ইন্টাৰনেছনেল ডেস্ক, 10 নৱেম্বৰ: উত্তৰ ইংলেণ্ডৰ য়ৰ্ক চহৰত বুধবাৰে খোজকাঢ়ি যোৱাৰ সময়ত ৰজা তৃতীয় চাৰ্লছ আৰু ৰাণী পত্নী কেমিলালৈ লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই তিনিটাকৈ কণী নিক্ষেপ কৰে(Eggs thrown at King Charles III) ৷ অৱশ্যে আৰক্ষীয়ে ৰজা-ৰাণীলৈ লক্ষ্য কৰি কণী নিক্ষেপ কৰা সন্দেহত এজন ২৩ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷
-
King Charles III and his wife Queen Consort Camilla narrowly avoided being hit with eggs thrown at them during a visit to northern England, leading to one arrest https://t.co/t3tbR1oosB pic.twitter.com/lgktQBPVMt
— AFP News Agency (@AFP) November 9, 2022 " class="align-text-top noRightClick twitterSection" data="
">King Charles III and his wife Queen Consort Camilla narrowly avoided being hit with eggs thrown at them during a visit to northern England, leading to one arrest https://t.co/t3tbR1oosB pic.twitter.com/lgktQBPVMt
— AFP News Agency (@AFP) November 9, 2022King Charles III and his wife Queen Consort Camilla narrowly avoided being hit with eggs thrown at them during a visit to northern England, leading to one arrest https://t.co/t3tbR1oosB pic.twitter.com/lgktQBPVMt
— AFP News Agency (@AFP) November 9, 2022
এই কাণ্ড সংঘটিত হয় যেতিয়া ৰজা আৰু তেওঁৰ পত্নীয়ে মধ্যযুগীয় দুৱাৰেদি মিকলগেট বাৰৰ মাজেৰে য়ৰ্কত প্ৰৱেশ কৰি আছিল, য’ত পৰম্পৰাগতভাৱে চহৰখনলৈ ৰজাসকলক আদৰণি জনোৱা হয় । ছ’চিয়েল মিডিয়াত থকা ছবিবোৰত ৰজাৰ ভৰিৰ ওচৰত এটা কণী পৰি থকাও দেখা গৈছে(Hurling eggs at King Charles III and Camilla ) । স্থানীয় গণ্যমান্য ব্যক্তিয়ে ৰাজকীয় দম্পতীটোক আদৰণি জনোৱা সময়ত কোনেও তেওঁলোকক আঘাত কৰা দেখা নাছিল ৷
অৱশ্যে কেইবাজনো আৰক্ষী বিষয়াই ভিৰৰ মাজত এজন লোকৰ সৈতে যুঁজি থকা দেখা গৈছিল । ব্ৰিটেইনৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি দুৰ্বৃত্তটোক আটক কৰা সময়ত “এই দেশখন দাসৰ তেজৰ ওপৰত নিৰ্মিত” আদি প্ৰতিবাদী শ্ল’গান দিয়া পৰিলক্ষিত হৈছিল ৷ আনহাতে ভিৰৰ আন আন সদস্যসকলে “তুমি লাজ পোৱা উচিত”, “ঈশ্বৰে ৰজাক বচাওক” আদি শ্ল’গান দি যুৱকজনৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা কৰিছিল(King Charles III latest news ) ।
নৰ্থ য়ৰ্কশ্বাৰ আৰক্ষীয়ে জনোৱা মতে, ৰাজহুৱা শৃংখলা ভংগ কৰাৰ অভিযোগত এজন ২৩ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰি জিম্মাত লোৱা হৈছে । ৰজা চাৰ্লছ আৰু ৰাণী কেমিলাই নতুন ৰজাৰ ৰাজত্বকালৰ আৰম্ভণিৰ চিনস্বৰূপে ব্ৰিটেইনৰ কেথেড্ৰেল য়ৰ্ক মিনিষ্টাৰত অনুষ্ঠিত হোৱা এক সেৱাত অংশগ্ৰহণ কৰিবলৈ আহিছিল ৷ তেওঁলোকে অনুষ্ঠানটোত ৭০ বছৰ ব্ৰিটেইনত ৰাজত্ব কৰা ৰাণী দ্বিতীয় ৰাণী এলিজাবেথৰ মূৰ্তি উন্মোচন কৰে(Queen Elizabeth II) ।
লগতে পঢ়ক : Sean Penn gives Zelensky his Oscar : ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক নিজৰ অস্কাৰ বঁটা উপহাৰ দিলে চিন পেনে