলি চিনাক্ত হৈছিল ৷

বোম্বে উচ্চ ন্য়ায়ালয়ত মুম্বাইৰ এগৰাকী অধিবক্তা ঘনশ্যাম উপাধ্যায়ে দাখিল কৰা আবেদনৰ ভিত্তিত 29 এপ্ৰিলত ৩৫ গৰাকী আৰক্ষীক বদলিৰ নিৰ্দেশনা প্ৰদান কৰে আদালতে । অধিবক্তাগৰাকীয়ে সমগ্ৰ ঘটনাৰ তদন্তৰ ভাৰ মহাৰাষ্ট্ৰ আৰক্ষীৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াক দিবলৈ কৈছিল । ইয়াৰ পিচতেই 1 মে’ত উচ্চতম ন্যায়ালয়ে ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰ আৰক্ষীক নিজৰ স্থিতি অৱগত কৰাৰ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্য়ে দুজন আৰক্ষী বিষয়াত বৰ্খাস্ত কৰাৰ লগতে অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত মহানিৰ্দেশক অতুলচন্দ্ৰ কুলকাৰ্ণীক এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক : মহাৰাষ্ট্ৰ চৰকাৰক পালঘৰ গণহত্যাৰ প্ৰতিবেদন দিয়াৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.