ETV Bharat / international

US airstrikes in eastern Syria : ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক

আমেৰিকাৰ সামৰিক বাহিনীয়ে পূৱ ছিৰিয়াত সন্ত্ৰাসবাদীৰ দুটাকৈ ঘাটিত আক্ৰমণ কৰে । আমেৰিকানৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ প্ৰতিশোধস্বৰূপে এই আক্ৰমণ সামৰিক বাহিনীৰ ।

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:38 AM IST

US airstrikes in eastern Syria
ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক

ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ : ইজৰাইল আৰু হামাছৰ সংঘৰ্ষ চলি থকাৰ মাজতে ইৰাণ সমৰ্থিত সংগঠনৰ বিৰুদ্ধে আমেৰিকাই বিমান আক্ৰমণ অব্যাহত ৰাখিছে । আমেৰিকা প্ৰশাসনৰ বিষয়াসকলৰ মতে দেশখনৰ সামৰিক বাহিনীয়ে পূৱ ছিৰিয়াত ইৰাণ সমৰ্থিত সংগঠনৰ সৈতে জড়িত দুটাকৈ স্থানত শেহতীয়াকৈ বিমান আক্ৰমণ চলাইছে । আমেৰিকাৰ সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদী সংগঠনটোৰ এটা প্ৰশিক্ষণ শিবিৰ আৰু এটা অস্ত্ৰ ভাণ্ডাৰক লক্ষ্য কৰি এই আক্ৰমণ চলাইছে ।

ইৰাক আৰু ছিৰিয়াত আমেৰিকাৰ সেনাৰ চাউনিত বৰ্ধিত আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমেৰিকাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছে । তাৰ পাছতে যোৱা দুসপ্তাহত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আমেৰিকাৰ এয়া তৃতীয়টো আক্ৰমণ । বিশেষকৈ লেবানন আৰু ছিৰিয়াত এনে সংঘৰ্ষবোৰে ভয়ংকৰ ৰূপ লৈছে ।

আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে এক বিবৃতিত কয় যে এই আক্ৰমণ আবুকামা আৰু মায়াদিনৰ সমীপত কৰা হৈছে । যিবোৰ স্থান ইৰাণৰ ৰেভলুউশ্যনাৰী গাৰ্ড কৰ্পৰ লগতে ইৰাণ সমৰ্থিত সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰি আহিছিল । অষ্টিনে লগতে কয় যে আমেৰিকানসকলক সুৰক্ষা দিয়াটো ৰাষ্ট্ৰপতিৰ প্ৰথম উদ্দেশ্য ।

এই আক্ৰমণৰ জৰিয়তে আমেৰিকাই স্পষ্ট ইংগিত দিছে যে তেওঁলোকৰ নাগৰিকৰ সুৰক্ষাৰ বাবে দেশখন যিকোনা পদক্ষেপ ল'ব পাৰে । আমেৰিকাৰ এগৰাকী বিষয়াই দাবী কৰিছে যে শেহতীয়াকৈ চলোৱা এই বিমান আক্ৰমণৰ লক্ষ্য স্থানবোৰৰ এটাত অস্ত্ৰ ভাণ্ডাৰ আছিল । বিষয়াগৰাকীয়ে লগতে কয় যে সন্ত্ৰাসবাদী সংগঠনবোৰে ১৭ অক্টোবৰৰ পৰা ইৰাক আৰু ছিৰিয়াত আমেৰিকাৰ কৰ্মচাৰীসকলৰ ওপৰত প্ৰায় ৫০ টা আক্ৰমণ চলাইছে । ইফালে এই আক্ৰমণবোৰত প্ৰায় ৫৬ গৰাকী আমেৰিকান নাগৰিক আহত হোৱাৰ কথা প্ৰকাশ পাইছে ।

লগতে পঢ়ক :Hezbollah rocket fire : হিজবুল্লাহৰ আক্ৰমণ, সেনা জোৱানসহ ১৭ ইজৰাইলী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.