ETV Bharat / international

Worlds oldest person: বিশ্বযুদ্ধ আৰু কৰ’ণাক প্ৰতিহত কৰি শতিকা গৰকা এগৰাকী আইতা

author img

By

Published : Jan 20, 2023, 1:01 PM IST

পৃথিৱীৰ ভিতৰত আটাইতকৈ বৃদ্ধ লোকগৰাকী কোন আপুনি জানেনে ? বিশ্বযুদ্ধ আৰু কৰ’ণা মহামাৰীকো প্ৰতিহত কৰি 115 বছৰ ধৰি জীয়াই থকা এইগৰাকী জীৱন্ত কিংবদন্তিস্বৰূপ আইতা (Grand old age of 115 years 321 days)৷ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডতো অভিলেখ স্থাপন কৰিছে এইগৰাকী আইতাই (Worlds oldest person Maria Branyas Morera)৷

World's oldest person Spanish woman survived both world wars Spanish Flu and COVID pandemics
শতিকা গৰকা এগৰাকী আইতা

আন্তঃৰাষ্ট্ৰীয় ডেক্স, 20 জানুৱাৰী: ৰাখে হৰি মাৰে কোনে ? অসমীয়াৰ এই আপ্তাবাক্যশাৰী যেন সঁচা বুলি প্ৰমাণিত কৰিলে এগৰাকী আইতাই (All about Worlds oldest person )৷ বিশ্বযুদ্ধ আৰু কৰ’ণাৰ দৰে মাৰাত্মক মহামাৰীকো প্ৰতিহত কৰি শতিকা গৰকা এগৰাকী আইতা ৷ স্পেনিছৰ মাৰিয়া ব্ৰানিয়াছ নামৰ মোৰেৰা নামৰ এইগৰাকী আইতাৰ বয়স 115 বছৰ 321 দিন (Grand old age of 115 years 321 days)৷

2020 চনৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত (Guinness World Records) বিশ্বৰ ভিতৰতে সৰ্বাধিক বছৰ জীৱিত লোক হিচাপে অভিলেখ গঢ়িছে এইগৰাকী আইতাই (Worlds oldest person Maria Branyas Morera) ৷ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ অনুসৰি 115 বছৰ বয়সৰ লুচিল ৰেণ্ডনৰ মৃত্যুৰ পিছত জীৱিত অৱস্থাত থকা পৃথিৱীৰ আটাইতকৈ বৃদ্ধ মহিলাগৰাকীয়েই হৈছে মাৰিয়া ৷

১৯০৭ চনৰ ৪ মাৰ্চ তাৰিখে কেলিফৰ্ণিয়াৰ চান ফ্ৰাঞ্চিস্কোত জন্ম গ্ৰহণ কৰিছিল মাৰিয়াই (Worlds oldest living person Maria Branyas Morera) ৷ পিতৃ-মাতৃয়ে আমেৰিকালৈ প্ৰব্ৰজন কৰাৰ এবছৰ পিছত মাৰিয়াৰ জন্ম হোৱাৰ কথা উল্লেখ কৰি টুইটাৰত এইদৰে কয়: "মই বৃদ্ধ, কিন্তু মূৰ্খ নহয়।" পুনৰ লিখিলে এইদৰে, আঠ বছৰৰ পিছত তেওঁলোকে স্পেইনলৈ উভতি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ তাৰ পিছতে তেওঁলোকে কাটালোনিয়াত বসতি স্থাপন কৰে । 2023 চনৰ জানুৱাৰী 20 তাৰিখলৈকে মোৰেৰাৰ বয়স 115 বছৰ 322 দিন (Maria Branyas Morera Spanish woman oldest human)।

  • Después de la muerte de la francesa Lucile Randon, la nueva persona viva más longeva del mundo es María Branyas Morera (nacida el 4 de marzo de 1907 en Estados Unidos), de 115 años y 319 días, vive en la ciudad de Olot, Cataluña, España. pic.twitter.com/wdJGWE2Sn2

    — LongeviQuest Supercentenarios (@Supercentenaria) January 17, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

যোৱা 22 বছৰ ধৰি মাৰিয়াই ৰিচিভক্ৰীমচিয়া ছাণ্টা María ডেল টুৰাৰ এখন নাৰ্চিং হোমত বাস কৰি আছে ৷ লগতে তেওঁৰ সুস্থিৰ অৱস্থাত আছে ৷ মাৰিয়াই ২০১৯ চনত এটা একাউন্ট খুলি সামাজিক মাধ্যম টুইটাৰৰ লগত জড়িত হৈ পৰিছিল আৰু তাৰ পিছতে তেওঁৰ কন্যা মুক্তাই একাউণ্টটো চোৱা চিতা কৰিবলৈ আৰম্ভ কৰে ৷ মাৰিয়াই টুইটাৰত এক পোষ্ট যোগে উল্লেখ কৰিছিল যে তেওঁ ইমান বছৰে জীয়াই থকাৰ অঁৰৰ কাৰণ হ’ল শৃংখলা, প্ৰশান্তি, পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে ভাল সম্পৰ্ক, প্ৰকৃতিৰ সৈতে সম্পৰ্ক, আৱেগিক স্থিৰতা, কোনো মানসিক চিন্তা নাই, কোনো অনুশোচনা নাই, ইতিবাচকতা আৰু নেতিবাচক লোকৰ পৰা আঁতৰি থকা। মই ভাৱো দীৰ্ঘজীৱন লাভ কৰাতো ভাগ্যবান হোৱাৰ দৰে কথা ৷ ভাগ্য আৰু সুস্থ আনুবংশিকতা ৷

  • evitar el retard de la núvia”. Però el destí ens tenia preparada una mala jugada. Hores esperant al capellà, fins que arribà un senyor i ens diu que el capellà no vindrà, perquè s’ha mort. Quin daltabaix! No hi havia telèfon. Un cotxe va tenir que baixar fins a Girona a buscar 👇 pic.twitter.com/qfNDw6zUCU

    — Super Àvia Catalana (@MariaBranyas112) November 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মাৰিয়া ব্ৰানিয়াছ মোৰেৰাৰ জীৱনগাঁথা (Life of Maria Branyas Morera):

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, মাৰিয়াৰ পিতৃ আমেৰিকাৰ পৰা স্পেইনলৈ কৰা ট্ৰান্সাণ্টালাণ্টিক যাত্ৰাতে গুৰুতৰ অসুখত ভুগিছিল ৷ যাত্ৰাৰ শেষৰ ফালে তেওঁ পালমোনাৰী যক্ষ্মাৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল । ইফালে মাৰিয়াই তেওঁৰ ভাতৃসকলৰ সৈতে খেলি থাকোতে জাহাজৰ পৰা পৰি আঘাতপ্ৰাপ্ত হৈছিল ৷ যাৰ ফলত তেওঁৰ এখন কাণে শ্ৰৱণ শক্তি হেৰুৱাই পেলাইছিল। মাৰিয়াৰ পৰিয়ালটো ১৯১৫ চনত প্ৰথম বিশ্বযুদ্ধৰ সময়ত বাৰ্চিলোনাত উপস্থিত হৈছিল ।

মাৰিয়াৰ তিনিটা সন্তান, ১১ টা নাতি-নাতিনী আৰু ১৩ টা আজো নাতি-নাতিনী আছে। তেওঁৰ স্বামী জোন মৰেট নামৰ এজন কাতালান চিকিৎসক আছিল ৷ 1931 চনত মাৰিয়া আৰু জোনে বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেওঁলোকৰ বিবাহৰ দিনটো ঘটনাবহুল বুলি প্ৰমাণিত হৈছিল, কিয়নো পুৰোহিতৰ বাবে কেইবা ঘণ্টা অপেক্ষা কৰাৰ পিছত দম্পতীটোক পুৰোহিতজন অপ্ৰত্যাশিতভাৱে মৃত্যুবৰণ কৰা বুলি জনোৱা হৈছিল ৷ এই খবৰৰ পিছতে মাৰিয়া আৰু স্বামীয়ে বিবাহৰ বাবে অন্য পুৰোহিতক বিচাৰিব লগা হৈছিল ৷

উল্লেখ্য যে মাৰিয়াই ২০২০ চনত তেওঁৰ ১১৩ তম জন্মদিন উদযাপন কৰাৰ পিছতেই কৰ’ণা ভাইৰাছত সংক্ৰমিত হৈছিল যদিও তেওঁ কেইদিনমানৰ ভিতৰতে আৰোগ্য হৈ উঠিছিল । ক’ভিড 19 ত আক্ৰান্ত হোৱা আটাইতকৈ বৃদ্ধ লোকৰ খিতাপ লাভ কৰিছিল মাৰিয়াই (Who is the oldest person alive in earth is Spanish woman) ৷ যদিও পৰৱৰ্তী সময়ত লুচিল ৰেণ্ডনে এই অভিলেখ ভংগ কৰে ৷ লুচিল ৰেণ্ডনে 118 বয়সত মৃত্যুবৰণ কৰিছিল ৷

লগতে পঢ়ক: Fuel Efficient Aircraft Design : নাছা আৰু বয়িঙৰ যৌথ উদ্যোগত আহিব অধিক ইন্ধন দক্ষ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.