ETV Bharat / international

Russia Ukrain War: ইউক্ৰেইনৰ বাখমুট চিটি হলত ৰাছিয়াৰ পতাকা !

author img

By

Published : Apr 3, 2023, 11:04 AM IST

ইউক্ৰেইনৰ বাখমুট চিটি হলত পতাকা উৰুৱাৰ লগতে চহৰখন দখল কৰা বুলি দাবী ৰাছিয়াৰ ৷ ৰাছিয়াৰ ৱেগনাৰ গ্ৰুপৰ প্ৰতিষ্ঠাপক য়েভগেনি প্ৰিগোজিনে কৰে এই দাবী (Wagner group Russia) ৷

Etv Bharat
Etv Bharat

নিউজ ডেস্ক, 3 এপ্ৰিল: ৰাছিয়াৰ ৱেগনাৰ গ্ৰুপৰ প্ৰতিষ্ঠাপক য়েভগেনি প্ৰিগোজিনে সোমবাৰে ইউক্ৰেইনৰ বাখমুট চিটি হলত ৰাছিয়াৰ পতাকা উৰুৱাৰ লগতে চহৰখন দখল কৰা বুলি দাবী কৰিছে ৷ TASS নামৰ এক সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা (Wagner group Russia) ৷

এই সন্দৰ্ভত অধিক বিৱৰণ দি প্ৰিগোজিনে কয়, "২ এপ্ৰিল, সময় ২৩:০০ ৷ মোৰ পিছফালে (আৰ্টিওমভস্কৰ) মহানগৰ প্ৰশাসনৰ বিল্ডিং । এই ৰাছিয়াৰ পতাকা ভ্লাদলেন টাটাৰ্স্কিৰ বাবে, (দেওবাৰে ছেইণ্ট পিটাৰ্ছবাৰ্গত হোৱা বিস্ফোৰণত নিহত ৰাছিয়াৰ সামৰিক সংবাদদাতা)", এই পতাকাখনত লিখা আছে 'কৃতজ্ঞ স্মৃতিত,'। ৱাগনাৰ গ্ৰুপৰ প্ৰতিষ্ঠাপকৰ প্ৰেছ সেৱাৰ টেলিগ্ৰাম চেনেলৰ উদ্ধৃতি দি TASS নামৰ এক সংস্থাটোৱে এনেদৰে উল্লেখ কৰে (Russia Ukrain War) ৷

TASS সংস্থাটোৰ মতে, প্ৰিগোজিনে আৰু কয় "কাৰিকৰীভাৱে আমি বাখমুট দখল কৰিছো" । তেওঁ আৰু উল্লেখ কৰিছিল যে ৰাছিয়ান গোটৰ কমাণ্ডাৰসকলে চিটি হল আৰু সমগ্ৰ জিলাখন দখল কৰে ৷ পতাকাখন তেওঁলোকে লৈ আহি উৰুৱাই ৷ "শত্ৰু এতিয়াও পশ্চিম অঞ্চলত আছে," তেওঁ লগতে কয় (Russia Captured Bakhmut) ৷

ৰাছিয়াৰ দ্বিতীয় বৃহত্তম চহৰ চেইণ্ট পিটাৰ্ছবাৰ্গত দেওবাৰে সংঘটিত বিস্ফোৰণত নিহত হোৱা ব্যক্তিজন ভ্লাডলেন টাটাৰ্স্কি, যি এজন যুদ্ধ সংবাদদাতা আৰু ব্ল’গাৰ আছিল বুলি আভ্যন্তৰীণ মন্ত্ৰালয়ে নিশ্চিত কৰিছে বুলি টাছে প্ৰকাশ কৰে ৷ মন্ত্ৰালয়ৰ প্ৰেছ চেণ্টাৰে কয়, "২০২৩ চনৰ ২ এপ্ৰিলৰ সন্ধিয়া ৬:১৩ বজাত ২৫ নং ইউনিভাৰ্চিটিজয়া বান্ধত সংঘটিত বিস্ফোৰণৰ তথ্য আৰক্ষীয়ে লাভ কৰে ৷ বিস্ফোৰণত এজন লোকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা ব্যক্তিজন আছিল যুদ্ধ সংবাদদাতা ভ্লাডলেন টাটাৰ্স্কি ৷ এই বিস্ফোৰণত ষোল্লজন লোক আহত হয় (Paramilitary force of Russia)।"

ইউক্ৰেইনত ৰাছিয়াৰ বিশেষ সামৰিক অভিযানৰ আৰম্ভণিতে ভ্লাডলেন টাটাৰ্স্কি বহুলভাৱে পৰিচিত আছিল কাৰণ তেওঁ দৈনিক এই সন্দৰ্ভত ভেচেৰ্নি ভ্লাডলেন শীৰ্ষক ভিডিঅ’ পোষ্ট কৰিছিল ৷ ভিডিঅ’বোৰত তেওঁ অভিযানৰ গতিবিধি বিশ্লেষণ কৰিছিল আৰু পৰামৰ্শ দিছিল ৷ ইয়াৰ উপৰিও তেওঁ ক্ৰেমলিনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে লুগানস্ক আৰু ডনেস্ক পিপলছ ৰিপাব্লিকছ (এলপিআৰ আৰু ডিপিআৰ), খেৰচন আৰু জাপ’ৰিজ্জিয়া অঞ্চল ৰাছিয়াত পুনৰ অন্তৰ্ভুক্তিৰ ওপৰত বক্তব্য দিয়াৰ সময়ত তেওঁ এটা ভিডিঅ’ শ্বুট কৰিছিল বুলি TASS নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছে (Ukraine Bakhmut Captured by Russia) ৷

আক্ৰমণৰ শেহতীয়া তথ্য মতে, আইন প্ৰয়োগকাৰী সংস্থাৰ এজন মুখপাত্ৰই কয় যে কেফেত সংঘটিত বিস্ফোৰণটোত শক্তিশালী বিস্ফোৰক ব্যৱহাৰ হৈছিল, বিস্ফোৰণটো সামৰিক সংবাদদাতা ভ্লাডলেন টাটাৰ্স্কিক লক্ষ্য কৰি ঘটোৱা হৈছিল । মুখপাত্ৰগৰাকীয়ে কয় যে 'ঠছেইণ্ট পিটাৰ্ছবাৰ্গৰ কেফেত বিস্ফোৰণটোত আক্ৰমণাত্মক শক্তিশালী উপাদান আছিল ৷ ইয়াৰ লক্ষ্য আছিল যুদ্ধ সংবাদদাতা ভ্লাডলেন টাটাৰ্স্কি (Ukraines Bakhmut city captured) ৷

লগতে পঢ়ক: IPL 2023 MI Vs RCB: মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 8 উইকেটত জয় RCB ৰ; কোহলী, ডু প্লেচিছৰ শ্বটৰ ধুমুহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.