ETV Bharat / international

Protest urging ceasefire in Gaza : গাজাত যুদ্ধবিৰতিৰ দাবীত আমেৰিকাত প্ৰতিবাদ - Israel Hamas war

ইজৰাইল আৰু হামাছৰ সংঘৰ্ষৰ ফলত গাজাত অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে । গাজাত যুদ্ধবিৰতি ঘোষণা কৰিবলৈ বিভিন্ন পক্ষই দাবী জনাইছে । বিষয়টো আমেৰিকা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ একাংশ লোকে কেপিটল হিলত প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest urging ceasefire in Gaza
গাজাত যুদ্ধবিৰতিৰ দাবীত আমেৰিকাত প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 3:42 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,১৯ অক্টোবৰ : ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষ অব্যাহত আছে । এই সংঘৰ্ষৰ মাজতে আমেৰিকাত তীব্ৰ আক্ৰমণ । যুদ্ধবিৰতিৰ দাবীত নেশ্যনেল মলত একাংশ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অৱশ্যে ইউএছ কেপিটল আৰক্ষীয়ে একাংশ প্ৰতিবাদকাৰীক আটক কৰে । ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ আহ্বান জনাই বৃহৎ সংখ্যক লোকে হাউচ কাৰ্যালয়ৰ এটা ভৱন ঘেৰাও কৰে । ফলস্বৰূপে কেপিটল কমপ্লেক্সলৈ ৰাজহুৱা প্ৰৱেশত বাধাৰ সৃষ্টি কৰে ।

কেপিটল হিলৰ কৰ্মচাৰীয়ে জনোৱা মতে প্ৰতিবাদ আৰম্ভ হোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক মুখ্য প্ৰৱেশদ্বাৰ আৰু প্ৰস্থান দুৱাৰ প্ৰত্যাহাৰ কৰি সুৰংগ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে । জানিব পৰা মতে ইহুদী সংগঠনৰ সদস্যবোৰে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে । যিকোনো প্ৰকাৰে যুদ্ধবিৰতি ঘোষণা কৰিব লাগে বুলি প্ৰতিবাদকাৰীসকলে দাবী জনায় । হাউচ চাৰ্জেণ্ট-এট-আৰ্মে কংগ্ৰেছৰ কাৰ্যালয়লৈ বিভিন্ন দাবীৰে এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয় ।

অৱশ্যে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে বিভিন্ন পদক্ষেপ লয় । সতৰ্কতামূলক ব্যৱস্থা হিচাপে মঙলবাৰে নিশা কেপিটল ভৱনৰ চাৰিওফালে বেৰিকেড স্থাপন কৰা হয় ।

এটা দলে কেনন ৰোটুণ্ডাৰ ভিতৰতো প্ৰতিবাদ সাব্যস্ত কৰে । অৱশ্যে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে আটক কৰে আৰু এক বিবৃতিত কয় যে তাত প্ৰতিবাদৰ অনুমতি নাই । আৰক্ষীয়ে জনোৱা মতে প্ৰতিবাদকাৰীসকলক সতৰ্ক কৰি দিয়া হৈছিল । কিন্তু আৰক্ষীৰ আহ্বানৰ পাছতো তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখে । যাৰ বাবে আৰক্ষীয়ে তেওঁলোকক আটক কৰিবলৈ বাধ্য হয় ।

ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ঘোষণা কৰা মতে হামাছ সন্ত্ৰাসবাদী সংগঠনে সাধাৰণ জনতাক ঢাল হিচাপে ব্যৱহাৰ কৰিছে । তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত সাধাৰণ নাগৰিকৰ যথেষ্ট ক্ষতি হৈছে । আনহাতে ইজৰাইলে বৈধভাৱে সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈছে । তেওঁ লগতে দাবী কৰিছে যে সকলো সাধাৰণ নাগৰিকৰ মৃত্যুত হামাছক দায়বদ্ধ কৰা উচিত ।

লগতে পঢ়ক :Palestinian Refugees From Gaza : গাজাৰ পেলেষ্টাইনী শৰণাৰ্থীৰ মৰ্মন্তুদ কাহিনী; গ্ৰহণ কৰিবলৈ অনিচ্ছুক ইজিপ্ত, জৰ্ডান আৰু অন্যান্য আৰব দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.