ETV Bharat / international

Monkeypox global public health emergency : মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা WHOৰ

author img

By

Published : Jul 24, 2022, 10:56 AM IST

দেশজুৰি অব্যাহত আছে ক’ৰণা মহামাৰীৰ প্ৰকোপ ৷ কিন্তু ইয়াৰ মাজতে এইবাৰ মাংকিপক্সে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে ৷ আফ্ৰিকাত মাংকিপক্সৰ ফলত মৃত্যু হোৱাৰো খবৰ পোৱা হৈছে (Monkeypox In India)৷ যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷

World Health Organisation declares monkeypox global public health emergency
বিশ্ব স্বাস্থ্য সন্থাৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছ

নিউজ ডেস্ক, 24 জুলাই : বিশ্ব স্বাস্থ্য সংস্থাই শনিবাৰে মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰে(Monkeypox Global public health emergency) । সংস্থাটোৱে সদৰি কৰা অনুসৰি, বিশ্বৰ 75 খন দেশ আৰু বিভিন্ন অঞ্চলৰ পৰা বৰ্তমানলৈ প্ৰায় 16 হাজাৰ মাংকিপক্সৰ ঘটনা পোহৰলৈ আহিছে ৷ যাৰবাবে এতিয়া স্বাস্থ্যজনিত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে (Monkeypox Global public health emergency) । বিশ্ব স্বাস্থ্য সন্থাৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰোছ অধানম ঘেব্ৰিয়েচাছে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই ইউৰোপীয় দেশৰ বাহিৰে বিশ্বব্যাপী আন আন অঞ্চলত মাংকিপক্সৰ আশংকা মধ্যমীয়া বুলি জানিবলৈ দিয়ে ৷

সঞ্চালক প্ৰধানগৰাকীয়ে মাংকিপক্সৰ অধিক আন্তঃৰাষ্ট্ৰীয় সংক্ৰমণৰ আশংকা থকাৰ কথা ব্যক্ত কৰি এই মুহূৰ্তত ইয়াক গ্ল’বেল ইমাৰ্জেন্সী ঘোষণা কৰাৰ বিকল্প নাই বুলি সদৰি কৰে । অৱশ্যে আন্তঃৰাষ্ট্ৰীয় যাতায়তৰ ক্ষেত্ৰত ইয়াৰ বিপদাশংকা কম বুলিও তেওঁ জানিবলৈ দিয়ে । কিন্তু ইয়াৰ প্ৰাদুৰ্ভাৱ বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাইছে, যাৰবাবে ইয়াক বিশ্বব্যাপী জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ৷

  • "For all of these reasons, I have decided that the global #monkeypox outbreak represents a public health emergency of international concern," says WHO DG Dr Tedros Adhanom pic.twitter.com/USzn5CIQE2

    — ANI (@ANI) July 23, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ মতে, চলিত বৰ্ষৰ মে’ মাহৰ পৰা বিশ্বৰ 74 খন দেশত 16 হাজাৰৰো অধিক মাংকিপক্সৰ ঘটনা সংঘটিত হৈছে । ভাৰতৰ কেৰালা ৰাজ্যত বৰ্তমানলৈকে 3 গৰাকী লোকৰ দেহত এই ৰোগ ধৰা পৰিছে ৷

আফ্ৰিকাত মাংকিপক্সৰ এক বিপদজনক প্ৰকৰণ বিয়পি পৰিছে আৰু বৰ্তমানলৈকে কেৱল দেশখনতহে মাংকিপক্সৰ ফলত হোৱা মৃত্যুৰ খবৰ পোৱা হৈছে ৷ অৱশ্যে নাইজেৰিয়া আৰু কংগোত ইয়াৰ সংক্ৰমণ অধিক হৈছে । আফ্ৰিকাত মাংকিপক্স মুখ্যতঃ বন্য জন্তু যেনে নিগনিৰ মানুহৰ দেহলৈ বিয়পিছে ৷ আনহাতে ইউৰোপ, উত্তৰ আমেৰিকা আৰু আন আন ঠাইত জীৱ-জন্তুৰ লগত কোনো সম্পৰ্ক নথকা লোকলৈও মাংকিপক্স বিয়পি পৰিছে অথবা তেওঁলোকে শেহতীয়াকৈ আফ্ৰিকা ভ্ৰমণো কৰা নাই ।

লগতে পঢ়ক : Monkey pox infection : মাঙ্কিপক্স সংক্ৰমণৰ বিষয়ে জানিবলগীয়া কথাবোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.