ETV Bharat / international

Hamburg Airport firing : জাৰ্মানীৰ হেমবাৰ্গ বিমানবন্দৰত গুলীচালনা, সকলো বিমানৰ চলাচল বাতিল

author img

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 11:10 AM IST

সচৰাচৰ বিমানবন্দৰত কেইবা তৰপীয়া নিৰাপত্তা থাকে । কিন্তু সেই নিৰাপত্তা বেষ্টনী অতিক্ৰম কৰি এজন লোকে বিমানবন্দৰৰ গেট ভাঙি এখন বাহনৰ সৈতে প্ৰৱেশ কৰে । দুটা শিশুৰ সৈতে অহা লোকজনে বিমানবন্দৰত গুলীচালনাও কৰে ।

Hamburg Airport firing
জাৰ্মানীৰ হেমবাৰ্গ বিমানবন্দৰত গুলীচালনা

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ নৱেম্বৰ : জাৰ্মানীৰ মুখ্য আন্তঃৰাষ্ট্ৰীয় হেমবাৰ্গ বিমানবন্দৰত তীব্ৰ উত্তেজনা । নিৰাপত্তাৰ বেষ্টনী ভাঙি বিমানবন্দৰৰ টাৰ্মিনেলত এজন লোকৰ গুলীচালনা । বিমানবন্দৰৰ গেট ভাঙি লোকজনে বাহনৰ সৈতে প্ৰৱেশ কৰে আৰু গুলীচালনা কৰে । লগে লগে সকলো টাৰ্মিনেলৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়া হয় । সূত্ৰৰ মতে ১ নম্বৰ টাৰ্মিনেলৰ সন্মুখত লোকজনক বাহনখনৰ সৈতে দেখা গৈছিল । নিৰাপত্তাজনিত কাৰণত ৪ নৱেম্বৰত বিমানবন্দৰটোত সকলো বিমানৰ উৰণ আৰু অৱতৰণ বাতিল কৰা হৈছে । প্ৰভাৱিত যাত্ৰীসকলক পোনপটীয়াকৈ এয়াৰলাইনৰ সৈতে যোগাযোগ কৰিবলৈও কৰ্তৃপক্ষই অনুৰোধ জনাইছে ।

লক্ষণীয়ভাৱে পৰ্যাপ্ত নিৰাপত্তা বেষ্টনীৰ পাছতো লোকজনে বাহনখনৰ সৈতে গেট ভাঙি কেনেকৈ বিমানৰ পাৰ্কিং স্থানত প্ৰৱেশ কৰে তাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনাটোৰ পাছতে বিমানবন্দৰত যথেষ্ট সংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় । গুৰুত্বপূৰ্ণ কথাটো হ'ল যে বাহনখনত অচিনাক্ত লোকজনৰ সৈতে দুটা শিশুও আছিল ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বন্দুকধাৰী লোকজনে শনিবাৰে নিশা প্ৰায় ৮ বজাত এখন গেট ভাঙি বিমানবন্দৰৰ এপ্ৰনত প্ৰৱেশ কৰে । এপ্ৰন হৈছে বিমানবোৰ ৰখাই থোৱা স্থান । য'ত বিমানখনৰ পৰা সামগ্ৰী আনলোড কৰা হয় আৰু ইন্ধন ভৰোৱা হয় ।

আৰক্ষীয়ে জনোৱা মতে তেওঁলোকে তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিছিল । পৰিস্থিতিৰ মূল্যায়নো কৰিছে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা মতে গুলীচালনাত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই । কিন্তু বিমানবন্দৰ কৰ্তৃপক্ষই লগে লগে বিমানৰ কাৰ্যকলাপ বন্ধ কৰি দিয়ে । বিমানবন্দৰৰ এগৰাকী বিষয়াৰ মতে এই ঘটনাৰ ফলত প্ৰায় ২৭ খন বিমানৰ যাত্ৰা প্ৰভাৱিত হয় ।

আৰক্ষীৰ তথ্য অনুসৰি গুলীচালনাৰ পাছত লোকজনে বাহনখনৰ পৰা দুটা জলন্ত বটল দলিয়াইছিল । ইফালে নিৰাপত্তা বাহিনীয়ে লোকজনক চিনাক্ত কৰাৰ পূৰ্বে তেওঁৰ পত্নীয়ে আৰক্ষীক ফোন কৰি জনাইছিল যে তেওঁৰ স্বামীয়ে দুই শিশুৰ সৈতে বিমানবন্দৰলৈ গৈ আছে । মহিলাগৰাকীয়ে দাবী কৰা মতে শিশু কেইটাক লোকজনে অপহৰণ কৰিছিল ।

ঘটনাটোৰ পাছতে আৰক্ষীৰ হেলিকপ্টাৰ মোতায়েন কৰা হয় আৰু জিএছজি ৯ আৰক্ষী বাহিনীয়ে দুই শিশুক উদ্ধাৰৰ বাবে অভিযান চলায় । অৱশ্যে লোকজনে কিয় তেনে কৰিলে ? সকলোবোৰ আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব ।

লগতে পঢ়ক :Alaska Airlines incident : উৰন্ত অৱস্থাতে বিমানৰ ইঞ্জিন বন্ধৰ চেষ্টা অফ ডিউটি পাইলটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.