ETV Bharat / international

FIFA World Cup 2022 : চিকিৎসালয়ৰ পৰাই ব্ৰাজিলৰ বিশ্বকাপ মেচ উপভোগ কৰিব পেলেই

author img

By

Published : Dec 6, 2022, 4:25 PM IST

পৰিয়ালৰ কেইবাজনো সদস্যৰ মতে, ৮২ বছৰীয়া পেলেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও তেওঁ শংকামুক্ত । চিকিৎসালয়ৰ পৰাই তেওঁ উপভোগ কৰিব ব্ৰাজিলৰ বিশ্বকাপৰ মেচ (Pele admitted to hospital) ।

Pele
Pele

ইণ্টাৰনেচনেল ডেস্ক, ৬ ডিচেম্বৰ : কাটাৰ বিশ্বকাপৰ (Qatar world cup football) নক আউট পৰ্যায়ৰ মেচসমূহ চলি আছে । ইতিমধ্যে এইবাৰৰ বিশ্বকাপৰ দাবীদাৰ কেইবাখনো দেশে আগতীয়াকৈ বিদায় লৈছে । বৰ্তমান চলি আছে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশৰ যুঁজ (FIFA world cup 2022) । তাৰ মাজতে কিংবদন্তী ফুটবলাৰ পেলে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ'বলগা হৈছে (Brazilian soccer great Pele) ।

  • Em 1958, eu caminhava pelas ruas pensando em cumprir a promessa que fiz ao meu pai. Sei que hoje muitos fizeram promessas parecidas e também vão em busca da sua primeira Copa do Mundo.

    Assistirei ao jogo do hospital e estarei torcendo muito por cada um de vocês. Boa sorte! 🇧🇷 pic.twitter.com/3CRI8v6H55

    — Pelé (@Pele) December 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

ব্ৰাজিলিয়ান ফুটবলৰ মহান তাৰকা পেলেয়ে সোমবাৰে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ মেচত চিকিৎসালয়ৰ পৰা তেওঁৰ দেশৰ ৰাষ্ট্ৰীয় দলটোক উৎসাহিত কৰিব । উল্লেখ্য, কোভিড-19-ত আক্ৰান্ত হৈ শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ বাবে পেলে চিকিৎসাধীন হৈ আছে ।

তিনিবাৰৰ বিশ্বকাপ বিজয়ীগৰাকীয়ে (three time World Cup winner Pele) টুইটাৰত তেওঁৰ ১৭ বছৰীয়া এখন আলোকচিত্ৰ পোষ্ট কৰি লিখিছে, "১৯৫৮ চনত মই মোৰ দেউতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ কথা ভাবি সেই পথত অগ্ৰসৰ হৈছিলোঁ ।" "মই জানোঁ যে আজি বহুতে একে ধৰণৰ প্ৰতিশ্ৰুতি দিছে আৰু তেওঁলোকেও প্ৰথম বিশ্বকাপ বিচাৰিছে । মই চিকিৎসালয়ৰ পৰাই খেলখন উপভোগ কৰিম আৰু মই মোৰ দেশৰ প্ৰতিগৰাকী খেলুৱৈক উৎসাহ যোগাই যাম । শুভকামনা !" তেওঁ লগতে লিখিছে (FIFA world cup Brazil match) ।

উল্লেখ্য, পৰিয়ালৰ কেইবাজনো সদস্যৰ মতে, ৮২ বছৰীয়া পেলেক মঙলবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Pele admitted in hospital) । অৱশ্যে তেওঁ বিপদমুক্ত আৰু জীৱনৰ প্ৰতি কোনো সংশয় নাই । কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত ফুটবলৰ মহান খেলুৱৈজনৰ কেমোথেৰাপিও চলি আছে (soccer great Pele fight against cancer) ।

শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ পিছত তেওঁ চাও পাওলোৰ এলবাৰ্ট আইনষ্টাইন চিকিৎসালয় এৰিব বুলি আশা কৰা হৈছে (Albert Einstein hospital in Sao Paulo) । অৱশ্যে তেওঁ কেতিয়া চিকিৎসালয়ৰ মুকলি হ'ব সেই বিষয়ত পৰিয়াল বা চিকিৎসালয় কৰ্তৃপক্ষই একো জনোৱা নাই ।

লগতে পঢ়ক :Deepika Padukone news: কাটাৰত ফিফা বিশ্বকাপৰ ট্ৰফী উন্মোচন কৰিব দীপিকা পাডুকনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.