ETV Bharat / international

Russia attack on Ukraine : পুনৰ ইউক্ৰেইনত আক্ৰমণ; নিহত ৩ সাধাৰণ নাগৰিক - Russia Ukraine war

ইউক্ৰেইনৰ কেইবাটাও অঞ্চলত ৰাছিয়াৰ সেনাৰ গুলীবৰ্ষণ । ৩ গৰাকী সাধাৰণ নাগৰিক নিহত হোৱাৰ খবৰ পোৱা গৈছে । কেইবাজনো আহত হৈছে । ইউক্ৰেইনৰ পক্ষত থিয় দিছে স্পেইন ।

Russia attack on Ukraine
পুনৰ ইউক্ৰেইনত আক্ৰমণ
author img

By

Published : Jul 2, 2023, 2:55 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ জুলাই: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘৰ্ষ অব্যাহত আছে । ইয়াৰ মাজতে ইউক্ৰেইনত প্ৰচণ্ড গুলীবৰ্ষণ । দেশখনৰ পূব আৰু দক্ষিণ প্ৰান্তত চলা এই গুলীবৰ্ষণত ৩ গৰাকী সাধাৰণ লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে গুলীবৰ্ষণত প্ৰায় ১৭ গৰাকী লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । ইফালে ইউক্ৰেইনে দাবী কৰা মতে ৰাছিয়া এই আক্ৰমণত জড়িত আছে । ৰাছিয়াৰ বিৰুদ্ধে ইউক্ৰেইনক সমৰ্থন প্ৰদৰ্শনৰ বাবে স্পেইনৰ প্ৰধানমন্ত্ৰীয়ে কিভ ভ্ৰমণ কৰাৰ সময়তে ৰাছিয়াৰ এই আক্ৰমণ পোহৰলৈ আহিছে ।

ইউক্ৰেইনৰ সংসদত উত্তাল ভাষণ প্ৰদান কৰি স্পেইনৰ প্ৰধানমন্ত্ৰী পেদ্ৰো স্নচেজে কয় যে যেতিয়ালৈকে প্ৰয়োজন হ'ব তেওঁৰ দেশ ইউক্ৰেইনৰ সৈতে থাকিব । ইউক্ৰেইনলৈ অবৈধ আৰু অযৌক্তিক ৰাছিয়াৰ আক্ৰমণৰ বিৰুদ্ধে ইউৰোপীয় (ইউনিয়ন) আৰু ইউৰোপৰ দৃঢ় সংকল্প প্ৰকাশ কৰিবলৈ তেওঁ ইউক্ৰেইন ভ্ৰমণ কৰিছে বুলিও ভাষণত প্ৰকাশ কৰে । ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ সৈতে সংবাদমেলত প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে স্পেইনে ইউক্ৰেইনলৈ ৪ খন লেপ'ৰ্ড টেংক আৰু সশস্ত্ৰ কৰ্মচাৰীৰ বাবে বাহন, লগতে এখন পোৰ্টেবল ফিল্ড হাস্পটালকে ধৰি অধিক গধুৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰিব ।

স্পেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ পাচতে ইউক্ৰেইনত শুকুৰবাৰে ৰাছিয়াই গুলীবৰ্ষণ কৰে বুলি জানিব পৰা গৈছে । বিষয়াসকলে জনোৱা মতে পূব ডনেটস্ক অঞ্চলত দুয়োপক্ষৰ সেনাৰ মাজত ভয়ংকৰ সংঘাত চলি থকা বুলি জনাইছে । ইউক্ৰেইনৰ জেনেৰেল ষ্টাফে জনোৱা মতে ডনেটস্কৰ তিনিটা অঞ্চলত ভয়ংকৰ সংঘৰ্ষ হৈছিল । ৰাছিয়াৰ সেনাই অঞ্চলটো অধিগ্ৰহণৰ চেষ্টা কৰি আছে । প্ৰশাসনে জনোৱা মতে শুকুৰবাৰে নিশা হোৱা সংঘৰ্ষত দক্ষিণৰ খেৰচন অঞ্চলত এটা শিশুসহ ৫ গৰাকী লোক আহত হয় ।

ৰাছিয়াৰ বাহিনীয়ে অঞ্চলটোত ৮২ টা আৰ্টিলাৰী, ড্ৰোণ, মৰ্টাৰ শ্বেল আৰু ৰকেট আক্ৰমণ আৰম্ভ কৰিছে । লক্ষণীয়ভাৱে উক্ত অঞ্চলটো শেহতীয়াকৈ বানপানীৰ কৱলত পৰিছে । ডিনিপ্ৰো নদী বান্ধ ছিগি যোৱাৰ পাচতে অঞ্চলটো বানৰ কৱলত পৰিছে ।

লগতে পঢ়ক :Air Force planes crashed : বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত; 2 জন নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.