ETV Bharat / international

ফটো উঠিবলৈ অমান্তি হোৱাৰ বাবে ছুৰীকাঘাত কৰি 2 গৰাকীক হত্যা, 6 গৰাকী আহত

author img

By

Published : Oct 7, 2022, 8:25 AM IST

এগৰাকী শ্বেফৰ সৈতে শ্ব’গাৰ্লে ফটো উঠিবলৈ অমান্তি হোৱাৰ বাবে চুৰিৰে উপৰ্যুপৰি হানি-খুছি দুগৰাকীক হত্যা কৰাৰ লগতে 6 গৰাকী আহত হয় (Man killed two people and wounded six)৷

Etv BharatPolice: 2 dead, 6 injured in stabbings along Las Vegas Strip
Etv Bharatফটো উঠিবলৈ অমান্তি হোৱাৰ বাবে ছুৰীকাঘাত কৰি 2 গৰাকীক হত্যা, 6 গৰাকী আহত

ইণ্টাৰনেশ্যনেল ডেস্ক, 7 অক্টোবৰ: লছ ভেগাছত অঘটন ৷ এগৰাকী শ্বেফৰ সৈতে শ্ব’গাৰ্লে ফটো উঠিবলৈ অমান্তি হোৱাৰ বাবে চুৰিৰে উপৰ্যুপৰি হানি-খুছি দুগৰাকীক হত্যা কৰাৰ লগতে আক্ৰমণত 6 গৰাকী যুৱতী আহত হয় (Man killed two people and wounded six)৷

ঘটনা অনুসৰি বৃহস্পতিবাৰে লছ ভেগাছৰ ষ্ট্ৰিপৰ সমীপতে এগৰাকী শ্বেফে তেওঁৰ হোটেললৈ অহা শ্ব’গাৰ্লৰ এটি গ্ৰুপৰ সৈতে ফটো উঠিবলৈ বিচাৰিছিল ৷ লোকজনে হাতত এখন ছুৰী লৈ তেওঁলোকৰ লগত প’জ দিবলৈ বিচাৰিছিল ৷ কিন্তু শ্বেফজনৰ লগত ফটো উঠিবলৈ অমান্তি হ’ল শ্ব’গাৰ্লৰ দলটো ৷

লগে লগে খঙত অগ্নশৰ্মা হৈ শ্বেফজনে যুৱতীকেইগৰাকীক হাতত থকা ছুৰীখনেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে (Man stabbing street performers)৷ এই ঘটনাত থিতাতে দুগৰাকী যুৱতী নিহত হয় আনহাতে 6 গৰাকী গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পিছতেই সেই ঠাইৰেই এগৰাকী মহিলা পাৰ হৈ যোৱাৰ সময়তে তেওঁ প্ৰথমে শ্ব’গাৰ্লকেইগৰাকীৰ চিঞৰ শুনিছিল ৷

কিন্তু তেওঁ দলটোৱে হাঁহি খিকিন্দালি কৰি থকা বুলি সন্দেহ কৰে ৷ অলপ দূৰ যোৱাৰ পিছতে তেওঁ সেই ঠাইতে থকা দলংখনৰ ওপৰত তেজ পৰিলক্ষিত কৰে ৷ তাতে এগৰাকী যুৱতী পৰি থকা দেখাৰ লগতে এগৰাকীৰ পিঠিত ছুৰীৰ আঘাত দেখিবলৈ পায় ৷ মহিলাগৰাকীয়ে যুৱতীগৰাকীক সহায় কৰিবলৈ চেষ্টা কৰে ৷ ইয়াৰ পাছতেই মহিলাগৰাকীয়ে এই ঘটনাৰ কথা স্থানীয় আৰক্ষীক অৱগত কৰে ৷

লছ ভেগাছ (Las Vegas police) আৰক্ষীয়ে জনোৱা অনুসৰি, পুৱা প্ৰায় 11.40 বজাত তেওঁলোকে ফোন কলটো পায় ৷ আনকি মহিলাগৰাকীয়ে কোৱা অনুসৰি যুৱতীকেইগৰাকীৰ শৰীৰৰ বিভিন্ন অংশত ছুৰীৰে আঘাত কৰা হৈছিল ৷

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই ৷ বৰ্তমান আহত যুৱতীকেইগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷

লগতে পঢ়ক: শিশুসহ 34 গৰাকী নিৰীহক হত্যা কৰি আত্মহত্যা ঘাতকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.