ইণ্টাৰনেশ্যনেল ডেস্ক,১৩ জানুৱাৰী : নতুন বছৰৰ প্ৰথমটো মাহতে দক্ষিণ আমেৰিকাৰ কলম্বিয়াত শোকাৱহ ঘটনা । পশ্চিম কলম্বিয়াত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত প্ৰায় ১৮ গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । শুকুৰবাৰে এই ভূমিস্খলনৰ ফলত বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।
ৰাষ্ট্ৰীয় দুৰ্যোগ জৰুৰীকালীন ব্যৱস্থাপনা গোটে এক বিবৃতিত কয় যে পশ্চিম কলম্বিয়াৰ কুইবো আৰু মেডেলিন চহৰক সংযোগ কৰা এটা পাহাৰীয়া অঞ্চলৰ ব্যস্ত পৌৰ নিগমৰ পথত হোৱা ভূমিস্খলনৰ ফলত এটা ঘাইপথ সম্পূৰ্ণৰূপে তচনচ হৈ যায় । জানিব পৰা মতে ভূমিস্খলনটোত প্ৰায় ৩৫ গৰাকী লোক আহত হৈছে আৰু তেওঁলোক বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ আছে । ইফালে এতিয়াও বহুলোক নিৰুদ্দেশ হৈ আছে ।
অৱশ্যে প্ৰশাসনে জনোৱা মতে এতিয়াও ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে । যাৰ বাবে প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । দুৰ্যোগ প্ৰশমন বিভাগে এই ঘটনাৰ কাৰণ এতিয়াও নিশ্চিত কৰা নাই যদিও প্ৰতিৰক্ষা বিভাগে জনোৱা মতে অঞ্চলটোত বৰষুণ হৈ আছে । যাৰ ফলত উদ্ধাৰ অভিযানো কঠিন হৈ পৰিছে । জানিব পৰা মতে ভূমিস্খলনৰ পাছতে সমগ্ৰ অঞ্চলটোত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে ।
ইফালে সামাজিক মাধ্যমত পোষ্ট কৰা এটা ভিডিঅ'ত ভূমিস্খলনৰ মুহূৰ্তবোৰ দেখা গৈছে । ভিডিঅ'ত দেখা গৈছে কেনেদৰে ৰাজপথত পাহাৰৰ মাটি খহি পৰিছে আৰু একাংশ বাহন আৱদ্ধ হৈ পৰিছে । আনহাতে ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰোৱে এক্সৰ এটা পোষ্টত এই ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে আৰু পীড়িতসকলক সকলো সম্ভৱ সমৰ্থনৰ প্ৰতিশ্ৰুতি দিছে ।