ETV Bharat / international

Jaishankar on Canada’s allegations: ’’হাতত যি প্ৰমাণ আছে সেয়া প্ৰকাশ কৰক’’, কানাডা চৰকাৰলৈ জয়শংকৰৰ মুকলি দাবী - canada INdia conflict latest news

বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰ হত্যাৰে ভাৰত চৰকাৰৰ “এজেণ্ট” জড়িত থকাৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৷ অভিযোগ সন্দৰ্ভত কানাডা চৰকাৰৰ হাতত যদি উচিত তথ্য প্ৰমাণ আছে সেয়া প্ৰকাশ কৰিবৰ বাবে কয় ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷

Jaishankar On Canadas Allegation
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ
author img

By ANI

Published : Sep 27, 2023, 12:22 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: অব্যাহত আছে বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰ হত্যাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷ কানাডাই এই কাণ্ডৰ সৈতে ভাৰতৰ এজেণ্ট জড়িত থকা বুলি তোলা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ৷ কানাডাই নিজৰ মাটিত খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাত ভাৰত জড়িত থকাৰ অভিযোগ তুলিছিল ৷

সেই সম্বন্ধত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অট’ৱাক এই কথা অৱগত কৰাইছে যে এয়া ভাৰত চৰকাৰৰ নীতি বিৰুদ্ধ আৰু তাৰ বাবে “নিৰ্দিষ্ট” আৰু “প্ৰাসংগিক” তথ্য উপলব্ধ । মঙলবাৰে নিউয়ৰ্কৰ কাউন্সিল অন ফৰেইন ৰিলেচনছ (CFR)ত হোৱা এক বাৰ্তালাপত জয়শংকৰে কানাডাৰ অভিযোগ সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত এই প্ৰতুত্তৰ দিয়ে ।

এছ জয়শংকৰে কয়, “হয়, মোৰ এটা মন্তব্য আছেই । আমি কানাডিয়ানসকলক কোৱা কথাখিনি মই আপোনালোকৰ লগত অতি স্পষ্টভাৱে শ্বেয়াৰ কৰিম ৷ আমি কানাডিয়ানসকলক কৈছিলো যে এয়া ভাৰত চৰকাৰৰ নীতি নহয় । দ্বিতীয়তে, আমি কানাডিয়ানসকলক যদি আপোনালোকৰ কিবা নিৰ্দিষ্ট তথ্য আছে, যদি এই কথাৰ কিবা প্ৰাসংগিকতা আছে আপোনালোকৰ হাতত, তেন্তে আমাক জনাওক । আমি ইয়াক মুকলি চাবলৈ বিচাৰো ।”

উল্লেখ্য যে, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে 18 ছেপ্টেম্বৰৰ দিনা বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰ হত্যাৰ সৈতে ভাৰত চৰকাৰৰ “এজেণ্ট” জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ তেতিয়াৰে পৰাই দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটা পৰিলক্ষিত হৈছিল ৷ ভাৰতৰ বিৰুদ্ধে তোলা এনে গুৰুতৰ অভিযোগৰ ক্ষেত্ৰত মাৰ্কিন যুক্তৰাষ্ট্ৰই উদ্বিগ্নতা প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক : EAM Jaishankar on Nijjar’s killing: মই দ্য ফাইভ আইজৰ অংশ নহয়; এছ জয়শংকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.