ETV Bharat / international

Paris protest : হিংসাজৰ্জৰ পেৰিছ, প্ৰতিবাদৰ মাজতে এজন চৰকাৰী কৰ্মচাৰী নিহত - Paris violence

পেৰিছৰ লগতে ফ্ৰান্সৰ বিভিন্ন অঞ্চলত প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ঠায়ে ঠায়ে ৰাজপথত জ্বলিছে বাহন আৰু অট্টালিকা । কেয়েনত এগৰাকী ৫৪ বছৰীয়া চৰকাৰী কৰ্মচাৰী নিহত । অচিনাক্ত লোকৰ গুলীত নিহত কৰ্মচাৰীজন ।

Paris protest
প্ৰতিবাদৰ মাজতে এজন চৰকাৰী কৰ্মচাৰী নিহত
author img

By

Published : Jul 1, 2023, 12:25 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১ জুলাই : চতুৰ্থ দিনাও ফ্ৰান্সত অব্যাহত আছে অস্থিৰতা । ঠায়ে ঠায়ে পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰিছে । আৰক্ষীৰ বিৰুদ্ধে ৰাজপথত ওলাই অহা একাংশ লোকে বাহন আৰু অট্টালিকাত অগ্নিসংযোগ কৰিছে । পেৰিছৰ পৰা আৰম্ভ হোৱা এই পৰিস্থিতিয়ে এতিয়া ফ্ৰান্সৰ কেৰিবিয়ান অঞ্চলসমূহতো বিয়পি পৰিছে । মঙলবাৰে পেৰিছত আৰক্ষীৰ গুলীত এজন কিশোৰৰ মৃত্যুৰ পাছতে পেৰিছত উত্তেজনাৰ আৰম্ভ হৈছে । ৰাজপথত শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

প্ৰতিবাদৰ সমান্তৰালকৈ ঠায়ে ঠায়ে অগ্নিসংযোগ আৰু আতচবাজী কৰিছে প্ৰতিবাদকাৰীসকলে । যান-বাহন আইন উলংঘন কৰাৰ বাবে কিশোৰজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠিছিল । ইফালে অভিযুক্ত আৰক্ষীগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । কিশোৰজনৰ মৃত্যুৰ পাছতে ফ্ৰান্সৰ গিয়ানাত পৰিস্থিতি আটাইতকৈ ভয়ংকৰ হৈ পৰিছে ।

উল্লেখ্য যে নাহেল নামৰ কিশোৰজনক কেনেদৰে আৰক্ষীয়ে গুলীয়াইছিল সেই সকলো দৃশ্য কেমেৰাত বন্দী হৈছিল । সেই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে ফ্ৰান্সত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে । দেশখনৰ সাধাৰণ নাগৰিকসকলে আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । আৰক্ষীৰ অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰৰ আইনৰ সংশোধনৰো দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ।

প্ৰতিবাদকাৰীৰ আক্ৰমণৰ সন্মুখীন হৈছে বহু লোক । আনহাতে আৰক্ষী বিষয়াসকলক লক্ষ্য কৰি একাংশই গুলীচালনা কৰিছে । ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা ৰাজধানী কেয়েনত এগৰাকী ৫৪ বছৰীয়া চৰকাৰী কৰ্মচাৰী নিহত হয় । অচিনাক্ত লোকৰ গুলীত নিহত হয় লোকজন । ইফালে দক্ষিণ আমেৰিকাৰ সমীপৰ সৰু অঞ্চলটোত প্ৰতিবাদকাৰীসকলক প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষীৰ প্ৰচেষ্টা অব্যাহত আছিল । প্ৰতিবাদকাৰীয়ে ঠায়ে ঠায়ে অগ্নিসংযোগ কৰাৰ পাছত অঞ্চলটো ক'লা ধোঁৱাৰে আঁৱৰি আছিল ।

আৰক্ষীয়ে শুকুৰবাৰে জনোৱা মতে নিহত লোকজন চৰকাৰৰ মহ নিয়ন্ত্ৰণ কাৰ্যালয়ত কাম কৰিছিল । ঘৰৰ বাৰান্দাত বহি থকাৰ সময়তে হঠাৎ অহা গুলীয়ে আঘাত কৰে লোকজনক । ফ্ৰান্স আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে ২৭০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে অতিৰিক্ত ৪৫,০০০ আৰক্ষী মোতায়েনৰ ঘোষণা কৰিছে ।

লগতে পঢ়ক :France Protest : আৰক্ষীৰ গুলীত নিহত কিশোৰ, জ্বলিছে পেৰিছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.