ইণ্টাৰনেশ্যনেল ডেস্ক,২৪ অক্টোবৰ : ইজৰাইল আৰু গাজাৰ সংঘৰ্ষ অব্যাহত আছে । ইফালে ইজৰাইলে গাজাত ভূমি আক্ৰমণৰো প্ৰস্তুতি চলাইছে । এনে পৰিস্থিতিত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে ইজৰাইলক যুদ্ধ পৰিকল্পনাত সহায়ৰ বাবে নগৰীয়া যুদ্ধত দক্ষ মেৰিন কৰ্পৰ জেনেৰেলসহ সামৰিক উপদেষ্টাসকলক ইজৰাইললৈ প্ৰেৰণ কৰিছে । মধ্য প্ৰাচ্যলৈ একাধিক অত্যাধুনিক বায়ু প্ৰতিৰক্ষা প্ৰণালীও দ্ৰুতগতিত প্ৰেৰণ কৰিছে ।
বিষয়াসকলৰ নেতৃত্বত আছে মেৰিন কৰ্পছ লেফটেনেণ্ট জেনেৰেল জেমছ গ্লিন, যি পূৰ্বে ইছলামিক ষ্টেটৰ বিৰুদ্ধে বিশেষ অভিযানৰ নেতৃত্বত সহায় কৰিছিল । তেওঁ নগৰীয়া যুঁজৰ সময়ত ইৰাকৰ ফালুজাত সেৱা আগবঢ়াইছিল ।
এগৰাকী বিষয়াই জনোৱা মতে গ্লিনে নগৰীয়া যুদ্ধত সাধাৰণ লোকৰ হতাহত কেনেদৰে হ্ৰাস কৰিব পাৰি সেই বিষয়েও পৰামৰ্শ দিব । ইজৰাইলে এনে এক পৰিৱেশত বৃহৎ পৰিমাণৰ স্থল অভিযানৰ প্ৰস্তুতি চলাই আছে ।
ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে সোমবাৰে কয় যে গ্লিন আৰু ইজৰাইলক পৰামৰ্শ দিয়া আন সামৰিক বিষয়াসকলৰ অভিজ্ঞতা আছে যি ইজৰাইলৰ অভিযানৰ বাবে উপযুক্ত হ'ব । অৱশ্যে আমেৰিকাৰ বিষয়া এগৰাকীয়ে কোৱা মতে যুদ্ধত সেই বিষয়াসকল নিয়োজিত নহয় । আমেৰিকাই কোৱা মতে তেওঁলোকে কৰ্মচাৰীসকলক সুৰক্ষা দিবলৈ চেষ্টা অব্যাহত ৰাখিছে । কিৰ্বিয়ে কোৱা মতে ইৰাণে কিছুমান ক্ষেত্ৰত এই আক্ৰমণবোৰত সক্ৰিয়ভাৱে সহায় কৰি আছে ।
উল্লেখ্য যে সোমবাৰে ছিৰিয়াৰ আন-তানফত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক গেৰিছন পুনৰ আক্ৰমণৰ সন্মুখীন হয় । ড্ৰোণৰ জৰিয়তে গুলীবৰ্ষণ কৰা হৈছিল আৰু কোনো হতাহত খবৰ পোৱা হোৱা নাই । যোৱা সপ্তাহত মধ্য প্ৰাচ্যত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক স্থানসমূহ ৰকেট বা ড্ৰোণৰ আক্ৰমণৰ সন্মুখীন হৈছিল ।
আমেৰিকাই শেহতীয়াকৈ ঘোষণা কৰিছিল যে তেওঁলোকে মধ্য প্ৰাচ্যলৈ একাধিক পেট্ৰিয়াট মিছাইল প্ৰতিৰক্ষা প্ৰণালী বেটেলিয়ন আৰু এটা টাৰ্মিনেল হাই অল্টিটিউড এৰিয়া ডিফেন্স চিষ্টেম প্ৰেৰণ কৰিছে । লগতে আইজেন হাৱাৰ ষ্ট্ৰাইক গ্ৰুপক আমেৰিকা যুক্তৰাষ্ট্ৰৰ চেণ্ট্ৰেল কমাণ্ড এলেকালৈ পুনৰ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক :US superfog : ৰাজপথত একেলগে জ্বলি নিঃশেষ বহু বাহন, ৭ গৰাকী যাত্ৰী নিহত