ETV Bharat / international

হুথি বিদ্ৰোহীৰ শিবিৰত মিছাইলেৰে আক্ৰমণ আমেৰিকাৰ সেনাৰ

author img

By PTI

Published : Jan 18, 2024, 8:23 AM IST

US military launches launches another missiles : হুথি বিদ্ৰোহী দমনৰ বাবে আমেৰিকাই ল’লে বৃহৎ পদক্ষেপে ৷ বুধবাৰে য়েমেনত থকা হুথি বিদ্ৰোহী গোটৰ শিবিৰলৈ লক্ষ্য কৰি চাৰিবাৰকৈ মিছাইলেৰে আক্ৰমণ কৰে আমেৰিকাৰ সেনাই ৷

USA military launches another barrage of missiles against houthi
হুথি বিদ্ৰোহীৰ শিবিৰত মিছাইলেৰে আক্ৰমণ আমেৰিকাৰ সেনাৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 18 জানুৱাৰী : এইবাৰ হুথি বিদ্ৰোহীৰ বিৰুদ্ধে কঠোৰ হৈছে আমেৰিকা ৷ য়েমেনত থকা হুথি বিদ্ৰোহীৰ ঘাটিসমূহলৈ লক্ষ্য কৰি বুধবাৰে জাহাজ আৰু চাবমেৰিনৰ জৰিয়তে চাৰিবাৰকৈ মিছাইলেৰে আক্ৰমণৰ কৰে আমেৰিকাৰ সামৰিক বাহিনীয়ে ৷ উল্লেখ্য যে, লোহিত সাগৰত হুথি বিদ্ৰোহী গোটে আমেৰিকাৰ জাহাজক লক্ষ্য কৰি চলোৱা আক্ৰমণ বৃদ্ধি পাইছে ৷ তাৰ পিচতে বুধবাৰে আমেৰিকাৰ সামৰিক বাহিনীয়ে হুথি বিদ্ৰোহী গোটৰ শিবিৰলৈ লক্ষ্য কৰি চাৰিবাৰকৈ মিছাইল নিক্ষেপ কৰে ৷

ইফালে হামাছৰ সমৰ্থনত হুথি বিদ্ৰোহীয়ে লোহিত সাগৰত সংঘটিত কৰা হিংসাত্মক ঘটনাৰ বাবে বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ উদ্ভৱ হৈছে ৷ যাৰ বাবে ব্ৰিটেইন আৰু আমেৰিকাই যৌথভাবে হুথি বিদ্ৰোহীৰ বিৰুদ্ধে এয়াৰ ষ্টাইক চলাইছিল ৷

বুধবাৰৰ ঘটনাৰ সন্দৰ্ভত আমেৰিকাৰ সেনাই কয়, যেতিয়া য়েমেনৰ এটা হুথি নিয়ন্ত্ৰিত অঞ্চলৰ পৰা আমেৰিকাৰ মালবাহী জাহাজলৈ লক্ষ্য কৰি ড্ৰোন উৎক্ষেপণ কৰিছিল হুথি বিদ্ৰোহী গোটে ৷ এডেন উপসাগৰত আমেৰিকাৰ মালিকানাধীন আৰু পৰিচালিত এম ভি জেঙ্কো পিকাৰ্ডি নামৰ মালবাহী জাহাজত আক্ৰমণ চলাইছিল ৷ যাৰ বাবে হুথি বিদ্ৰোহীৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ বাধ্য হোৱা বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ সেনাই ৷

আনহাতে, আমেৰিকাই ইৰাণক হুথিসকলক অস্ত্ৰ প্ৰদান বন্ধ কৰিবলৈ সতৰ্কতা জাৰি কৰিছে । বুধবাৰে, পেন্টাগনৰ প্ৰেছ সচিব মেজৰ জেনেৰেল পেট ৰাইডাৰে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই পৰৱৰ্তী আক্ৰমণ প্ৰতিহত কৰিবলৈ সামৰিক পদক্ষেপ গ্ৰহণ কৰিব। তেওঁলোকে 50 খনতকৈও অধিক দেশৰ মালবাহী জাহাজত চলোৱা আক্ৰমণ প্ৰতিহত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

এফালে হামাছ-ইজৰাইল আৰু ৰাছিয়া-ইউক্ৰেইনে মাজত চলি থকা যুদ্ধ বন্ধৰ বাবে আহ্বান জনাই আহিছে আমেৰিকাই ৷ কিন্তু লোহিত সাগৰত আমেৰিকাই যুদ্ধৰ বাবে প্ৰস্তুতি চলোৱাৰ অভিযোগ কৰিছে বিভিন্ন ৰাষ্ট্ৰই ৷

লগতে পঢ়ক : হুথিসকলক বিশেষভাবে নিৰ্ধাৰিত বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিব আমেৰিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.