ETV Bharat / international

Bomb Blast In Istanbul: ইস্তানবুলত বোমা বিস্ফোৰণত নিহত 6, আহত 81

তুৰ্কীৰ ইস্তানবুলৰ এক সদাব্যস্ত ৰাজপথত কোনো সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণ ৷ এই বিস্ফোৰণত 6 গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে 81 গৰাকী লোক আহত (81 injured in bomb blast) হৈছে বুলি জানিব পৰা গৈছে (6 Died in Istanbul Bomb blast) ৷ উদ্ধাৰকাৰীদলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ৷

Turkish President calls bomb blast in Istanbul 'an Attack'; Confirms at least 6 dead
Bomb Blast In Istanbul: ইস্তানবুলত ভয়ংকৰ বোমা বিস্ফোৰণ: 6 নিহত, 81 আহত
author img

By

Published : Nov 14, 2022, 9:19 AM IST

Updated : Nov 14, 2022, 10:02 AM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 14 নৱেম্বৰ: তুৰ্কীত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ( Bomb blast in Istanbul)৷ দেওবাৰে তুৰ্কীৰ ইস্তানবুলৰ এক সদাব্যস্ত ৰাজপথত কোনো সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে এই বোমা বিস্ফোৰণ কৰে বুলি ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানে এক সংবাদমেলযোগে জানিবলৈ দিয়ে ৷ এই বিস্ফোৰণৰ ঘটনাত 6 গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে 81 গৰাকী লোক আহত (81 injured in bomb blast) হৈছে বুলি জানিব পৰা গৈছে (6 Died in Istanbul Bomb blast)৷

বিস্ফোৰণটোৰ পিছতে ঘটনাস্থলীত হুৱাদুৱা লগাত ততাতৈয়াকৈ সেই ঠাইত আৰক্ষী, উদ্ধাৰকাৰী দলসহ এম্বুলেঞ্চ উপস্থিত হয় ৷ আৰক্ষীয়ে লোকসকলক আহতসকলক উদ্ধাৰ কৰি স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহসমূহো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ উল্লেখ্য যে বিস্ফোৰণ হোৱা ইস্তানবুলৰ জনপ্ৰিয় অঞ্চল বেয়োগলু জিলাত বন্ধৰ দিনৰ বাবে যথেষ্ট পৰ্যটকৰ লগতে লোকৰ ভিৰ হয় ৷

এই ঘটনাৰ পিছতে তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্দোগানে কয় যে এই বিস্ফোৰণৰ ঘটনাৰ আঁৰত সন্ত্ৰাসবাদীৰ হাত থকাৰ সন্দেহ আছে ৷ অচিৰেই এই বিস্ফোৰণৰ আঁৰত থকাসকলৰ বিৰুদ্ধে তদন্ত কৰি বিহিত শাস্তি প্ৰদান কৰা হ’ব ৷ চিচিটিভি ফুটেজ অনুসৰি এই বিস্ফোৰণত এগৰাকী মহিলাই মুখ্য ভূমিকা পালন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ এই ঘটনাক সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা বুলি দাবী কৰিব নোৱাৰে যদিও ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ত্ৰাসবাদীয়ে এই ঘটনা সংঘটিত কৰিছে বুলি আশংকা প্ৰকাশ কৰিছে ৷

ইয়াৰোপৰি চিচিটিভি ফুটেজত বিস্ফোৰণৰ কাৰণ স্পষ্ট হোৱা নাছিল ৷ এই ঘটনাৰ পিছতে অঞ্চলটোৰ দোকান পোহাৰ সকলো বন্ধ কৰি পথটো বন্ধ কৰি দিয়া হয় ৷ সামাজিক মাধ্যমত এই বোমা বিস্ফোৰণৰ দৃশ্যাংশ ব্যাপকভাৱে ভাইৰেল হৈছে ৷ কেৱল এয়াই নহয় ২০১৫ ৰ পৰা ২০১৭ চনৰ ভিতৰত তুৰ্কীত সন্ত্ৰাসবাদী সংগঠন কেইবাটায়েও ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে ৷

লগতে পঢ়ক: CM Himanta Biswa Sarma in Raas: দেশজুৰি সপ্তাহজোৰা কাৰ্যসূচীৰে উদযাপন হ’ব লাচিত দিৱস

Last Updated : Nov 14, 2022, 10:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.