ETV Bharat / international

Syria after quake kills 4000 : তুৰস্ক ছিৰিয়া সীমান্তৰ চৌদিশে কেৱল মাথো ধ্বংসাৱশেষ - Syria after quake kills 4000

ছিৰিয়াত হোৱা ভূমিকম্পত মৃতকৰ সংখ্যা ৪০০০ লৈ বৃদ্ধি (Syria after quake kills 4000)৷ উদ্ধাৰ অভিযান অব্যাহত ৷

Syria after quake kills 4000
তুৰস্ক ছিৰিয়া সীমান্তৰ চৌদিশে কেৱল মাথো ধ্বংসাৱশেষ
author img

By

Published : Feb 7, 2023, 1:47 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 ফেব্ৰুৱাৰী : তুৰস্ক আৰু ছিৰিয়াৰ আকাশত এতিয়া প্ৰতি নিয়ত বাজিছে মৃত্যু ঘণ্টা ৷ সোমবাৰৰ পুৱাই মৃত্যু উপত্যকালৈ পৰ্যবসিত হৈছে দেশ দুখন ৷ তুৰস্ক আৰু ছিৰিয়াৰ এক বৃহৎ অঞ্চলত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ইতিমধ্যে মৃত্যু ঘটিছে বহু লোকৰ ৷ উচ্চ প্ৰাবল্যৰ এই ভূমিকম্পত মধ্য তুৰস্কত হাজাৰ হাজাৰ অট্টালিকা ধ্বংসস্তূপত পৰিণত হয় ৷ বৰ্তমানলৈকে ৪০০০ গৰাকীতকৈও অধিক লোকৰ মৃত্যু হোৱা বুলি সংবাদ সূত্ৰত প্ৰকাশ ৷ বৰ্তমানেও ধ্বংসস্তূপত আৱদ্ধ হৈ আছে বহু লোক ৷

সপ্তাহটোৰ আৰম্ভণিতেই 7.8 ৰিখটাৰ স্কেলৰ এটা প্ৰৱল ভূমিকম্পই জোঁকাৰি গ’ল মধ্য তুৰস্কক (Earthquake jolts Turkey)। ভূমিকম্পৰ কেন্দ্ৰবিন্দু 18 কিলোমিটাৰ গভীৰত বুলি আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জানিবলৈ দিছে (Turkey earthquake epicenter)৷ শেহতীয়া তথ্য অনুসৰি বৰ্তমানলৈকে 4,000 গৰাকীতকৈও অধিক লোকৰ মৃত্যু ঘটিছে ভূমিকম্পৰ ফলত ৷ তাৰোপৰি এতিয়াও ধ্বংসস্তূপত আৱদ্ধ হৈ আছে বহু লোক ৷

৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পত ৪০০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিচত প্ৰচণ্ড শীতকো নেওচি উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে অনুসন্ধান (Syria after quake kills 4000) ৷ বৃহৎ এলেকাটোত ভূমিকম্প হৈ যোৱাৰ পাছত ধ্বংসাৱশেষৰ মাজত জীৱিত লোক থকাৰ আশংকাত উদ্ধাৰকাৰী দলে অনুসন্ধান অব্যাহত ৰাখিছে ৷ প্ৰথমটো ভূমিকম্পৰ পিচত পুনৰ হোৱা 7.5 প্ৰাৱল্যৰ জোকাৰণিৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে (Rescuers scramble in Turkey) উদ্ধাৰকাৰী দলে ৷

ধ্বংসাৱশেষৰ মাজত বৰষুণ আৰু বৰফৰ সৈতে যুঁজি থকাৰ সময়ত আৰ্তসকলে ধবংসস্তুপৰ মাজৰ পৰাই সহায়ৰ হাত বিচাৰি চিৎকাৰ কৰি থকা দৃশ্য অতিকে হৃদয় বিদাৰক ৷ হতাশাগ্ৰস্ত পৰিয়ালসমূহে আপোনজনৰ খবৰৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে উদ্ধাৰকাৰী দলে অতি সৰ্তকতাৰে কংক্ৰিটৰ ফলকবোৰ আতঁৰাই মৃতদেহবোৰ উলিয়াই অনা কৰুণ দৃশ্যসমূহে সকলোকে কৰি তুলিছে ম্ৰিয়মান ।

সোমবাৰে তুৰ্কীৰ আডানা চহৰৰ ধ্বংসপ্ৰাপ্ত এটি এপাৰ্টমেণ্টৰ কাষত ১১/২ বছৰীয়া নাতিটোক উদ্ভাৰ কৰিবলৈ ৰাউচি জুৰি কান্দিছে ইমৰাণ বাহুৱে । প্ৰচণ্ড শীতকো নেওচি তুৰস্ক আৰু ছিৰিয়াত গৃহহীন হৈ পৰা লাখ লাখ লোকে পথত অথবা যিকোনো মুক্ত স্থানত কটাবলগীয়া হৈছিল নিশাটো । অভিকেন্দ্ৰৰ পৰা প্ৰায় ৩৩ কিলোমিটাৰ (২০ মাইল) দূৰত্বত অৱস্থিত প্ৰাদেশিক ৰাজধানী তুৰ্কীৰ গাজিয়ানেপ চহৰত মানুহে শ্বপিং মল, ষ্টেডিয়াম, মছজিদ আৰু কমিউনিটি চেণ্টাৰত আশ্ৰয় ল’বলগীয়া হৈছিল । এনে পৰিপেক্ষিতত তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানে ৭ দিনৰ বাবে ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে (Turkish President Recep Tayyip Erdogan) ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে (US President Joe Biden) দেশখনৰ ৰাষ্ট্ৰপতি এৰদোগানক ফোনযোগে খবৰ লৈ শোক প্ৰকাশ কৰাৰ লগতে নাটোৰ মিত্ৰ দেশখনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে । তুৰস্কৰ এই প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ হোৱাইট হাউছে অনুসন্ধান আৰু উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে । তুৰস্কৰ দক্ষিণ-পূৱ প্ৰদেশ কাহৰামানমাৰাছক কেন্দ্ৰ কৰি হোৱা এই ভূমিকম্পৰ ফলত ডামাস্কাছ আৰু বেইৰুটৰ বাসিন্দাসকলে পথলৈ লৰালৰিকৈ দৌৰ মাৰে ৷

যোৱা দশকত প্ৰচণ্ড দুখ-কষ্টৰ সন্মুখীন হোৱা অঞ্চল এটাক এই ভূমিকম্পই অধিক ধবংসস্তূপলৈ পৰিণত কৰিলে । ছিৰিয়াৰ ফালৰ পৰা এই অঞ্চলটো চৰকাৰী ভূখণ্ড আৰু ৰাছিয়াৰ সমৰ্থিত চৰকাৰী বাহিনীয়ে আগুৰি থকা দেশখনৰ শেষৰটো বিৰোধীৰ অধীনস্থ এনক্লেভৰ মাজত বিভক্ত । আনফালে, গৃহযুদ্ধৰ পিচৰে পৰা তুৰস্ক লাখ লাখ শৰণাৰ্থীৰ বাসস্থান হৈ পৰিছে ।

বিদ্ৰোহীৰ অধীনস্থ এনক্লেভত শ শ পৰিয়াল ধ্বংসাৱশেষত আবদ্ধ হৈ আছে বুলি হোয়াইট হেলমেট নামেৰে পৰিচিত বিৰোধী জৰুৰীকালীন সংস্থাটোৱে এক বিবৃতি যোগে প্ৰকাশ কৰিছে । যুদ্ধৰ ফলত দেশৰ অন্যান্য প্ৰান্তৰ পৰা স্থানচ্যুত হোৱা প্ৰায় ৪০ লাখ লোকেৰে অঞ্চলটো ভৰি পৰিছে । বহুতে ইতিমধ্যে বোমাবৰ্ষণৰ ফলত ধ্বংসপ্ৰাপ্ত অট্টালিকাসমূহলৈ ঘূৰি গৈ বাস কৰিবলৈ আৰম্ভ কৰিছে ।

আহত লোকেৰে চিকিৎসা কেন্দ্ৰসমূহ দ্ৰুতগতিত ভৰি পৰা বুলি উদ্ধাৰকাৰীসকলে জানিবলৈ দিয়ে ৷ ছামছৰ চিকিৎসা সংস্থাই জানিবলৈ দিয়া অনুসৰি, প্ৰসূতি চিকিৎসালয়কে ধৰি কিছুমান সুবিধা বন্ধ কৰিবলগীয়া হৈছে বৰ্তমান । তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এজন বিষয়া অৰহান টাটাৰে জনোৱা মতে, ১০খন প্ৰদেশত ৭৮০০ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে ।

উল্লেখ্য যে, ১৯৯৯ চনত উত্তৰ-পশ্চিম তুৰস্কত সংঘটিত হোৱা একেধৰণৰ এক শক্তিশালী ভূমিকম্পত প্ৰায় ১৮ হাজাৰ লোকৰ মৃত্যু হৈছিল । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে সোমবাৰৰ ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.৮ জুখিছিল, যাৰ গভীৰতা ১৮ কিলোমিটাৰ (১১ মাইল)। ঘণ্টাৰ পিছত ঘণ্টা ধৰি ১০০ কিলোমিটাৰতকৈও অধিক দূৰত্বত ৭.৫ ৰিখটাৰৰ জোকাৰণিৰ সৃষ্টি হয়, যিটো সম্ভৱতঃ প্ৰথমটোৰ ফলত উদ্ভৱ হৈছিল ।

দ্বিতীয়টো জোকাৰণিৰ ফলত তুৰ্কীৰ ছানলিউৰ্ফা চহৰৰ এটা বহুমহলীয়া এপাৰ্টমেণ্ট মবহুৰ্তৰ ভিতৰতে ধ্বংসস্তুপলৈ পৰিনত হোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমযোগে ভাইৰেল হৈ পৰে । ছিৰিয়াৰ আলেপ্পো আৰু হামা চহৰৰ পৰা উত্তৰ-পূৱ দিশত ৩৩০ কিলোমিটাৰ (২০০ মাইল)তকৈ অধিক দূৰত্বত অৱস্থিত তুৰস্কৰ দিয়াবাকিৰলৈকে বিস্তৃত অঞ্চলত হাজাৰ হাজাৰ অট্টালিকা ভাঙি পৰাৰ বাতৰি পোৱা গৈছে ।

কেৱল তুৰস্কত ৫৬০০ ৰো অধিক অট্টালিকা ধ্বংস হোৱা বুলি কৰ্তৃপক্ষই জনায় । তুৰ্কীৰ ইস্কেণ্ডৰুন চহৰত চিকিৎসালয়সমূহৰো ক্ষতিসাধন হয়, আৰু এখন চিকিৎসালয় ভাঙি ধ্বংস হয় । নটিংহাম ট্ৰেণ্ট বিশ্ববিদ্যালয়ৰ প্ৰাকৃতিক বিপদৰ বিশেষজ্ঞ ডাঃ ষ্টিভেন গডবিয়ে ঠাণ্ডাৰ সমান্তৰালভাৱে গৃহযুদ্ধই জুৰুলা কৰা অঞ্চলত কাম কৰাৰ অসুবিধাই উদ্ধাৰ প্ৰচেষ্টাক আৰু অধিক জটিল কৰি তুলিব বুলি উল্লেখ কৰিছে ।

ইফালে দুৰ্যোগৰ সময়ত বিভিন্নখন দেশে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ ইউৰোপীয় সংঘ আৰু নাটোৰ পৰাও অনুসন্ধান আৰু উদ্ধাৰকাৰী দলৰ লগতে চিকিৎসা সামগ্ৰী আৰু আৰ্থিক সহায়ৰ ৰ্প্ৰস্তাৱ আগবঢ়োৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Rhino death in Golaghat: গোলাঘাটত অঘটন, বনবিভাগৰ হেমাহিৰ বাবেই এটা আঘাটপ্ৰাপ্ত গড়ৰ মৃত্যুৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.