ETV Bharat / international

Afghan Border Forces open fire: আফগান বন্দুকধাৰীৰ গুলীত 6 পাকিস্তানী নিহত

author img

By

Published : Dec 12, 2022, 9:56 AM IST

আফগান সীমান্ত বাহিনীয়ে জনসাধাৰণৰ ওপৰত আৰ্টিলাৰী আৰু মৰ্টাৰকে ধৰি ঘাতক অস্ত্ৰৰে অপ্ৰৰোচিত আৰু নিৰ্বিচাভাৱে গুলীচালনা কৰে বুলি এক বিবৃতিত প্ৰকাশ পাইছে (Afghan Border Forces open fire) । ইয়াত কোৱা হৈছে যে, এই গুলীচালনাত ৬ জন পাকিস্তানী সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১৭ জন লোক আহত হৈছে ।

Afghan Border Forces open fire
Afghan Border Forces open fire

নিউজ ডেস্ক, 12 ডিচেম্বৰ: দেওবাৰে আফগান সীমান্তৰ সৈন্যই সীমান্ত পাৰ হৈ বেলুচিস্তানৰ চামান জিলাত অপ্ৰৰোচিত আৰু নিৰ্বিচাৰে গুলীচালনাৰ কৰাত কমেও ৬ জন পাকিস্তানী নাগৰিক নিহত হোৱাৰ লগতে ১৭ জন আহত হয় । সামৰিক বাহিনীৰ জনসংযোগ বিভাগৰ তথ্য অনুসৰি আফগান বাহিনীয়ে গুলীচালনাত আৰ্টিলাৰী আৰু মৰ্টাৰকে ধৰি গধুৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল (Afghan Border Forces open fire) ।

আফগান সীমান্ত বাহিনীয়ে জনসাধাৰণৰ ওপৰত আৰ্টিলাৰী আৰু মৰ্টাৰকে ধৰি ঘাতক অস্ত্ৰৰে অপ্ৰৰোচিত আৰু নিৰ্বিচাভাৱে গুলীচালনা কৰে বুলি এক বিবৃতিত প্ৰকাশ পাইছে । ইয়াত কোৱা হৈছে যে, এই গুলীচালনাত ৬ জন পাকিস্তানী সাধাৰণ নাগৰিক নিহত হোৱাৰ লগতে ১৭ জন লোক আহত হৈছে । আহতসকলক স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে, আৰু আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি ৰাখিছে (Afghanistan Pakistan cross fire) । পাকিস্তানৰ সীমান্ত বাহিনীয়ে গুলীচালনাৰ প্ৰত্যুত্তৰ দিয়া বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ।

পাকিস্তান চৰকাৰে কাবুলৰ আফগান কৰ্তৃপক্ষৰ কাষ চাপি পৰিস্থিতিৰ ভয়াৱহতাক স্পষ্ট কৰি তুলিছে আৰু ভৱিষ্যতে এই কাণ্ডৰ পুনৰাবৃত্তি নহ’বলৈ কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । গুলীচালনাৰ কাৰণ তৎক্ষণাত স্পষ্ট হোৱা নাই। দেওবাৰে সীমান্তত এই কাণ্ড সংঘটিত হৈছে ৷ পাকিস্তানৰ কৰ্তৃপক্ষই তথ্য প্ৰকাশ কৰাৰ মাত্ৰ ২৪ ঘণ্টাৰ পাছতে তেওঁলোকৰ সন্ত্ৰাসবাদ বিৰোধী বাহিনীয়ে আফগান সীমান্তৰ ওচৰৰ পৰা ইছলামিক ষ্টেট খোৰাছান প্ৰভিন্সৰ (আই এছ-কে) চাৰিটা উগ্ৰপন্থীক আটক কৰি হত্যা কৰিছে (Pakistans Balochistan province)।

যোৱা মাহত খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ কুৰৰাম জিলাত পথ নিৰ্মাণৰ বিবাদৰ বাবে সীমান্তৰ সিপাৰৰ একাংশ আফগান লোকে তেওঁলোকৰ ওপৰত গুলীচালনা কৰাৰ ফলত দুজন শিশু আৰু তিনিজন অৰ্ধসামৰিক জোৱানসহ 5 জন লোক আহত হৈছিল । পাকিস্তান আৰু আফগানিস্তানৰ মাজত ২৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অস্থিৰ সীমান্ত আছে ।

চামান সীমান্ত ক্ৰছিঙক ফ্ৰেণ্ডশ্বিপ গেট বুলিও কোৱা হয়, যিয়ে বেলুচিস্তান প্ৰদেশক আফগানিস্তানৰ কান্দহাৰৰ সৈতে সংযোগ কৰে। যোৱা মাহত এজন সশস্ত্ৰ আফগানে সীমান্তৰ পাকিস্তানৰ ফালে পাৰ হৈ নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা কৰাত এজন জোৱান নিহত হোৱাৰ লগতে আন দুজন আহত হৈছিল। শতিকা পুৰণি ব্ৰিটিছ যুগৰ সীমা নিৰ্ধাৰণৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা কাবুলৰ প্ৰতিবাদৰ পিছতো ইছলামাবাদে সীমান্তত প্ৰায় ৯০ শতাংশ বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে ।

লগতে পঢ়ক: One for the ages: মৃত্যুৱে ৰোধিব নোৱাৰা এক প্ৰেম কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.