ETV Bharat / international

Israel Hamas War : ইজৰাইল-হামাছ যুদ্ধ সম্পৰ্কীয় প্ৰস্তাৱ গ্ৰহণত ব্যৰ্থ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ - Hamas Israel war

আমেৰিকাই গাজাত মানৱীয় বিৰতিৰ আহ্বান জনাইছে আনহাতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আন বহু সদস্যই মানৱীয় যুদ্ধবিৰতিৰ দাবী জনাইছে । ৰাষ্ট্ৰসংঘৰ মহাসচিবে গাজালৈ লৈ যোৱা বন্দীসকলক তাৎক্ষণিকভাৱে চৰ্তহীনভাৱে মুক্তি দিবলৈ আহ্বান জনাইছে ।

Israel Hamas War
যুদ্ধবিৰতিৰ বাবে প্ৰস্তাৱ গ্ৰহণত ব্যৰ্থ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 12:11 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৭ নৱেম্বৰ : ইজৰাইলী সামৰিক বাহিনী আৰু হামাছৰ সংঘৰ্ষ অব্যাহত আছে । গাজা ষ্টিপত ইজৰাইলী সেনাৰ আক্ৰমণো বৃদ্ধি পাইছে । দুয়োপক্ষৰ সংঘৰ্ষ প্ৰতিহত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সংস্থা বা আন আন দেশেও প্ৰচেষ্টা চলাইছে । যুদ্ধবিৰতি ঘোষণাৰ বাবে বাৰে বাৰে আহ্বান জনোৱা হৈছে যদিও ইজৰাইল চৰকাৰ নিজৰ স্থিতিত অটল আছে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদেও মাহজোৰা ইজৰাইল-হামাছ যুদ্ধৰ ওপৰত এক প্ৰস্তাৱত সন্মত হোৱাত পুনৰ ব্যৰ্থ হয় ।

সোমবাৰে দুঘণ্টাতকৈও অধিক সময় ৰুদ্ধদ্বাৰ বৈঠকৰ পাছতো কোনো সমাধান নহ'ল । আমেৰিকাই কেইবাবাৰো মানৱীয় দৃষ্টিভংগীৰে যুদ্ধবিৰতিৰ আহ্বান জনাইছে আনহাতে পৰিষদৰ আন বহু সদস্যইও অতি প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিবলৈ আৰু গাজাত অধিক সাধাৰণ লোকৰ মৃত্যু প্ৰতিহত কৰিবলৈ মানৱীয় যুদ্ধবিৰতি দাবী কৰিছে ।

আমেৰিকাৰ উপ ৰাষ্ট্ৰদূত ৰবাৰ্ট উডে বৈঠকৰ পাছত সাংবাদিকসকলক কয় যে তেওঁলোকে যুদ্ধ বিৰতিৰ বিষয়ে কথা পাতিছে । কিন্তু সেইটো গ্ৰহণযোগ্য নে নহয় সেই বিষয়ে পৰিষদৰ ভিতৰত মতভেদ আছে । ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে সোমবাৰে সাংবাদিকক কৈছিল যে তেওঁ গাজাত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতি বিচাৰে আৰু অধিকৃত পশ্চিম তীৰ, লেবানন আৰু ছিৰিয়াৰ পৰা ইৰাক আৰু য়েমেনলৈ ইতিমধ্যে যুদ্ধ বিয়পি যোৱা বন্ধ কৰিব বিচাৰে ।

গুটেৰেছে কৈছে যে আন্তৰ্জাতিক মানৱতাবাদী আইন স্পষ্টভাৱে উলংঘন কৰা হৈছে আৰু সশস্ত্ৰ সংঘৰ্ষৰ কোনো পক্ষই এই আইনৰ উৰ্ধত নহয় । তেওঁ ৭ অক্টোবৰৰ আক্ৰমণত হামাছে ইজৰাইলৰ পৰা গাজালৈ লৈ যোৱা বন্দীসকলক তাৎক্ষণিকভাৱে চৰ্তহীনভাৱে মুক্তি দিবলৈও আহ্বান জনাইছে ।

এই মাহত নিৰাপত্তা পৰিষদৰ সভাপতিত্বত অধিষ্ঠিত চীন আৰু পৰিষদৰ আৰৱ ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে গাজাত মানৱীয় সংকটৰ বাবে সোমবাৰৰ বৈঠক আহ্বান কৰে, য'ত এমাহৰো কম সময়ৰ ভিতৰত ১০,০০০ তকৈও অধিক নাগৰিক নিহত হৈছে । ইউএইৰ ৰাষ্ট্ৰদূত লানা নুচেইবেহে কৈছে যে পৰিষদৰ সকলো সদস্য সম্পূৰ্ণৰূপে জড়িত হৈ আছে আৰু সংঘৰ্ষ হ্ৰাস কৰিবলৈ আৰু এটা প্ৰস্তাৱত সন্মত হোৱাৰ চেষ্টা অব্যাহত আছে ।

লগতে পঢ়ক :Israel Hamas War : 'বন্দীসকলক মুকলি নকৰালৈ যুদ্ধবিৰতি ঘোষণা নহয়'-বেঞ্জামিন নেতান্যাহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.