ETV Bharat / international

Allegation against Wagner chief : ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ

author img

By

Published : Jun 24, 2023, 12:48 PM IST

ৱেগনাৰ মাৰ্চিনেৰী গ্ৰুপৰ মুৰব্বী প্ৰিগোজিন আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ মাজত সংঘাত যথেষ্ট বৃদ্ধি পাইছে । সশস্ত্ৰ বিদ্ৰোহৰ আহ্বান জনোৱাৰ অভিযোগ তুলি প্ৰিগোজিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ ৰাছিয়া চৰকাৰৰ । চৰকাৰ তথা ৰছিয়া সেনাক তীব্ৰ সমালোচনা ৱেগনাৰ আৰ্মীৰ মুৰব্বীৰ ।

Allegation against Wagner chief
ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ জুন : ৰাছিয়াৰ মিলিটাৰী গ্ৰুপ ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ । চোৰাংচোৱা সংস্থাই তেওঁৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ আহ্বান জনোৱাৰ অভিযোগ উত্থাপন কৰিছিল । তাৰ পাছতে ৰাছিয়া চৰকাৰে য়েভগেনি প্ৰিগোজিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে ।

উল্লেখ্য যে ৰাছিয়াৰ সামৰিক বাহিনীয়ে ৱেগনাৰ মাৰ্চিনেৰী গ্ৰুপৰ শিবিৰত আক্ৰমণ কৰিছিল য'ত বহু জোৱানক হত্যা কৰাৰ অভিযোগ উঠিছিল । তাৰ পাছতে ৱেগনাৰ আৰ্মীয়ে প্ৰতিশোধ লোৱাৰ প্ৰতিশ্ৰুতি দিছিল বুলি চৰ্চা চলিছিল । এনে চৰ্চাৰ মাজতে শুক্ৰবাৰে নিশা ফেডাৰেল চিকিউৰিটি চাৰ্ভিচে (এফএছবি) ৱেগনাৰ আৰ্মীৰ শিবিৰবোৰ বন্ধ কৰিবলৈ আৰু তেওঁলোকৰ মুৰব্বীক আটক কৰিবলৈ নিৰ্দেশ দিয়ে ।

ৰাছিয়াৰ চৰকাৰী টিভিয়েও শুকুৰবাৰে নিশা প্ৰিগোজিনৰ মন্তব্য বাস্তৱৰ সৈতে খাপ খোৱা নাই বুলি দাবী কৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিৰ জৰিয়তে তেওঁক অবৈধ কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় । ইফালে ৰাছিয়াৰ ৰাজধানী মস্কোৰ চাৰিওফালে আৰু দক্ষিণ-পূব ইউক্ৰেইনৰ সমীপৰ ৰোষ্টভ চহৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী প্ৰিগোজিনে দাবী কৰিছিল যে তেওঁৰ বাহিনীয়ে ইউক্ৰেইনৰ পৰা সীমান্ত অতিক্ৰম কৰি ৰাছিয়ালৈ আহিছিল । আনকি ৰাছিয়াৰ সেনাক শাস্তি দিয়া হ'ব বুলি তেওঁ হুংকাৰ দিছিল । তেওঁক কোনেও বাধা দিব নোৱাৰে বুলিও দাবী কৰিছিল । তেওঁ লগতে কয় যে ৰাছিয়াৰ সামৰিক নেতৃত্বৰ দুষ্টালি বন্ধ কৰিব লাগিব আৰু ন্যায়ৰ বাবে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিব লাগিব । কিন্তু ৱেগনাৰ মুৰব্বীয়ে স্পষ্ট কৰি দিছে যে তেওঁ ক্ৰেমলিনৰ মতে সামৰিক অভ্যুত্থানৰ চেষ্টা কৰা নাই । ইফালে সমগ্ৰ বিষয়টোক লৈ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন উদ্বিগ্ন আৰু নিৰন্তৰ তেওঁ খবৰ ৰাখিছে ।

উল্লেখ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পাছৰে পৰা প্ৰিগোজিন আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ছেৰ্গেই শোইগুৰ মাজত ক্ষমতাৰ যুঁজ চলি আছে বুলি সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে ।

লগতে পঢ়ক :Chinese surveillance: ম্যানমাৰৰ কোকো দ্বীপৰ পৰা ভাৰতৰ ওপৰত নিৰীক্ষণ চীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.