ETV Bharat / international

Putin slams Wagner Chief : ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বীক আক্ৰমণ পুটিনৰ

author img

By

Published : Jun 24, 2023, 5:08 PM IST

সশস্ত্ৰ বিদ্ৰোহৰ আহ্বান জনোৱা ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনক সকীয়নি প্ৰদান কৰে ৰাষ্ট্ৰপতি পুটিনে । দেশবাসীক সুৰক্ষা প্ৰদানৰ আশ্বাস পুটিনৰ । বিদ্ৰোহৰ ঘোষণা কৰাসকলে উচিত শাস্তি পাব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

Putin slams Wagner Chief
ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বীক আক্ৰমণ পুটিনৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ জুন : দেশবাসীক সম্বোধন ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ । শনিবাৰে দেশবাসীক সম্বোধন কৰি ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনে ঘোষণা কৰা সশস্ত্ৰ বিদ্ৰোহৰ পৰাও দেশ আৰু জনসাধাৰণক সুৰক্ষা প্ৰদানৰ আশ্বাস দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

পুটিনে কয় যে বিদ্ৰোহ দেশখনৰ বাবে এক মাৰাত্মক ভাবুকি আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁ কঠোৰ পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে । যিসকলে বিদ্ৰোহৰ আৰম্ভ কৰিছে তেওঁলোকে কঠোৰ শাস্তি ভোগ কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে । পুটিনে জনোৱা মতে সশস্ত্ৰ বাহিনী আৰু অন্যান্য চৰকাৰী সংস্থাসমূহক এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে ।

ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনক তীব্ৰ সমালোচনাও কৰে ৰাষ্ট্ৰপতি পুটিনে । প্ৰিগোজিনৰ কাৰ্যক বিশ্বাসঘাতকতা আৰু দেশদ্ৰোহিতা বুলি আখ্যা দিয়ে পুটিনে । ইফালে প্ৰিগোজিনে যিসকলক এই অপৰাধৰ প্ৰতি আকৰ্ষিত কৰিছে তেওঁলোকক এনে ভুল নকৰিবলৈ আহ্বান জনোৱাৰ লগতে সঠিক পথ বাছনি ল'বলৈও অনুৰোধ জনাইছে । অপৰাধমূলক কাৰ্যত অংশগ্ৰহণ নকৰিবলৈও তেওঁ জনসাধাৰণক আহ্বান জনাইছে ।

ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাৰ সময়তে ৰাছিয়াই এনে এক সমস্যাৰ সন্মুখীন হোৱাত বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনে এক সময়ত দেশখনত বিদ্ৰোহ ঘোষণা কৰা বিষয়টোত তীব্ৰ গৰিহণা দিছে ৰাষ্ট্ৰপতি পুটিনে । পুটিনে দাবী কৰা মতে পশ্চিমৰ সমগ্ৰ সামৰিক, অৰ্থনৈতিক আৰু তথ্য যন্ত্ৰটোক ৰাছিয়াৰ বিৰুদ্ধে চলোৱা হৈছে ।

ৰাষ্ট্ৰপতিয়ে কোৱা মতে এনে সশস্ত্ৰ বিদ্ৰোহ ৰাছিয়াৰ বাবে আৰু ইয়াৰ জনসাধাৰণৰ বাবে এক আঘাত । যিসকলে এই সশস্ত্ৰ বিদ্ৰোহৰ ষড়যন্ত্ৰ কৰিছে আৰু লোকসকলক সংগঠিত কৰিছে । যিসকলে সহকৰ্মীসকলৰ বিৰুদ্ধে অস্ত্ৰ দাঙি লৈছে তেওঁলোকে ৰাছিয়াৰ সৈতে বিশ্বাসঘাতকতা কৰিছে বুলিও ৰাষ্ট্ৰপতিয়ে দাবী কৰে । তেওঁলোকে ইয়াৰ উত্তৰো দিব বুলি পুটিনে দাবী কৰে ।

উল্লেখ্য যে সশস্ত্ৰ বিদ্ৰোহৰ আহ্বান জনোৱাৰ অভিযোগ তুলি প্ৰিগোজিনক ৰাছিয়া চৰকাৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল । কিয়নো প্ৰিগোজিনে ৰাছিয়া সেনা আৰু চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ ঘোষণা কৰিছিল ।

লগতে পঢ়ক :Allegation against Wagner chief : ৱেগনাৰ মাৰ্চিনেৰীৰ মুৰব্বী য়েভগেনি প্ৰিগোজিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.