ETV Bharat / international

Church vandalised in Pakistan: পাকিস্তানত গীৰ্জাঘৰত আক্ৰমণ, উদ্বিগ্ন আমেৰিকা

author img

By

Published : Aug 17, 2023, 10:22 AM IST

বহু বছৰ ধৰি পাকিস্তানত সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলি আছে । এইবাৰ পুনৰ গীৰ্জাঘৰত আক্ৰমণ হোৱা দেখা গৈছে । যাৰ বাবে ঘটনাৰ উচিত তদন্ত দাবী কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই ।

Vandalism of churches in Pakistan
পাকিস্তানত গীৰ্জাঘৰত আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ আগষ্ট : পাকিস্তানত গীৰ্জাঘৰত চলা আক্ৰমণক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া অব্যাহত অব্যাহত আছে । আমেৰিকা যুক্তৰাষ্ট্ৰইও ইয়াক লৈ উদ্বেগ প্ৰকাশ কৰিছে । পাকিস্তানত চলি থকা সংখ্যালঘুৰ ওপৰত আক্ৰমণ ৰোধ কৰাৰ লগতে ঘটনাৰ তদন্ত কৰিবলৈ আমেৰিকাই আহ্বান জনাইছে । মত প্ৰকাশৰ শান্তিপূৰ্ণ স্বাধীনতাক সমৰ্থন কৰিবলৈও আমেৰিকাই আহ্বান জনাইছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ প্ৰধান উপ মুখপাত্ৰ বেদান্ত পেটেলে কয় যে এই ক্ষেত্ৰত হিংসা বা ভাবুকিৰ ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য নহয় ।

বুধবাৰে পাকিস্তানৰ ফৈজালাবাদৰ জাৰানৱালা জিলাত একাধিক গীৰ্জাত আক্ৰমণ হোৱাৰ পাছতে আমেৰিকাৰ বিষয়াগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিষয়াগৰাকীয়ে সংবাদমাধ্যমক জনোৱা মতে এই ঘটনাক লৈ আমেৰিকা যথেষ্ট উদ্বিগ্ন । পাকিস্তানত কোৰাণৰ অপবিত্রতাৰ প্ৰতিক্ৰিয়া স্বৰূপে গীৰ্জাবোৰক লক্ষ্য কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে আমেৰিকাই সকলোৰে বাবে ধৰ্ম আৰু বিশ্বাসৰ স্বাধীনতাৰ অধিকাৰ সমৰ্থন কৰে । ধৰ্মীয় উদ্দেশ্য প্ৰণোদিত হিংসাৰ ঘটনাৰ বিষয়ে আমেৰিকা পূৰ্বৰে পৰা চিন্তিত হৈ আছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সেয়ে আমেৰিকা প্ৰশাসনে পাকিস্তানী চৰকাৰক এই অভিযোগসমূহৰ সম্পূৰ্ণ তদন্ত কৰি ইয়াত জড়িত সকলোৰে বাবে শান্তি প্ৰতিষ্ঠাৰ আহ্বান জনায় । ইফালে খ্ৰীষ্টান নেতাসকলে অভিযোগ কৰিছে যে আক্ৰমণৰ সময়ত আৰক্ষী নীৰৱ হৈ আছিল । পাকিস্তানৰ গীৰ্জাৰ সভাপতি বিশপ আজাদ মাৰ্চেলে কোৱা মতে খ্ৰীষ্টানসকলক অত্যাচাৰ আৰু হাৰাশাস্তি কৰা হৈছে ।

বিশপ মাৰ্চেলে কয় যে তেওঁলোকক আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ আহ্বান জনাইছে । লগতে তেওঁ নাগৰিকসকলৰ সুৰক্ষাৰো দাবী কৰিছে আৰু স্বাধীনতা দিৱস উদযাপন কৰা দেশখনত নাগৰিকসকলৰ জীৱন মূল্যৱান বুলিও তেওঁ দাবী কৰে ।

যোৱা মাহত, হিউমেন ৰাইটচ ফ'কাছ পাকিস্তানৰ অধ্যক্ষ নাভিদ ৱাল্টাৰে কোৱা মতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰাৰ পাছত পাকিস্তানত সংখ্যালঘুৰ জনসংখ্যা ২৩ শতাংশৰ পৰা ৩ শতাংশলৈ হ্ৰাস পাইছে ।

এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ জুন মাহত বাহাৱালপুৰৰ এখন স্থানীয় আদালতে এগৰাকী ২২ বছৰীয়া খ্ৰীষ্টান যুৱকক ব্লাচফেমিৰ অভিযোগত মৃত্যুদণ্ডও প্ৰদান কৰিছে । এই ৰায়টোৱে বিভিন্ন মানৱ অধিকাৰ কৰ্মী আৰু সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল ।

লগতে পঢ়ক :Terrorists in Pakistan: পাকিস্তানত সেনাৰ গুলীত নিহত দুই সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.