ETV Bharat / international

US Defence Secretary on NATO : ভাৰত-প্ৰশান্ত মহাসাগৰত নাটো প্ৰতিষ্ঠাৰ চেষ্টা কৰা নাই; আমেৰিকাৰ প্ৰতিৰক্ষা সচিব - US Defence Secretary India visit

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব তৃতীয় লিয়ড অষ্টিনে সোমবাৰে এই কথা পৰিষ্কাৰ কৰি দিয়ে যে আমেৰিকাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নাটো প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা নাই (US Defence Secretary on NATO row) । সোমবাৰে নতুন দিল্লীত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা আলোচনাৰ পিছত অষ্টিনে এক প্ৰেছ বিবৃতিত এই মন্তব্য কৰে ।

US Defence Secretary on NATO
US Defence Secretary on NATO
author img

By

Published : Jun 5, 2023, 6:43 PM IST

নিউজ ডেস্ক, ৫ জুন : চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নাটো সদৃশ সামৰিক মিত্ৰতা গঠনৰ সতৰ্কবাণী দিয়াৰ পিছতে এই প্ৰসংগত স্থিতি স্পষ্ট কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে (NATO like alliance in Asia Pacific) । চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ দাবীৰ এদিন পিছতে সোমবাৰে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব তৃতীয় লিয়ড অষ্টিনে (US Defence Secretary Llyod Austin III) এই ক্ষেত্ৰত পৰিষ্কাৰ কৰি দিয়ে যে আমেৰিকাই ভাৰত-প্ৰশান্ত মহাসাগৰত কোনো নাটো প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা নাই। এনে ধৰণৰ ভুল তথ্যই অঞ্চলটোত সংঘৰ্ষৰ সৃষ্টি কৰিব বুলিও তেওঁ কয় (US Defence Secretary on NATO row) । উল্লেখ্য, সোমবাৰে নতুন দিল্লীত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে হোৱা আলোচনাৰ পিছত অষ্টিনে সংবাদ মাধ্যমক দিয়া প্ৰেছ বিবৃতিত এই মন্তব্য কৰে (Defence minister Rajnath Singh) ।

  • Great to meet again with my friend @rajnathsingh and thank him for his unwavering commitment to U.S.-India defense relations.

    His leadership has helped paved the way for deeper collaboration, joint exercises, and technology sharing between our two countries. pic.twitter.com/uMuyS9DYtH

    — Secretary of Defense Lloyd J. Austin III (@SecDef) June 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবগৰাকী ৪ জুনত ছিংগাপুৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে আহি ভাৰতত উপস্থিত হৈছে (US Defence Secretary India visit) । এইটো হৈছে সচিব অষ্টিনৰ দ্বিতীয়টো ভাৰত ভ্ৰমণ । ইয়াৰ পূৰ্বে তেওঁ ২০২১ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল । চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্য সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবে কয়, "আমি ভাৰত-প্ৰশান্ত মহাসাগৰত কোনো নাটো প্ৰতিষ্ঠাৰ চেষ্টা কৰা নাই । বাণিজ্যৰ সমৃদ্ধি হয় আৰু ধাৰণাসমূহৰ আদান-প্ৰদান অব্যাহত ৰাখিবলৈ অঞ্চলটো যাতে খোলা আৰু মুক্ত হৈ থাকে তাৰ বাবে আমি সমভাবাদৰ্শৰ দেশসমূহৰ সৈতে কাম কৰি আছোঁ ।"

"ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল মুকলিমুৰীয়া কৰি ৰাখিবলৈ একেই দৃষ্টিভংগী পোষণ কৰি আহিছোঁ । আমি নিশ্চিত কৰিব বিচাৰোঁ যে এনেধৰণৰ ঘটনাবোৰ যাতে সংঘটিত নহয় তাৰ বাবে আমি যিমান সম্ভৱ সিমান কৰিম ।" প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে লগতে কয় । উল্লেখ্য যে দেওবাৰে ছিংগাপুৰত এক নিৰাপত্তা সন্মিলন অনুষ্ঠিত হয় । তাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিবগৰাকীও উপস্থিত আছিল । উক্ত বৈঠকত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী লি শ্বাংফুৱে (Chinese Defence Minister Li Shangfu) কয়, "এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নাটো সদৃশ মিত্ৰতাৰ বাবে জোৰ দিয়াৰ প্ৰয়াস হৈছে । যাৰ দ্বাৰা আঞ্চলিক দেশসমূহক অপহৰণ কৰা হ'ব আৰু সংঘৰ্ষ সৃষ্টিৰ পথ প্ৰশস্ত হ'ব ।"

টাইৱান ষ্ট্ৰেইটত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনা সামৰিক জাহাজবোৰ প্ৰায় ওচৰ চাপি যোৱাৰ এদিন পিছতে শ্বাংফুৱে এই মন্তব্য কৰে । আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে আউকুছৰ (Aukus group) এক সদস্য ৰাষ্ট্ৰ । এই গ্ৰুপত ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াও আছে । আনহাতে, আমেৰিকা কোৱাডৰো সদস্য। ইয়াত আছে জাপান, ভাৰত আৰু অষ্ট্ৰেলিয়া । এই গোটবোৰে অঞ্চলটোত বৰ্ধিত চীনা আক্ৰমণৰ মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিৰে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এটা মুক্ত আৰু নিয়ম-নিশ্চিত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ বাবে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অংশীদাৰিত্ব গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক :Oil Prices Hike : চৌডি আৰবে উৎপাদন হ্ৰাস ঘোষণাৰ পিছতে তেলৰ মূল্য বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.