ETV Bharat / international

কাৰাগাৰত দংগল: নিহত 5 কয়দী আৰু আহত 23 ৰো অধিক

author img

By

Published : Oct 7, 2022, 8:14 AM IST

চৰ্চাত আকৌ দংগল ৷ এইবাৰ দক্ষিণ আমেৰিকাৰ ইকুৱেডৰ কাৰগাৰত হয় দংগল ৷ য’ত নিহত হৈছে পাঁচজন কয়দী আৰু আৰক্ষী বিষয়াসহ আহত হৈছে 23 জন লোক (5 killed and 23 injured in latest Ecuador prison riot) ৷

Ecuador prison riot
কাৰাগাৰত দংগল; নিহত 5 কয়দী আৰু আহত 23 ৰো অধিক

ইন্টাৰনেশ্যনেল ডেস্ক, 7 অক্টোবৰ : বুধবাৰে দক্ষিণ আমেৰিকাৰ ইকুৱেডৰ কাৰগাৰত সংঘটিত হয় এক অঘটন ৷ ইকুৱেডৰ দক্ষিণ-পশ্চিম বন্দৰ চহৰ গুয়াকুইলৰ এখন কাৰাগাৰত কোনো কাৰণবসত কয়দীসকলৰ মাজত সৃষ্টি হয় সংঘৰ্ষৰ ৷ এই সংঘৰ্ষতে কেইবাজনো কয়দীয়ে নিজৰ মানসিক স্থিতি হেৰুৱাই পেলায় (Several killed and injured in latest Ecuador prison riot) ৷

ফলত কয়দীসকলৰ নিজৰ মাজতে হোৱা সংঘৰ্ষত প্ৰায় পাঁচজন কয়দী নিহত হয় ৷ লগতে আহত হয় 23 জনৰো অধিক লোক ৷ আহত সকলৰ ভিতৰত পাঁচজন আৰক্ষী বিষয়াও আছিল বুলি জানিব পৰা গৈছে (5 killed and 23 injured in latest Ecuador prison riot) ৷

বৃহস্পতিবাৰে ইকুৱেডৰৰ কাৰাগাৰ কৰ্তৃপক্ষই টুইটযোগে সদৰী কৰে এই কথা ৷

কাৰাগাৰ কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি, কাৰাগাৰ নিয়ন্ত্ৰণৰ বাবে কয়দীসকলৰ মাজত এক প্ৰতিদ্বন্দীতা হৈছিল ৷ এই প্ৰতিদ্বন্দীতাত কেবাজনো কয়দীৰ সৈতে ড্ৰাগছ সৰবৰাহকাৰীৰ এটা দলৰ মাজত কিছু হাতাহাতিৰ সৃষ্টি হয় ৷ এই হাতাহাতিৰ সময়ত ড্ৰাগছ সৰবৰাহকাৰীৰ দলটোৱে আগ্নেয়াস্ত্ৰ ব্যৱহাৰ কৰিছিল ৷

ছিনহুয়া সংবাদ সংস্থাই উল্লেখ কৰা অনুসৰি, সোমবাৰে কেন্দ্ৰীয় চহৰ লাটাকুংগাত সংঘৰ্ষৰ পিছত এইটো দ্বিতীয় কাৰাগাৰৰ প্ৰতিদ্বন্দীতা আছিল, য’ত বৰ্তমানলৈকে এটা ড্ৰাগছ সৰবৰাহকাৰীসহ 16 জন কয়েদী নিহত হৈছে ৷ লগতে 43 জন লোক আহত হৈছে।

উল্লেখ্য যে, চৰকাৰী পৰিসংখ্যা মতে, 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ইকুৱেডৰৰ বিভিন্ন কাৰাগাৰত দাংগলৰ ঢৌ উঠিছিল (Riots broke out at various prisons in Ecuador) ৷ যাৰ ফলত প্ৰায় 400 জন কয়েদীক বন্দী কৰি ৰখা হৈছে ।

লগতে পঢ়ক : ভাৰত চীন সীমান্তত কৰ্তব্যৰত অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ শীৰ্ষ সেনা বিষয়াৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.