ETV Bharat / international

Yevgeny Prigozhin: পুটিনক প্ৰত্যাহ্বান জনাই অভ্যুত্থান কৰা য়েভগেনি প্ৰিগোজিন কোন ? - vladimir putin

ৰাছিয়াৰ ৰাষ্ট্ৰ প্ৰধানক পুটিনক প্ৰত্য়াহ্বান তেওঁৰেই এসময়ৰ বিশ্বস্ত সহযোগীৰ ৷ কিন্তু পুটিনকো কেৰেপ নকৰা কোন এইগৰাকী ব্যক্তি ? সৱিশেষ এই প্ৰতিবেদনত ৷

Yevgeny Prigozhin
Yevgeny Prigozhin
author img

By

Published : Jun 24, 2023, 7:02 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 24 জুন: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত প্ৰায় এবছৰ ধৰি যুদ্ধ অব্যাহত আছে ৷ এই যুদ্ধৰ সময়ত দুয়োখন দেশে অৰ্থনৈতিক আৰু প্ৰাণহানিৰ সন্মুখীন হৈছে ৷ একে সময়তে, এই দুয়োখন দেশৰ মাজত চলি থকা যুদ্ধৰ সময়ত, ৱাগনাৰ গোটৰ আলোচনাও পূৰ্ণ গতিত চলি আছে ৷

ইয়াৰ মাজতে ৱাগনাৰ গ্ৰুপে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে অভ্যুত্থানৰ ঘোষণা কৰিছে ৷ তথ্য অনুসৰি বহু সংখ্যক ৱাগনাৰ গোটৰ যুঁজাৰু মস্কো অভিমুখে আগবাঢ়িছে ৷ ৰাছিয়াৰ সেনাইও তেওঁলোকক বাধা দিয়াৰ বৃহৎ বেৰিকেড স্থাপন কৰিছে ৷ ৰাছিয়াৰ ৰোষ্টভ চহৰত ৰাছিয়াৰ সেনা আৰু ৱাগনাৰ গোটৰ মাজত ভয়ংকৰ যুদ্ধ হোৱাৰ খবৰো পোৱা গৈছে ৷

ৱাগনাৰ গ্ৰুপক এসময়ত পুটিনৰ ব্যক্তিগত সেনা বুলি কোৱা হৈছিল ৷ দলটোৰ যুঁজাৰুসকলে ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক বাহিনীৰ সৈতেও যুদ্ধ কৰিছে ৷ কিন্তু এতিয়া ৱাগনাৰ গ্ৰুপৰ সৰ্বেসৰ্বা য়েভগেনি প্ৰিগোজিনে ভাবুকি প্ৰদান কৰিছে পুটিনক ৷ তেওঁৰ ভাবুকিত স্বাভাৱিকতেই শংকিত হৈ পৰিছে পুটিন আৰু এই ভাবুকিক গুৰুত্বপূৰ্ণ হিচাবে গ্ৰহণ কৰা হৈছে ৷

পুটিনক ভাবুকি দিয়া য়েভগেনি প্ৰিগোজিন কোন?

য়েভগেনি প্ৰিগোজিন পুটিনতকৈ কনিষ্ঠ ৷ প্ৰিগোজিনৰ জন্ম ১৯৬১ চনত লেনিনগ্ৰাডত হৈছিল ৷ সেই চহৰখন বৰ্তমান ছেইণ্ট পিটাৰ্ছবাৰ্গ নামেৰে জনাজাত ৷ প্ৰিগোজিন সৰু হৈ থকা অৱস্থাত তেওঁৰ পিতৃৰ মৃত্যু হয় ৷

প্ৰিগোজিনৰ মাতৃয়ে এখন চিকিৎসালয়ত কাম কৰিছিল ৷ প্ৰাথমিক শিক্ষাৰ পিচত প্ৰিগোজিনে ক্ৰীড়া একাডেমীত যোগদান কৰে ৷ কিন্তু তেওঁ এজন পেছাদাৰী খেলুৱৈ হিচাবে স্থান লাভ কৰিব নোৱাৰিলে৷ স্কুলীয়া জীৱন শেষ কৰি পৰৱৰ্তী পৰ্যায়ত য়েভগেনি প্ৰিগোজিনে এটা ক্ষুদ্ৰ অপৰাধীৰ দলত যোগদান কৰে ৷

১৩ বছৰ ধৰি কাৰাগাৰত আছিল প্ৰিগোজিন-

লাহে লাহে য়েভগেনি প্ৰিগোজিনে অপৰাধমূলক কাম কৰিবলৈ আৰম্ভ কৰে ৷ প্ৰিগোজিনে কেইবাটাও ঘৰত ডকাইতি সংঘটিত কৰে ৷ ১৯৮১ চনত ৰাছিয়াৰ এখন আদালতে য়েভগেনি প্ৰিগোজিনক ডকাইতিৰ বাবে ১৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে ৷ ইয়াৰ পিচত, প্ৰিগোজিন প্ৰায় এক দশক কাৰাবন্দী হৈ থাকে ৷

ছোভিয়েত ইউনিয়ন ভংগ হোৱাৰ সময়ত ১৯৯০ চনত য়েভগেনি প্ৰিগোজিনক কাৰাগাৰৰ পৰা মুক্তি দিয়া হয় । প্ৰিগোজিন তেতিয়া ছেইণ্ট পিটাৰ্ছবাৰ্গলৈ উভতি আহে ৷ সেই সময়ত ৰাছিয়াত বহু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছিল ৷

চুপাৰমাৰ্কেটৰ অংশীদাৰী হিচাবে আত্মপ্ৰকাশ-

প্ৰিগোজিনে প্ৰথমে এখন চুপাৰমাৰ্কেটৰ কিছু শ্বেয়াৰ ক্ৰয় কৰে ৷ ১৯৯৫ চনত প্ৰিগোজিয়ে সিদ্ধান্ত লয় যে তেওঁ ৰেষ্টুৰেণ্টখন খুলিব ৷ ইয়াৰ বাবে, প্ৰিগোজিনে ব্ৰিটিছ হোটেল ‘চেইন’ৰ গৰাকী টনি গিয়াৰক সাক্ষাৎ কৰে ৷ ইয়াৰ পাচত তেওঁ এখন সুৰাৰ বিপণি আৰম্ভ কৰি ছেইণ্ট পিটাৰ্ছবাৰ্গৰ ভাচিলিয়েভস্কি দ্বীপত তেওঁৰ নতুন ৰেষ্টুৰেণ্ট ‘অল্ড কাষ্টমছ হাউচ’ আৰম্ভ কৰে ৷ লাহে লাহে এই ৰেষ্টুৰেণ্টখন যথেষ্ট জনপ্ৰিয় হৈ পৰে ৷ তেওঁৰ ৰেষ্টুৰেণ্টত ৰাছিয়াৰ ডাঙৰ ব্যৱসায়ী, আমোলা, ছেইণ্ট পিটাৰ্ছবাৰ্গৰ মেয়ৰ আৰু সেই সময়ৰ ডেপুটি মেয়ৰ ভ্লাডিমিৰ পুটিনেও তেওঁৰ বন্ধুবৰ্গৰ সৈতে আহাৰ গ্ৰহণ কৰিবলৈ অহা আৰম্ভ কৰে ৷

ৰেষ্টুৰেণ্টত পুটিনক সাক্ষাৎ-

এই সকলোবোৰৰ মাজতে, য়েভগেনি প্ৰিগোজিনে চেলিষ্ট মাষ্টিস্লাভ ৰোষ্ট্ৰোপোভিচক লগ পায় ৷ ৰোষ্ট্ৰোপোভিচে ২০০১ চনত তেওঁৰ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ ঘৰত স্পেইনৰ ৰাণীক আতিথ্য দিয়ে ৷ এই সময়ছোৱাত, য়েভগেনি প্ৰিগোজিনে তেওঁৰ ঘৰলৈ অহা সকলো অতিথিক সেৱা আগবঢ়োৱাৰ দায়িত্ব লাভ কৰে ৷

ৰোষ্ট্ৰোপোভিকে ২০০২ চনত তেওঁৰ ৭৫ তম জন্মদিনত লণ্ডনত এক বিশাল সংগীত অনুষ্ঠান অনুষ্ঠিত কৰিছিল । অনুষ্ঠানলৈ প্ৰিগোজিন আৰু তেওঁৰ পত্নীকো আমন্ত্ৰণ জনোৱা হৈছিল ৷ সেই সময়ত পুটিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি হয় ৷

পুটিনৰ শাসনকালৰ প্ৰাৰম্ভিক সময়ত, পুটিনে প্ৰায়ে তেওঁৰ গৃহচহৰ ছেইণ্ট পিটাৰ্ছবাৰ্গত বিদেশী গণ্যমান্য ব্যক্তিসকলক লগ কৰিবলৈ পছন্দ কৰিছিল আৰু তেওঁ কেতিয়াবা অতিথিসকলক ‘অল্ড কাষ্টমছ হাউচ’ লৈ গৈছিল ৷ এই সময়ছোৱাত, পুটিন আৰু প্ৰিগোজিনৰ বন্ধুত্ব বৃদ্ধি পাইছিল ৷

পুটিনে ৰাছিয়াত চৰকাৰী অনুষ্ঠানৰ বাবে আহাৰ যোগান ধৰাৰ ঠিকা প্ৰদান কৰে প্ৰিগোজিনক ৷ 2012 চনত, প্ৰিগোজিনে মস্কোৰ বিদ্যালয়সমূহক খাদ্য যোগান ধৰিবলৈ কেইবাটাও ডাঙৰ ঠিকা লাভ কৰে ৷

এনেদৰেই তেওঁ নিজৰ বুদ্ধিমত্তাৰ দ্বাৰা পুটিনৰ অতি ঘনিষ্ঠ হিচাবে আত্মপ্ৰকাশ কৰি ৱাগনাৰ গ্ৰুপৰ সৰ্বেসৰ্বা হৈ পৰিল প্ৰিগোজিন ৷

সামৰিক সংযোগ কি?

ইয়েভগেনি হৈছে ক্ৰেমলিন-সহযোগী ভাৰাতীয়া বাহিনী ৱাগনাৰ গ্ৰুপৰ গৰাকী যি বিশ্বজুৰি সংঘৰ্ষপূৰ্ণ স্থানত পুটিনৰ ৰাছিয়াৰ প্ৰভাৱৰ প্ৰক্ষেপণত কেন্দ্ৰীয় ভূমিকা পালন কৰিবলৈ কাম কৰি আহিছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় ইউনিয়ন, ৰাষ্ট্ৰসংঘ আদিয়ে দাবী কৰা অনুসৰি ৱাগনাৰ গ্ৰুপে বিশেষকৈ আফ্ৰিকাৰ দেশবোৰৰ সংঘৰ্ষপূৰ্ণ দেশবোৰত ভাৰাতীয়া বাহিনী হিচাবে নিয়োজিত হৈ আছে ৷ তথ্য অনুসৰি ৱাগনাৰ যোদ্ধাসকলে লাভজনক পৰিশোধৰ বিনিময়ত ৰাষ্ট্ৰীয় নেতাকলক সুৰক্ষা প্ৰদান কৰে ৷ তেওঁলোকে লোৱা প্ৰাপ্যৰ ভিতৰত সোণ বা অন্যান্য প্ৰাকৃতিক সম্পদৰ অংশও অন্তৰ্ভুক্ত থাকে ৷

জানিব পৰা মতে ৱাগনাৰ গ্ৰুপৰ সৈন্যই বাখমুট চহৰো দখল কৰিছে ৷ ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশৰ মাজত আটাইতকৈ ৰক্তক্ষয়ী সংঘৰ্ষ আৰু দীৰ্ঘতম যুদ্ধ সংঘটিত হৈছে এই চহৰখনত ৷ আমেৰিকা যুক্তৰাষ্ট্ৰই অনুমান কৰিছে যে ডিচেম্বৰৰ পৰা ইউক্ৰেইনত নিহত হোৱা ২০,০০০ ৰাছিয়ান সৈন্যৰ প্ৰায় আধা ৱাগনাৰ যুঁজাৰু আছিল ।

হিটলাৰৰ সৈতেও সম্পৰ্ক আছে ৱাগনাৰ গ্ৰুপৰ-

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৱাগনাৰ গ্ৰুপটো ডিমিত্ৰী উটকিনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল ৷ ডিমিত্ৰিয়ে ৰাছিয়াৰ চোৰাংচোৱা সংস্থাৰ বাবে কাম কৰিছিল আৰু তেওঁ এডল্ফ হিটলাৰক আদৰ্শ হিচাবে গণ্য কৰিছিল ৷ যাৰ বাবে এই গোটটোৰ হিটলাৰৰ সৈতেও সম্পৰ্ক আছে ৷ হিটলাৰে মিউজিক কম্পউজাৰ ৰিচাৰ্ড ৱাগনাৰক ভাল পাইছিল ৷ সেইবাবেই এই গোটটোৰ নাম ৱাগনাৰ ৰখা হৈছিল ৷

লগতে পঢ়ক: Russian mercenary leader hits back at Putin : যুঁজাৰুসকলে আত্মসমৰ্পণ নকৰে; প্ৰিগোজিনৰ পুটিনক প্ৰত্যুত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.