ETV Bharat / international

US military aircraft crash: ভূমধ্য সাগৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, ৫ নিহত

শনিবাৰে পুৱা ভূমধ্য সাগৰত এক প্ৰশিক্ষণ দুৰ্ঘটনাৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ পাঁচজন জোৱানে অকাল মৃত্যুক সাৱটি লয় ৷

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 9:40 AM IST

Aircraft crashed
Etv Bharatআমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, ৫ নিহত

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 13 নৱেম্বৰ : প্ৰশিক্ষণৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়াসকলে দেওবাৰে প্ৰকাশ কৰা অনুসৰি, এটা প্ৰশিক্ষণ অভিযানৰ সময়ত পূৱ ভূমধ্য সাগৰৰ ওপৰেৰে এখন সামৰিক হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত পাঁচজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ জোৱান নিহত হয় । কমাণ্ডে জনোৱা অনুসৰি, সামৰিক প্ৰশিক্ষণৰ অংশ হিচাপে নিয়মীয়া এয়াৰ ৰিফুৱেলিং মিছনৰ সময়ত বিমানখন নামি যোৱাৰ ফলত বিমানখনত থকা পাঁচোজনকৈ ক্ৰুৱে কৰুণ মৃত্যুক সাৱটি লয় ৷

সামৰিক বাহিনীয়ে প্ৰথমে শনিবাৰে দুৰ্ঘটনাটোৰ কথা ঘোষণা কৰি দুৰ্ঘটনাৰ কাৰণৰ তদন্ত চলি আছে বুলি সদৰী কৰিছিল ৷ প্ৰাথমিক তদন্তত দুৰ্ঘটনাৰ আঁৰত কোনো প্ৰতিকূল কাৰ্যকলাপৰ কোনো তথ্য লাভ কৰা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে এক বিবৃতিত কয় যে, শনিবাৰে পুৱা ভূমধ্য সাগৰত এক প্ৰশিক্ষণৰ সময়ত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ পাঁচজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ জোৱানৰ অকাল মৃত্যুৰ বাবে আমি শোক প্ৰকাশ কৰিছো।

ইউৰোপীয় কমাণ্ডে কৈছিল যে জোৱানসকলৰ পৰিয়ালৰ প্ৰতি সন্মান ৰখাৰ বাবে আৰু প্ৰতিৰক্ষা বিভাগৰ নীতি অনুসৰি, নিহতসকলৰ পৰিয়ালক অৱগত নকৰালৈকে ক্ৰু সদস্যসকলৰ পৰিচয় 24 ঘণ্টাৰ বাবে গোপনে ৰখা হৈছে।

বিমানখন কোনটো সামৰিক সেৱাৰ আছিল সেয়া তাৎক্ষণিকভাৱে স্পষ্ট হোৱা নাই । বায়ু সেনাই অঞ্চলটোলৈ অতিৰিক্ত স্কোৱাড্ৰন প্ৰেৰণ কৰিছে ৷ এই বিমানসমূহে পূৱ ভূমধ্যসাগৰত দুৰ্ঘটনাৰ নিৰীক্ষণ কৰি আছে ৷

এই ঘটনা পোহৰলৈ অহাৰ পিচতে জোৱানকেইজনৰ ঘৰত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এতিয়ালৈ এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণ পোহৰলৈ অহা নাই যদিও তদন্তৰ পিচত প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি জোৱানকেইজনৰ পৰিয়ালৰ লোকে আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: Gaza Hamas clash: পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ গাজালৈ উৰা মাৰিলে ইজৰাইলৰ প্ৰতিৰক্ষা মুৰব্বী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.