ETV Bharat / international

ভেনিজুৱেলাত শোকাৱহ ঘটনা: বান আৰু ভূমিস্খলনত ২২ জনৰ মৃত্যু - Rain fuelled landslide

ভেনিজুৱেলাত সংঘটিত হৈছে শোকাৱহ ঘটনা ৷ ধাৰাষাৰ বৰষুণে আতংক কঢ়িয়াই আনিলে ৰাষ্ট্ৰখনলৈ ৷ বৰষুণৰ ফলত সৃষ্ট বান আৰু ভূমিস্খলনত ভেনিজুৱেলা চহৰত ২২ জনৰ মৃত্যু ৷

rain-fuelled-landslide-sweeps-through-venezuela-town
ভেনিজুৱেলাত শোকাৱহ ঘটনা: বান আৰু ভূমিস্খলনত ২২ জনৰ মৃত্যু
author img

By

Published : Oct 10, 2022, 7:37 AM IST

Updated : Oct 10, 2022, 9:00 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 10 অক্টোবৰ: ভেনিজুৱেলাত সংঘটিত হৈছে শোকাৱহ ঘটনা ৷ মধ্য ভেনিজুৱেলাত যোৱা কেইবাদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত ভয়াৱহ বানৰ সৃষ্টি হয় ৷ তীব্ৰ মাত্ৰাত হোৱা বৰষুণৰ ফলত ওফন্দি উঠে ৰাষ্ট্ৰখনৰ পাঁচখনকৈ নদী ৷ ফলত বান আৰু ভূমিস্খলনৰ সৃষ্টি হয় ৷ যাৰ বাবে বান আৰু ভূমিস্খলনত মৃত্যু হয় ২২ গৰাকী লোকৰ ৷ ইফালে বৰ্তমানেও সন্ধানহীন হৈ আছে বহুলোক (Rain fuelled landslide sweeps through Venezuela town) ৷

উল্লেখ্য যে, কাৰাকাছৰ পৰা ৮৭ কিলোমিটাৰ দক্ষিণ-পশ্চিমে আৰাগুয়া ৰাজ্যৰ এখন কৃষি-ঔদ্যোগিক চহৰ ছান্টোছ মিচেলেনাৰ লাছ টেজেৰিয়াছৰ বাসিন্দাসকলে শনিবাৰে সন্ধিয়া নিৰাপদ স্থানত উপনীত হ’বলৈ চেষ্ঠা কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ নিৰাপদ স্থানত উপনীত হোৱাৰ মাত্ৰ কেইছেকেণ্ডমান পূৰ্বেই ঢলি পৰে এখন পাহাৰ ৷ যাৰ ফলত পাহাৰৰ ধ্বংসাৱশেষত সোমাই পৰে বহুলোক ৷

উপ-ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে জনোৱা মতে, দেওবাৰে ২০ টা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মৃত্যু হোৱা লোকৰ সংখ্যা ২২ গৰাকীলৈ বৃদ্ধি পায় । ইফালে পাঁচখনকৈ নদী ওফন্দি অহাৰ ফলত লাছ টেজেৰিয়াছৰ অঞ্চলত বৃহৎ ভূমিস্খলন হয় । উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, ইতিমধ্যে ২২ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমানেও ৫২ গৰাকীতকৈ অধিক লোক নিৰুদ্দেশ হৈছে ।

ইফালে সন্ধানহীন হোৱা লোকৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

লগত পঢ়ক: উত্তৰ প্ৰদেশত ধাৰাসাৰ বৰষুণত ২৫ জনৰ মৃত্যু, বিদ্যালয় বন্ধ ঘোষণা

Last Updated : Oct 10, 2022, 9:00 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.