ETV Bharat / international

South Africa bar shootings: দক্ষিণ আফ্ৰিকাৰ আৰক্ষীৰ বাৰত গুলীচালনা, ১৪ জন নিহত

দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ ছ’ৱেটো বাৰত গুলীচালনাৰ ঘটনা ৷ 14 জনকৈ লোকৰ মৃত্যু (14 killed in South Africa bar shootout) ৷ তিনিজনৰ অৱস্থা সংকটজনক ৷

author img

By

Published : Jul 11, 2022, 9:04 AM IST

Updated : Jul 11, 2022, 9:25 AM IST

south-africa-police-bar-shooting-in-soweto
দক্ষিণ আফ্ৰিকাৰ বাৰ গুলীচালনাত ১৪ জন নিহত

ইণ্টাৰনেশ্যনেল ডেস্ক,12 জুলাই : বিগত কিছুদিন ধৰি আমেৰিকাকে ধৰি ইউৰোপৰ বিভিন্ন স্থানত বন্দুকধাৰীয়ে সন্ত্ৰাস চলাই আহিছে । বিভিন্ন ৰাজহুৱা স্থানত অজ্ঞাত আততায়ীয়ে চলোৱা এইসমূহ আক্ৰমণত বহু ব্যক্তি নিহত হোৱাৰ লগতে আহত হৈছে বহুজন । বিগত 8 জুলাইত ডেনমাৰ্কত কোনো অচিনাক্ত বন্দুকধাৰীয়ে অতৰ্কিতে আক্ৰমণ চলোৱাৰ ফলত তিনিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল ৷

এইবাৰ অনুৰূপ ঘটনাই সংঘটিত হ’ল দক্ষিণ আফ্ৰিকাত ৷ দেশখনৰ ছ’ৱেটো বাৰত সংঘটিত হয় গুলীচালনাৰ ঘটনা । জোহান্সবাৰ্গৰ ছ’ৱেটো বাৰত হোৱা এই গুলীচালনাত মৃত্যু হয় 14 জনকৈ লোকৰ (14 killed in South Africa bar shootout) ৷ গুলীচালনাৰ ঘটনাটোত আহত আন তিনিজনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জানিব দিছে ৷

আৰক্ষীয়ে জনোৱা মতে, শনিবাৰে নিশা এখন বাহনত অহা বন্দুকধাৰী এটা দলে বাৰখনত উপস্থিত হৈ নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে (South Africa police bar shooting in Soweto) ৷ এই গুলীচালনাত 14 জনকৈ লোক মৃত্যু হোৱাৰ লগতে তিনিজন লোক গুৰুতৰভাৱে আহত হয় ৷ ইফালে ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে বন্দুকধাৰী দলটো ৷ আনহাতে ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত লোককেইজনক ক্ৰীছ হানি বৰাগৱানাথ হাস্পতাললৈ (Chris Hani Baragwanath Hospital) প্ৰেৰণৰ ব্যৱস্থা কৰে ৷

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ গৌটেং প্ৰদেশৰ আৰক্ষী আয়ুক্ত লেফটেনেণ্ট জেনেৰেল ইলিয়াছ মাৱেলাই ঘটনাস্থলীত উদ্ধাৰ হোৱা কাৰ্টিজসমূহ সংগ্ৰহ কৰাৰ লগতে বাৰখনত সংঘটিত গুলীচালনাৰ ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব দিয়ে ৷ অৱশ্যে এইপৰ্যন্ত গুলীচালনাৰ লগত জডিত কোনো ব্যক্তি অথবা সংগঠনৰ তথ্য জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: মইনুলৰ ব্যতিক্ৰমী পদক্ষেপ; কুৰ্বানিৰ পৰিৱৰ্তে গো-শালাত দিলে গৰুদান

Last Updated : Jul 11, 2022, 9:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.