ইণ্টাৰনেশ্যনেল ডেস্ক,২১ আগষ্ট : আমেৰিকা যুক্তৰাষ্ট্ৰত বন্দুকধাৰীৰ সন্ত্ৰাস অব্যাহত আছে । এইবাৰ দক্ষিণ ছিয়েটলৰ এটা হুক্কা লাউঞ্জত দেওবাৰে গুলীচালনাৰ ঘটনা সংঘটিত হয় । ফলত ৩ গৰাকী লোক নিহত আৰু আন ৬ গৰাকী আহত হয় । মহানগৰ আৰক্ষীয়ে মাউণ্ট বেকাৰ চুবুৰীয়া অঞ্চলত দেওবাৰে পুৱা সংঘটিত এই গুলীচালনাক লৈ তদন্ত আৰম্ভ কৰিছে যদিও এই ঘটনাৰ সৈতে জড়িত অপৰাধী সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই ।
আৰক্ষী বিষয়াসকলে জনোৱা মতে তেওঁলোকে পুৱা প্ৰায় ৪.৩০ মান বজাত ঘটনা সম্পৰ্কে খবৰ লাভ কৰিছিল । আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষলৈ এই সন্দৰ্ভত ফোন আহিছিল । লগে লগে আৰক্ষীৰ লোক তাত উপস্থিত হয় । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুজন পুৰুষ আৰু এগৰাকী মহিলাক গুলীবিদ্ধ অৱস্থাত উদ্ধাৰ কৰে । অৱশ্যে দুয়োজন পুৰুষৰ ঘটনাস্থলীতে মৃত্যু হয় । সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও পাছত তেওঁৰ মৃত্যু হয় । ভুক্তভোগী লোকসকলৰ নাম আৰু বয়স জানিব পৰা হোৱা নাই ।
ইফালে গুলীচালনাৰ ঘটনাটোত ৬ গৰাকী লোক আহত হয় । এজনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জনাইছে । ছিয়েটলৰ মেয়ৰ ব্ৰুছ হেৰেলে এক বিবৃতিত কয় ছিয়েটল আৰক্ষীয়ে জুলাই মাহলৈ প্ৰায় ৮৬৯ টা বন্দুক উদ্ধাৰ কৰি অভিলেখ সৃষ্টি কৰিছে যদিও এতিয়াও বহু লোকে অবৈধভাৱে বন্দুক ব্যৱহাৰ কৰি আছে ।
তথ্য অনুসৰি, চলিত বৰ্ষৰ আগষ্ট মাহত দেশৰ ৰাজধানীৰ এটা ৰাস্তাত গুলীচালনাৰ ফলত ৩ জন লোক নিহত হোৱাৰ লগতে আন দুজন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । যাৰ ফলত আমেৰিকাবাসী শংকিত হৈ পৰিছে । উল্লেখ্য যে, শেহতীয়া দিনবোৰত আমেৰিকাত এই ধৰণৰ অস্ত্ৰধাৰীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে । একাংশ নিৰীহ লোক অচিনাক্ত বন্দুকধাৰীৰ চিকাৰ হৈছে । যাক লৈ আমেৰিকা প্ৰশাসনো চিন্তিত হৈ পৰিছে ।
লগতে পঢ়ক :America politics: ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাথমিক বিতৰ্ক ত্যাগ কৰিব ট্ৰাম্পে