ETV Bharat / international

Presidential candidate in Ecuador killed : নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক গুলীয়াই হত্যা - Presidential candidate Fernando Villavicencio

দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি প্ৰায় চৰ্চাচ থকা ইকুৱেডৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ফাৰ্নাণ্ডো ভিলাভিচেঞ্চিঅ'ক গুলীয়াই হত্যা । ৰাজনৈতিক সমদলত অংশ লোৱাৰ সময়ত নেতাজনক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে । দক্ষিণ আমেৰিকাৰ দেশখনত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে ।

Presidential candidate in Ecuador killed
নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক গুলীয়াই হত্যা
author img

By

Published : Aug 10, 2023, 12:47 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ আগষ্ট : সমাগত ইকুৱেডৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । তাৰ প্ৰাকক্ষণত দক্ষিণ আমেৰিকাৰ দেশখনত ভয়ংকৰ ঘটনা । নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাষ্ট্ৰপতি পদৰ এগৰাকী প্ৰাৰ্থীক গুলীয়াই হত্যা দুৰ্বৃত্তৰ । দুৰ্নীতিৰ বিৰুদ্ধে প্ৰায়ে মাত মাতি আহিছিল ইকুৱেডৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীজনে ।

ৰাষ্ট্ৰপতি গুইলাৰ্মো লাচোৱে ফাৰ্নাণ্ডো ভিলাভিচেঞ্চিঅ'ৰ হত্যাৰ কথা নিশ্চিত কৰিছে আৰু তেওঁৰ হত্যাৰ আঁৰত ষড়যন্ত্ৰ আছিল বুলি উল্লেখ কৰিছে । ২০ আগষ্টৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভিলাভিচেঞ্চিঅ' ৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত অন্যতম আছিল ।

  • Indignado y consternado por el asesinato del candidato presidencial Fernando Villavicencio. Mi solidaridad y mis condolencias con su esposa y sus hijas. Por su memoria y por su lucha, les aseguro que este crimen no va a quedar impune.

    El Gabinete de Seguridad se reunirá en…

    — Guillermo Lasso (@LassoGuillermo) August 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ৰাষ্ট্ৰপতি গুইলাৰ্মো লাচোৱে এক বিবৃতিত কয় যে, এই হত্যাৰ আঁৰত থকাসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ'ব । আইনে হত্যাকাৰীক ৰেহাই নিদিব । ইকুৱেডৰত বৰ্ধিত হিংসাত্মক কাৰ্যকলাপ আৰু ড্ৰাগছ সৰবৰাহৰ ঘটনা বৃদ্ধি হৈছে । যাক লৈ তীব্ৰ উত্তেজনা অব্যাহত আছে । তেনে সময়তে এই ঘটনাটো সংঘটিত হোৱাত পুনৰ এবাৰ ইকুৱেডৰ কঁপি উঠিছে ।

সামাজিক মাধ্যমৰ ভিডিঅ'বোৰত প্ৰাৰ্থীজনক নিৰাপত্তা ৰক্ষীৰ বেষ্টনীত অনুষ্ঠানৰ পৰা ওলাই অহা দেখা গৈছে । ভিলাভিচেঞ্চিঅ'ক এখন বগা ট্ৰাকত প্ৰৱেশ কৰা দেখা গৈছে আৰু তাৰ পাছতে গুলীচালনা হোৱা দেখা গৈছে ।

উল্লেখ্য যে, ৫৯ বছৰীয়া ৰাজনীতিবিদগৰাকী বিল্ড ইকুৱেডৰ আন্দোলনৰ প্ৰাৰ্থী আছিল । ভিলাভিচেঞ্চিঅ'ৰ প্ৰচাৰ উপদেষ্টা পেট্ৰিচিঅ জুকুইলাণ্ডাই এছ'চিয়েটেড প্ৰেছক কোৱা মতে প্ৰাৰ্থীগৰাকীক গুলীচালনাৰ পূৰ্বে তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰিছিল । যিটো তেওঁ কৰ্তৃপক্ষক অৱগত কৰিছিল । প্ৰাৰম্ভিক খবৰ অনুসৰি গুলীচালনাৰ ঘটনাটোত আন কেইবাজনো লোক আহত হৈছে । ভিলাভিচেঞ্চিঅ' বিবাহিত আছিল আৰু তেওঁৰ ৫ টা সন্তান আছিল ।

ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ এনে অকাল মৃত্যুক সহজভাৱে ল'ব পৰা নাই তেওঁৰ সমৰ্থকসকলে । তেওঁৰ দল আৰু সমৰ্থকসকলে হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তিৰ দাবী জনাইছে । ৰাজনৈতিক মহলতো তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক :Threatening President Joe Biden: ৰাষ্ট্ৰপতি জ' বাইডেনক হত্যাৰ ভাবুকি দি FBI ৰ গুলীত প্ৰাণ হেৰুৱালে এজনে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.