ইণ্টাৰনেশ্যনেল ডেস্ক, 11 নৱেম্বৰ: আইচলেণ্ডত জৰুৰী অৱস্থা ঘোষণা ৷ ধাৰাবাহিকভাৱে হোৱা ভূমিকম্পৰ কম্পনৰ ফলত অঞ্চলবোৰত আগ্নেয়গিৰি বিস্ফোৰণৰ ভাবুকি প্ৰবল হৈ পৰিছে ৷ ইয়াৰ পিছতে আইচলেণ্ডত নাগৰিকৰ সুৰক্ষা প্ৰদানৰ কথা চিন্তা কৰি প্ৰশাসনে গ্ৰহণ কৰিছে জৰুৰীকালীন ব্যৱস্থা ৷ ধাৰাবাহিকভাৱে হোৱা ভূইকঁপৰ কম্পনৰ পিছত আইচলেণ্ডৰ ৰেইকজেনেছ উপদ্বীপত জৰুৰীকালীন স্তৰত নাগৰিক সুৰক্ষা কাৰ্যকৰী কৰা হয় আৰু গ্ৰিণ্ডাভিকৰ বাসিন্দাসকলক ঘৰ এৰি যাবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে । আইচলেণ্ডৰ বতৰ বিজ্ঞান কেন্দ্ৰ (আইএমঅ’)ৰ মতে, বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ছুডুৰ্নেছৰ আৰক্ষী অধীক্ষকে নাগৰিক সুৰক্ষা কৰ্তৃপক্ষৰ সহযোগত গ্ৰীণ্ডাভিক মাছ ধৰা চহৰখন খালী কৰাৰ সিদ্ধান্ত লৈছে ।
বৃদ্ধি পোৱা ভূমিকম্পৰ বাবে আইচলেণ্ডৰ নাগৰিক সুৰক্ষা আৰু জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে ৰেইকজেনেছ উপদ্বীপত জৰুৰীকালীন পৰ্যায় ঘোষণা কৰিছে । আনহাতে আইচলেণ্ড চৰকাৰে সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।
-
❗️The Department of Civil Protection and Emergency Management has declared an Emergency/Distress Phase on the Reykjanes peninsula, due to increased seismic activity.
— MFA Iceland 🇮🇸 (@MFAIceland) November 11, 2023 " class="align-text-top noRightClick twitterSection" data="
All residents of Grindavík are obliged to evacuate the town.
">❗️The Department of Civil Protection and Emergency Management has declared an Emergency/Distress Phase on the Reykjanes peninsula, due to increased seismic activity.
— MFA Iceland 🇮🇸 (@MFAIceland) November 11, 2023
All residents of Grindavík are obliged to evacuate the town.❗️The Department of Civil Protection and Emergency Management has declared an Emergency/Distress Phase on the Reykjanes peninsula, due to increased seismic activity.
— MFA Iceland 🇮🇸 (@MFAIceland) November 11, 2023
All residents of Grindavík are obliged to evacuate the town.
আইএমঅ’ই জনোৱা মতে, গ্ৰীণ্ডাভিকৰ উত্তৰত থকা ছুণ্ড্নজুকাগিগাৰৰ ওচৰত জুখি উলিওৱা ভূমিকম্পীয় কাৰ্যকলাপ আৰু শনিবাৰৰ বিয়লি ৰেইকজেনেছ উপদ্বীপত পৰ্যবেক্ষণ কৰা বিকৃতিৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে । আই এম অ’ই আৰু কয়, "মেগমা পৃষ্ঠত উপনীত হ’ব পাৰে নেকি আৰু ক’ত উপনীত হ’ব পাৰে সেইটো সঠিকভাৱে নিৰ্ণয় কৰা সম্ভৱ নহয় ।"
2021 চনৰ 19 মাৰ্চৰ বিগত ভূমিকম্পীয় কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি আই এম অ’ই ল মেগমা পৃষ্ঠত উপনীত হ’বলৈ কেইবাদিনো সময় লাগিব বুলি উল্লেখ কৰে ।
ইফালে, দেশৰ সৰ্ববৃহৎ পৰ্যটনস্থলী আইচলেণ্ডৰ ব্লু লেগুন জিঅ’থাৰ্মেল স্পা সাময়িকভাৱে বন্ধ হৈ পৰে কাৰণ ভূমিকম্পৰ ফলত অঞ্চলটোত আগ্নেয়গিৰি বিস্ফোৰণৰ বাবে আশংকাই বিৰাজ কৰিছিল । কিছুদিন পূৰ্বে স্থানীয় টেক্সি চালক বজাৰ্নি ষ্টেফানছনে ৰিট্ৰিট হোটেলত উপস্থিত হোৱাৰ সময়ত বিভ্ৰান্তিৰ দৃশ্য এটা বৰ্ণনা কৰিছিল ৷ লাভা শিল পথৰ ওপৰত পৰাৰ ফলত 20ৰ পৰা 30 খন কেব স্থানডোখৰত আৱদ্ধ হৈ পৰিছিল ।
ষ্টেফানছনে The Associated Press ৰ আগত উল্লেখ কৰা মতে, আতংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল স্থানডোখৰত । আগ্নেয়গিৰি বিস্ফোৰিত হ’ব বুলি আশংকা বৃদ্ধি পাইছিল ৷ মাটিৰ তলত প্ৰায় 5 কিলোমিটাৰ (3.1 মাইল) গৰ্ভত আগ্নেয়গিৰিৰ মেগমা জমা হোৱাৰ বাবে ৰেইকজেনছ উপদ্বীপৰ মাউণ্ট থৰ্বজৰ্নৰ আশে-পাশে থকা অঞ্চলটো দুসপ্তাহতকৈও অধিক সময় ধৰি প্ৰতিদিনে শ শ সৰু সৰু ভূমিকম্পৰ কম্পন অনুভূত হৈ আহিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Crime in US : আলাবামাত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা