ETV Bharat / international

BAPS Swaminarayan Akshardham : নিউ জাৰ্চীত নিৰ্মাণ আধুনিক যুগৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ - Akshardham temple to be inaugurate in New Jersey

নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এই সৰ্ববৃহৎ হিন্দু মন্দিৰ অক্ষৰধাম অহা ৮ অক্টোবৰত উদ্বোধন কৰা হ'ব । প্ৰাচীন হিন্দু শাস্ত্ৰৰ আধাৰত নিৰ্মাণ কৰা হৈছে মন্দিৰটো । ভাৰতীয় শিল্পীৰ তত্বাৱধানত নিৰ্মাণ হৈছে মন্দিৰটো ।

BAPS Swaminarayan Akshardham
নিউ জাৰ্চীত নিৰ্মাণ আধুনিক যুগৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 5:24 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ ছেপ্টেম্বৰ : অহা ৮ অক্টোবৰত উদ্বোধন হ'ব আধুনিক যুগৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ । নিউ জাৰ্চীত উদ্বোধন কৰা হ'ব আধুনিক যুগত নিৰ্মাণ হোৱা বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰটো । নিউয়ৰ্কৰ টাইমচ স্কোৱেৰৰ পৰা প্ৰায় ৬০ মাইল দক্ষিণে আৰু ৱাশ্বিংটন ডিচিৰ পৰা প্ৰায় ১৮০ মাইল উত্তৰে নিউ জাৰ্চীৰ সৰু অঞ্চল ৰবিন্সভিল টাউনশ্বিপত নিৰ্মাণ কৰা হৈছে এই হিন্দু মন্দিৰটো । বিএপিএছ স্বামীনাৰায়ণ অক্ষৰধামৰ এই মন্দিৰৰ নিৰ্মাণকাৰ্য ২০১১ চনৰ পৰা আৰম্ভ হৈছিল । প্ৰায় ১২ বছৰৰ অন্তত সমগ্ৰ আমেৰিকাৰ ১২,৫০০ তকৈও অধিক শ্ৰমিক তথা শিল্পীয়ে এই মন্দিৰটো নিৰ্মাণ কৰি তুলিছে ।

আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই সমগ্ৰ দেশৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ হিন্দু আৰু অন্যান্য ধৰ্মৰ লোকে মন্দিৰটো পৰিদৰ্শন কৰিছে । অক্ষৰধাম হিচাপে জনপ্ৰিয় মন্দিৰটোৰ পৰিসীমা ২৫৫ ফুট ৩৪৫ ফুট x ১৯১ ফুট বুলি জানিব পৰা গৈছে । অক্ষৰধাম মন্দিৰটো ১৮৩ একৰৰো অধিৰ ভূমিত বিস্তৃত হৈ আছে । এই মন্দিৰটো প্ৰাচীন হিন্দু শাস্ত্ৰ অনুসৰি ডিজাইন কৰা হৈছে আৰু ইয়াত প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ ডিজাইন উপাদান অন্তৰ্ভুক্ত আছে যাৰ ভিতৰত আছে ১০,০০০ মূৰ্তি আৰু প্ৰতিমা, ভাৰতীয় বাদ্যযন্ত্ৰৰ কাৰুকাৰ্য আৰু নৃত্য শিল্পও উপস্থাপন কৰা হৈছে ।

কম্বোডিয়াৰ আংকোৰ ৱাটৰ পাছত এই মন্দিৰটো সম্ভৱতঃ বিশ্বৰ দ্বিতীয় বৃহত্তম মন্দিৰ হ'ব । বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ দ্বাদশ শতিকাৰ আংকোৰ ৱাট মন্দিৰ কমপ্লেক্স ৫০০ একৰ ভূমিত বিস্তৃত । ই ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ । ২০০৫ চনৰ নৱেম্বৰত নতুন দিল্লীত মুকলি কৰা অক্ষৰধাম মন্দিৰটোও ১০০ একৰ ভূমিত বিয়পি আছে ।

অনন্য হিন্দু মন্দিৰৰ তুলনা অক্ষৰধামত এটা মুখ্য মন্দিৰ আছে । ১২ টা উপ-মন্দিৰ, ৯ টা শিখৰ (চূড়াসদৃশ গাঁথনি), আৰু ৯ টা পিৰামিড শিখৰ অন্তৰ্ভুক্ত আছে । অক্ষৰধামত এতিয়ালৈকে নিৰ্মাণ কৰা পৰম্পৰাগত শিলৰ স্থাপত্যৰ আটাইতকৈ ডাঙৰ উপবৃত্তাকাৰ গম্বুজ আছে । অক্ষৰধামত, প্ৰতিটো শিলৰ একোটা কাহিনী আছে । তাত থকা ৪ প্ৰকাৰৰ শিলৰ ভিতৰত আছে চুণ শিল, গুলপীয়া শিল, মাৰ্বল আৰু গ্ৰেনাইট ।

নিৰ্মাণত প্ৰায় দুই নিযুত ঘন ফুট শিল ব্যৱহাৰ কৰা হৈছে । বুলগেৰিয়া আৰু তুৰ্কীৰ চুণ শিলকে ধৰি বিশ্বৰ বিভিন্ন স্থানৰ পৰা আহৰণ কৰা শিলবোৰ ইয়াত ব্যৱহাৰ কৰা হৈছে । গ্ৰীচ, তুৰ্কী আৰু ইটালীৰ পৰা মাৰ্বল; ভাৰত আৰু চীনৰ পৰা গ্ৰেনাইট; ভাৰতৰ পৰা গুলপীয়া শিল আৰু ইউৰোপ, এছিয়া, লেটিন আমেৰিকাৰ অন্যান্য আলংকাৰিক শিল ব্যৱহাৰ কৰা হৈছে ।

ব্ৰহ্মকুণ্ডৰ লগতে ভাৰত, আমেৰিকা আৰু সমগ্ৰ বিশ্বৰ বিভিন্ন পবিত্ৰ নদী আৰু জলাশয়ৰ পৰা পানী সংগ্ৰহ কৰি এই মন্দিৰত ৰখা হৈছে । সমগ্ৰ আমেৰিকাৰ শিল্পীসকলে অক্ষৰধামৰ নিৰ্মাণত অৰিহনা যোগাইছে । তেওঁলোকক ভাৰতৰ একাংশ শিল্পীয়ে নিৰ্দেশনা প্ৰদান কৰিছিল । পশ্চিম গোলাৰ্ধত হিন্দু সংস্কৃতি আৰু স্থাপত্যৰ এক গুৰুত্বপূৰ্ণ স্থান বুলি পৰিচিত এই অক্ষৰধাম মন্দিৰ ৮ অক্টোবৰত বিএপিএছৰ আধ্যাত্মিক মুৰব্বী মহন্ত স্বামী মহাৰাজে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । ১৮ অক্টোবৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব অক্ষৰধাম মন্দিৰ ।

লগতে পঢ়ক :India Canada row: কানাডাত প্ৰবাসী ভাৰতীয় আৰু শিক্ষাৰ্থীৰ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণৰ দাবী সুনীল জাখৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.