ETV Bharat / international

Air Force planes crashed : বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত; 2 জন নিহত - কলম্বিয়াৰ বায়ুসেনাৰ দুখন বিমান

মধ্য কলম্বিয়াৰ মেটাৰ এপিয়া বায়ুসেনা ঘাটিত প্ৰশিক্ষণৰত অৱস্থাতে দুৰ্ঘটনাগ্ৰস্ত হ’ল কলম্বিয়াৰ বায়ুসেনাৰ দুখন বিমান । দুজন পাইলট নিহত ৷

Air Force planes crashed in central Colombia
বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : Jul 2, 2023, 10:41 AM IST

Updated : Jul 2, 2023, 2:25 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 2 জুলাই : প্ৰশিক্ষণৰত অৱস্থাতে বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত ৷ মধ্য কলম্বিয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে কলম্বিয়াৰ বায়ুসেনাৰ দুখন বিমান । হেৰাল্ডো ডেল নৰ্টেয়ে জনোৱা মতে, শনিবাৰে আপিয়ায় গাঁৱত বিমান দুখন দুৰ্ঘটনাগ্ৰস্ত হয় । বিমান দুখনৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হোৱা পৰিলক্ষিত হৈছে ৷ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’টোত দুখন বিমানৰ মাজত সংঘৰ্ষ হৈ মাটিত পৰা দেখিবলৈ পোৱা গৈছে ।

স্থানীয় ৰেডিঅ’ নেটৱৰ্ক ডব্লিউ ৰেডিঅ’ কলম্বিয়াই প্ৰকাশ কৰা অনুসৰি শনিবাৰে মধ্য কলম্বিয়াৰ মেটাৰ এপিয়া বায়ুসেনা ঘাটিত প্ৰশিক্ষণৰত অৱস্থাত থকা কলম্বিয়াৰ বায়ুসেনাৰ দুখন বিমানৰ মাজ আকাশত সংঘৰ্ষ হয় । দেশৰ বায়ুসেনাই প্ৰকাশ কৰা বিবৃতি অনুসৰি এই মাৰাত্মক দুৰ্ঘটনাটোৰ ফলত কমেও দুজন পাইলট নিহত হয় । মধ্য কলম্বিয়াৰ মেটাৰ এপিয়া বায়ুসেনা ঘাটিৰ সীমাৰ ভিতৰতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে ৷

উল্লেখ্য যে, স্কাইব্ৰেৰীয়ে জানিবলৈ দিয়া মতে, টি- 27 নামৰ বায়ুসেনাৰ বিমান দুখন ব্ৰাজিলৰ বায়ুসেনাৰ বাবে নিৰ্মাণ কৰা হৈছিল আৰু দক্ষিণ আমেৰিকাৰ বেছিভাগ বায়ুসেনাই ব্যৱহাৰ কৰিছিল এই টি- 27 বিমান । এই বিমানখনে চেছনা টি-37 ৰ স্থান গ্ৰহণ কৰে । ইজিপ্ত আৰু ইৰাক আছিল টি- 27 নামৰ বিমানখনৰ প্ৰথম বহিঃৰাজ্যৰ ৰপ্তানি গ্ৰাহক । টি- 27 বিমান দুৰ্ঘটনাৰ ভিডিঅ’ প্ৰকাশৰ সমান্তৰালভাৱে বিমানৰ পাইলট দুজনৰ মৃত্যুত সামাজিক মাধ্যমত বিভিন্নজনে শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, বিগত দিনটো বায়ুসেনাৰ বহুকেইখন বিমান দুৰ্ঘটনাত পতিত হৈছিল ৷

লগতে পঢ়ক : Akhil Gogoi Challenges to Assam CM : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান অখিল গগৈৰ

Last Updated : Jul 2, 2023, 2:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.