ইণ্টাৰনেশ্যনেল ডেস্ক, 30 ছেপ্টেম্বৰ: শিখ বিচ্ছিন্নতাবাদী নেতা হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ খালিস্তানী নেতাসকলেও শিখ বিচ্ছিন্নতাবাদী নেতাগৰাকীৰ হত্যাৰ ন্যায় দাবী কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকা পৰিলক্ষিত হৈছে ৷ শেহতীয়াভাৱে ব্ৰিটেইনৰ শিখ কৰ্মীৰ এটা দলে ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম দোৰাইস্বামীক প্ৰৱেশত বাধা প্ৰদান কৰে ৷
স্কটলেণ্ডৰ এটা গুৰদ্বাৰত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে খালিস্তানী নেতাৰ এটা দলে । শেহতীয়া ঘটনা আৰু ব্ৰিটেইন থকা শিখসকলক লক্ষ্য কৰি লোৱাৰ উদাহৰণ দি ব্ৰিটেইনৰ কোনো গুৰুদ্বাৰত ভাৰতীয় বিষয়াসকলক আদৰণি জনোৱা নহয় বুলি দাবী কৰে শিখ কৰ্মীসকলে । এই ঘটনাৰ এটা ভিডিঅ’ ইনষ্টাগ্ৰামত পোষ্ট কৰা হৈছে, য’ত শিখ কৰ্মী আৰু গুৰুদ্বাৰ সমিতিৰ এজন সদস্যৰ মাজত সংঘৰ্ষ হোৱা দেখা পৰিলক্ষিত হৈছে ।
খালিস্তান সমৰ্থক শিখ কৰ্মী এজনে সংবাদ মাধ্যমক জনোৱা মতে, "তেওঁলোকৰ কিছুমানে গম পাইছিল যে এলবাৰ্ট ড্ৰাইভত গ্লাছগো গুৰুদ্বাৰৰ গুৰদ্বাৰ সমিতিৰ সৈতে ডৰাইস্বামীৰ এখন বৈঠকৰ পৰিকল্পনা কৰা হৈছে । দুই এজনে আহি তেওঁক আদৰণি জনোৱা নহয় বুলি ক’লে আৰু তাৰ পিচতে তেওঁ গুচি গ’ল । সামান্য সংঘাতৰ সৃষ্টি হ’ল ।"
তেওঁ লগতে জনায়, "ব্ৰিটেইনৰ কোনো গুৰুদ্বাৰতে ভাৰতীয় বিষয়াসকলক আদৰণি জনোৱা নহয় । ব্ৰিটেইন-ভাৰতৰ গোপন বুজাবুজিৰ পৰা আমি বিৰক্ত হৈছো । হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডৰ পিছত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ ফলত ব্ৰিটিছ শিখসকলক লক্ষ্য কৰি লোৱা হৈছে । ইয়াৰ সম্পৰ্ক অৱতাৰ সিং খাণ্ডা আৰু জগতাৰ সিং জোহলৰ সৈতেও আছে ।” উল্লেখ কৰা প্ৰয়োজন যে, খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ পিচতে ক্ৰমাৎ অৱনমিত হৈছে কানাডা আৰু ভাৰতৰ সম্পৰ্ক ৷ ইয়ে বিভিন্ন ক্ষেত্ৰক প্ৰভাৱাম্বিত কৰা দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক : Row over Nijjar killing: কানাডা ভাৰতৰ মাজৰ সম্পৰ্ক বৰ্তি থকাটো অতি গুৰুত্বপূৰ্ণ; জাষ্টিন ট্ৰুডো