ETV Bharat / international

টকিঅ’ৰ হানেদা বিমানবন্দৰত যাত্ৰীবাহী বিমানত হোৱা অগ্নিকাণ্ডত 5 জনকৈ লোক নিহত

মঙলবাৰে টকিঅ’ৰ হানেদা বিমানবন্দৰত যাত্ৰীবাহী বিমানত হোৱা অগ্নিকাণ্ডৰ ফলত বৰ্তমানলৈকে 5 জনকৈ লোক নিহত হৈছে ৷ এই কথা জানিবলৈ দিছে জাপানৰ পৰিবহন মন্ত্ৰী টেটছুও ছাইটোৱে ৷(Planes collide and catch fire at Tokyo Haneda airport)

Planes collide and catch fire at Tokyo Haneda airport
টকিঅ’ৰ হানেদা বিমানবন্দৰত যাত্ৰীবাহী বিমানত হোৱা অগ্নিকাণ্ডত 5 জনকৈ লোক নিহত
author img

By PTI

Published : Jan 3, 2024, 10:15 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 3 জানুৱাৰী : মঙলবাৰে জাপানৰ টকিঅ’ৰ হানেদা বিমানবন্দৰত জাপান এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনা বিশ্বজুৰি চৰ্চিত হৈছে ৷ এই ঘটনাত বৰ্তমানলৈকে 5 জনকৈ লোক নিহত হৈছে বুলি জানিবলৈ দিছে জাপানৰ পৰিবহন মন্ত্ৰী টেটছুও ছাইটোৱে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, মঙলবাৰে টকিঅ'ৰ হানেদা বিমানবন্দৰৰ ৰানৱেত এখন যাত্ৰীবাহী বিমান আৰু জাপানৰ উপকূলৰক্ষী বাহিনীৰ বিমানৰ মাজত সংঘৰ্ষ হয় ৷ এই সংৰ্ঘষৰ পাচত জুয়ে আগুৰি ধৰে দুয়োখন বিমানতে ৷ ফলত উপকূলৰক্ষী বাহিনীৰ এয়াৰবাছ এ 350 বিমানখনত থকা পাঁচজন লোকৰ মৃত্যু হৈছে । কিন্তু জাপান এয়াৰলাইনছৰ বিমান জে এ এল 516ত থকা 379 জন যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হৈছে ৷

মন্ত্ৰী ছাইটোৱে কয়, ‘‘ঘটনাৰ পাচতে উপকূলৰক্ষী বাহিনীৰ বোম্বাৰ্ডিয়াৰ ডেছ 8 বিমানখনৰ পাইলটজন পলায়ন কৰিছে ৷ বিমানখনৰ পাঁচজন ক্ৰু সদস্যৰ মৃত্যু হৈছে ৷’’ উল্লেখ্য যে, বিমানখন সোমবাৰে হোৱা ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চললৈ সাহায্য প্ৰদান কৰিবলৈ উৰা মাৰিবলৈ প্ৰস্তুতি চলাই আছিল ৷

কিন্তু সংবাদমাধ্যৰ ফুটেজত জাপান এয়াৰলাইনছৰ বিমানখনৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ দৃশ্য দেখা গৈছিল কিয়নো অৱতৰণৰ সময়ত সংঘৰ্ষ হৈছিল ৷ বিমানখনত জুয়ে আগুৰি ধৰাৰ 20 মিনিটৰ পাচতে সকলো যাত্ৰী আৰু কৰ্মচাৰীয়ে জৰুৰীকালীন চুটেৰে তললৈ নামি আহিবলৈ সক্ষম হৈছিল ।

ইফালে, অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰাৰ সময়তে যাত্ৰীবাহী বিমানখনৰ চাৰিওফালৰ এলেকাত জুই লাগিছিল । প্ৰায় ছয় ঘণ্টাৰ চেষ্টাৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হৈছিল ।

2015 চনত বাণিজ্যিক সেৱাত প্ৰৱেশ কৰা এয়াৰবাছৰ কৰ্তৃপক্ষৰ পৰা এক বিবৃতিত কৈছিল, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি থকা জাপানী আৰু ফৰাচী বিষয়াসকলক সহায় কৰা হ’ব ৷ ইফালে পৰিবহন মন্ত্ৰীগৰাকীয়ে কয় যে, এ 350 বিমানখন চাপোৰো চহৰৰ ওচৰৰ শিন চিটোজ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল ।

লগতে পঢ়ক : টকিঅ'ৰ হানেদা বিমানবন্দৰত যাত্ৰীবাহী বিমানত অগ্নিকাণ্ড, 400 যাত্ৰীক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.