ETV Bharat / international

পৰিৱেশ আৰু অৰ্থনীতিত ব্যাপক আঘাত হানিছে ৰহিংগীয়া শৰণাৰ্থীয়ে: শ্বেখ হাছিনা

author img

By

Published : Sep 24, 2022, 10:55 AM IST

বাংলাদেশত ৰহিংগীয়াসকলৰ দীৰ্ঘম্যাদী উপস্থিতিয়ে অৰ্থনীতি, পৰিৱেশ, নিৰাপত্তা আৰু সামাজিক-ৰাজনৈতিক স্থিৰতাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে । এই কথা প্ৰকাশ কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই (Rohingyas refugees create problems in Bangladesh) ।

Rohingyas to Bangladesh from Myanmar
hasina

ইণ্টাৰনেচনেল ডেস্ক, ২৪ ছেপ্টেম্বৰ : ৰহিংগীয়া শৰণাৰ্থীসকলে বাংলাদেশৰ অৰ্থনীতি, পৰিৱেশ, নিৰাপত্তা আৰু দেশৰ সামাজিক-ৰাজনৈতিক স্থিৰতাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে (Rohingyas refugees create problems in Bangladesh) । এই কথা প্ৰকাশ কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই । তেওঁ লগতে ৰাষ্ট্ৰসংঘক এই ক্ষেত্ৰত কাৰ্যকৰী ভূমিকা পালন কৰিবলৈ আহ্বান জনায় (Sheikh Hasina urged United Nations) ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৭ সংখ্যক অধিবেশনত ভাষণ দি বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে (Bangladesh PM addressing UN General Assembly) কয়, "বাংলাদেশত ৰহিংগীয়াসকলৰ দীৰ্ঘম্যাদী উপস্থিতিয়ে অৰ্থনীতি, পৰিৱেশ, নিৰাপত্তা আৰু সামাজিক-ৰাজনৈতিক স্থিৰতাৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাইছে ।"

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত অংশগ্ৰহণ কৰিবলৈ নিউয়ৰ্কত গৈ উপস্থিত হোৱা প্ৰধানমন্ত্ৰী হাছিনাই (PM Hasina in New York to attend UNGA) কয় যে প্ৰত্যাৱৰ্তনক লৈ অনিশ্চয়তাৰ ফলত দেশখনত ব্যাপক হতাশাৰ সৃষ্টি হৈছে আৰু মানৱ আৰু ড্ৰাগছ সৰবৰাহকে ধৰি সীমান্তৰ সিপাৰৰ পৰা সংগঠিত অপৰাধো বৃদ্ধি পাইছে (Human and drug trafficking) । "পৰিস্থিতিয়ে আনকি সম্ভাৱ্যভাৱে মৌলবাদক ইন্ধন যোগাব পাৰে । যদি সমস্যাটো আৰু অধিক অব্যাহত থাকে, ই অঞ্চলটোৰ নিৰাপত্তা আৰু স্থিৰতা প্ৰভাৱিত কৰিব পাৰে ।" প্ৰধানমন্ত্ৰী হাছিনাই লগতে কয় ।

উল্লেখ্য, ২০১৭ চনত ম্যানমাৰৰ পৰা বাংলাদেশলৈ ৰহিংগীয়াসকলৰ গণ প্ৰস্থানৰ (Rohingyas to Bangladesh from Myanmar) পাঁচ বছৰৰ কথা স্মৰণ কৰি হাছিনাই কয় যে নেপিড'ৰ সৈতে সম্পৰ্ক আৰু ৰাষ্ট্ৰসংঘৰ সৈতে সম্পৰ্ক থকা সত্ত্বেও এজনো ৰহিংগীয়াক ম্যানমাৰত থকা তেওঁলোকৰ পৈতৃক ঘৰলৈ প্ৰত্যাৱৰ্তন কৰাব পৰা হোৱা নাছিল ।

হাছিনাই এই ক্ষেত্ৰত সংকট আৰু বিবাদ সমাধানৰ বাবে আলোচনাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে । তেওঁ বিশ্ব সম্প্ৰদায়ক শান্তিপূৰ্ণ বিশ্ব গঢ়াৰ বাবে অস্ত্ৰ প্ৰতিযোগিতা, যুদ্ধ আৰু নিষেধাজ্ঞা বন্ধ কৰিবলৈ আহ্বান জনায় । "বিশ্ব সম্প্ৰদায়ৰ বিবেকৰ প্ৰতি মোৰ আগ্ৰহ- অস্ত্ৰ-শস্ত্ৰৰ দৌৰ, যুদ্ধ আৰু নিষেধাজ্ঞা বন্ধ কৰক, শিশুসকলৰ খাদ্য আৰু সুৰক্ষা নিশ্চিত কৰক; শান্তি গঢ়ি তোলক ।" তেওঁ কয় ।

তেওঁ লগতে কয়, "আমি বিশ্বাস কৰোঁ যে সংঘৰ্ষৰ মূল কাৰণবোৰ সমাধান নকৰাকৈ, আমি শান্তি বজাই ৰাখিব নোৱাৰোঁ ।" বৰ্ধিত সহযোগিতা আৰু সংহতি, অংশীদাৰী সমৃদ্ধি আৰু সামূহিক পদক্ষেপৰ সৈতে এখন শান্তিপূৰ্ণ পৃথিৱী চাবলৈ বিচাৰি শ্বেখ হাছিনাই কয়, "আমি একেটা গ্ৰহতে বাস কৰোঁ আৰু ইয়াক উন্নত অৱস্থাত এৰি থৈ যোৱাৰ বাবে আমি আমাৰ ভৱিষ্যত প্ৰজন্মৰ ওচৰত ঋণী ।"

লগতে পঢ়ক :হিজাব পৰিধান নকৰাৰ বাবেই সাংবাদিকক সাক্ষাৎকাৰ নিদিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.