ETV Bharat / international

Russian Air Strikes : ৰাছিয়াই আক্ৰমণ চলালে ছিৰিয়াত - মধ্য প্ৰাচ্যৰ প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ ছিৰিয়া

ৰাছিয়াই আকাশী পথেৰে চলালে ছিৰিয়াৰ ওপৰত আক্ৰমণ ৷ 9 জন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও 12 জন লোক আহত হোৱা বুলি স্থানীয় সংবাদ সূত্ৰত প্ৰকাশ ৷

Etv Bharat
Etv Bharat
author img

By

Published : Jun 26, 2023, 9:52 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 জুন : ৰাছিয়াৰ যুঁজাৰু বিমানে মধ্য প্ৰাচ্যৰ প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰ ছিৰিয়াৰ বিদ্ৰোহী নিয়ন্ত্ৰিত উত্তৰ-পশ্চিম ইডলিব প্ৰদেশত বোমা নিক্ষেপ কৰাৰ ফলত কমেও 9 জন লোক নিহত হয় ৷ লগতে এই আক্ৰমণত কেইবা ডজন লোক আহত হয় বুলি স্থানীয় হোৱাইট হেলমেটছ জৰুৰীকালীন সঁহাৰি গোটে জানিবলৈ দিয়ে ৷ ইডলিবৰ জিছৰ আল শ্বুঘুৰ চহৰত সংঘটিত হোৱা এই আক্ৰমণৰ ফলত এখন ফল-মূলৰ বজাৰ ক্ষতিগ্ৰস্ত হয় । মধ্য প্ৰাচ্যৰ যুদ্ধ বিধস্ত দেশখনত ঈদ আল-আধাৰ উৎসৱৰ পূৰ্বে আকাশী পথেৰে চলোৱা আক্ৰমণৰ এইটো দ্বিতীয় দিন বুলি জনায় হোৱাইট হেলমেটে ৷ বিগত চাৰিদিনত আৰ্টিলাৰীৰ গুলীও দেখিবলৈ পোৱা গৈছে বুলি অসামৰিক প্ৰতিৰক্ষা বিভাগে জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, যুদ্ধ বিধস্ত ছিৰিয়াৰ ভূমিত ৰাছিয়াৰ সামৰিক বিমানেৰে লক্ষণীয়ভাৱে আগ্ৰাসন দেখিবলৈ পোৱা গৈছে । দেওবাৰে জিছৰ আল শ্বুঘুৰৰ ওপৰত সংঘটিত হোৱা আক্ৰমণটো চলিত বৰ্ষ অৰ্থাৎ ২০২৩ চনত উত্তৰ-পশ্চিম ছিৰিয়াত সংঘটিত হোৱা সবাতোকৈ মাৰাত্মক আক্ৰমণ বুলি বিবেচিত হৈছে । তদুপৰি, এপ্ৰিল মাহত ৰাছিয়াৰ পাইলটসকলে ছিৰিয়াৰ আকাশত সাম্ৰাজ্যবাদী ৰাষ্ট্ৰ আমেৰিকাৰ জেট বিমানক “ডগফাইট” কৰাৰ চেষ্টা চলাইছিল বুলিও আমেৰিকাই জানিবলৈ দিয়ে । তুলনামূলকভাৱে এচৰা-ওচৰাকৈ আকাশী যুদ্ধত লিপ্ত হোৱা পৰিলক্ষিত হৈছিল দেশ দুখনে ৷ ইয়াৰ পিচতে অৰ্থাৎ চলিত মাহৰ আৰম্ভণিতে ৰাছিয়াৰ বিমানৰ “অসুৰক্ষিত আৰু অপেছাদাৰী আচৰণ” সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি আমেৰিকাই মধ্যপ্ৰাচ্যত এফ-22 যুঁজাৰু বিমান নিয়োগ কৰিছিল ।

ইয়াৰ পূৰ্বে ছিৰিয়াৰ সীমান্তৰ সমীপৰ পূব লেবাননত সংঘটিত বিস্ফোৰণত 5 জন লোক নিহত হৈছিল । আল জাজিৰাই প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি এই মৃত্যুৰ বাবে পেলেষ্টাইনৰ সশস্ত্ৰ বাহিনীয়ে ইজৰাইলক জগৰীয়া কৰিছে । পপুলাৰ ফ্ৰণ্ট ফৰ দ্য লিবাৰেশ্যন অৱ পেলেষ্টাইন (পিএফএলপি)ৰ সশস্ত্ৰ শাখা জেনেৰেল কমাণ্ড (পিএফএলপি-জিচি)ৰ মতে, পূব লেবাননত সংঘটিত বিস্ফোৰণত পাঁচজন ইজৰাইলী লোকৰ মৃত্যুৰ বাবে ইজৰাইলক দোষাৰোপ কৰা হৈছে ।

লগতে পঢ়ক : Titan Submersible Crew Dead : টাইটানিকৰ অনুসন্ধানত গৈ এইবাৰ সন্ধানহীন টাইটান; ৫ যাত্ৰীক মৃত্যু ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.