নিউজ ডেস্ক,১০ নৱেম্বৰ : বিগত সময়ছোৱাত গোলকীয় উষ্ণতাই সমগ্ৰ বিশ্বতে ভয়ংকৰ প্ৰভাৱ পেলাইছে । ইয়াৰ মাজতে এক গৱেষণাই প্ৰকাশ কৰিছে ভয়ংকৰ তথ্য । গৱেষণাটোৰ মতে যোৱা ১ বছৰ বিশ্বই আটাইতকৈ গৰম অনুভৱ কৰিছে । লগতে দ্ৰুত জলবায়ু পৰিৱৰ্তনৰো সাক্ষী হৈছে বিশ্ববাসী । বিশেষকৈ জীৱাশ্ম ইন্ধন জ্বলোৱা আৰু অন্যান্য মানৱীয় কাৰ্যকলাপৰ বাবে এই অত্যাধিক গৰমৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ।
ক্লাইমেট চেন্ট্ৰেল নামৰ এক স্বতন্ত্ৰ বিজ্ঞানী আৰু যোগাযোগকৰ্তাৰ গোটে বৃহৎ তথ্য আৰু উচ্চমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰি পৰিৱৰ্তনশীল জলবায়ুৰ বিষয়ে গৱেষণা কৰিছে আৰু প্ৰতিবেদন প্ৰকাশ কৰিছে । প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীয়ে যোৱা ১২ মাহত প্ৰাক-ঔদ্যোগিক জলবায়ুতকৈ ১.৩° চেণ্টিগ্ৰেড অধিক তাপ অনুভৱ কৰিছে ।
প্ৰতিবেদনটোত সতৰ্ক কৰি দিয়া হৈছে যে তাপমাত্ৰা আগলৈও বৃদ্ধি হৈ থাকিব আৰু বিশ্বই নিট সেউজগৃহ গেছ নিৰ্গমন সমাপ্ত কৰিবলৈ কাম নকৰালৈকে বতৰৰ অধিক পৰিৱৰ্তন হ'ব । পৃথিৱী ৩ নিযুত বছৰতকৈও অধিক সময়ৰ তুলনাত আটাইতকৈ বেছি গৰম হৈ পৰিছে । প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ নৱেম্বৰৰ পৰা ২০২৩ চনৰ অক্টোবৰলৈ এই গৱেষণা চলোৱা হৈছিল । এই সময়ছোৱাত লাভ কৰা বিভিন্ন তথ্যৰ আধাৰত কোৱা হৈছে যে এই সময়খিনি আটাইতকৈ গৰম আছিল ।
ইফালে বিশ্বজুৰি প্ৰতি চাৰিজনৰ ভিতৰত এজনে (১.৯ বিলিয়ন লোক) যোৱা ১২ মাহত জলবায়ু পৰিৱৰ্তনৰ ফলত চৰম আৰু বিপদজনক হিটৱেভৰ সন্মুখীন হৈছে । বছৰটোত, ৯০ শতাংশ লোকে কমেও ১০ দিনৰ উচ্চ তাপমাত্ৰা অনুভৱ কৰিছে । এল নিনো আৰু জাহাজ প্ৰদূষণ হ্ৰাস হ'লেও অন্যান্য কাৰকে যোৱা ১২ মাহত বৰ্ধিত তাপমাত্ৰাৰ ওপৰত সামান্য প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে যদিও ই মানৱ-সৃষ্ট সেউজগৃহ গেছ নিৰ্গমনৰ প্ৰভাৱৰ তুলনাত অতি কম ।
প্ৰতিবেদনত কোৱা হৈছে যে যোৱা ১২ মাহত অত্যাধিক তাপমাত্ৰাৰ ফলত সমগ্ৰ বিশ্বতে বতৰ পৰিৱৰ্তনৰ অভিলেখ ভংগ হৈছে । প্ৰতিবেদন অনুসৰি, বিশ্বই ২০৩০ চনৰ ভিতৰত ১১০ শতাংশ অধিক জীৱাশ্ম ইন্ধন উৎপাদন কৰাৰ পথত আছে । জীৱাশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰে অত্যাধিক বতৰৰ অৱনতি ঘটাব আৰু বিশ্বজুৰি তাপমাত্ৰা বৃদ্ধি কৰি থাকিব বুলিও কোৱা হৈছে ।
প্ৰতিবেদন অনুসৰি মানৱ সৃষ্ট কাৰকে জলবায়ু পৰিৱৰ্তনত অধিক অৰিহণা যোগাইছে । দক্ষিণ আমেৰিকাৰ বৃহৎ অংশত ইয়াৰ প্ৰভাৱ যথেষ্ট বুলিও উল্লেখ কৰা হৈছে । গৱেষকসকলে কৈছে যে আৰ্জেণ্টিনাত খৰাং বতৰৰ ফলত আনুমানিক ৩ শতাংশ জিডিপি হ্ৰাস হৈছে । বিশ্বব্যাপী বাণিজ্যৰ আনুমানিক ৫ শতাংশ পৰিচালনা কৰা পানামা খালত ২ বছৰ ধৰি চলি থকা খৰাঙ বতৰে কেইবা মাহ ধৰি বিশ্বৰ ব্যস্ততম বাণিজ্য পথত ব্যাহত কৰিছে ।
আমেৰিকাত বতৰ পৰিৱৰ্তনৰ ২৪ টা ঘটনাই কমেও ৩৭৩ গৰাকী লোকৰ প্ৰাণ কাঢ়িছে । এতিয়ালৈ ৬৭ বিলিয়ন আমেৰিকান ডলাৰৰ আৰ্থিক লোকচানৰো সম্ভাৱনা আছে । আনহাতে হাৱাইত ভয়ংকৰ বনজুইৰ ফলত ৯৩ গৰাকী লোকৰ মৃত্যু হৈছে ।
পূব আৰু দক্ষিণ এছিয়াৰ পৰা ইউৰোপ আৰু উত্তৰ আফ্ৰিকালৈকে হিটৱেভে সকলো অভিলেখ ভংগ কৰিছে । ভাৰতত প্ৰায় ২৬৪ গৰাকী লোক নিহত হৈছে আৰু স্পেইনত ২,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে । ইটালীত আগষ্ট আৰু ছেপ্টেম্বৰত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাত চিকিৎসালয়বোৰত সংশ্লিষ্ট কিছুমান ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ।
প্ৰতিবেদন অনুসৰি মানৱসৃষ্ট কাৰণত জলবায়ু পৰিৱৰ্তন হৈছে আৰু ঠায়ে ঠায়ে অভিলেখ সংখ্যক বৰষুণ হৈছে । ফলস্বৰূপে ঠাইভেদে বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । নিউজীলেণ্ডত, মালাৱি, মোজাম্বিক আৰু মাদাগাস্কাৰত ঘূৰ্ণীবতাহ আতংকৰ সৃষ্টি কৰিছে । আফ্ৰিকাত ভয়ংকৰ ধুমুহাৰ ফলত ৪,০০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে ।
প্ৰতিবেদনত ভাৰতৰ পৰিস্থিতিৰো বৰ্ণনা কৰা হৈছে । ৩২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ৭০ খন চহৰত বিপদঘণ্টা বাজিছে । ১২ খন চহৰত যোৱা বছৰ ১০০ দিনতকৈ অধিক সময় ধৰি চিএছআই সূচক ৫ ৰ সৈতে আছে ।
এই চহৰসমূহৰ ভিতৰত আছে বেংগালুৰু (১২৪), বিশাখাপট্টনম (১০৯), থানে (১০১), গুৱাহাটী (১১২), তিৰুৱন্তপুৰম (১৮৭), আইজল (১০০), ইম্ফল (১৩৯), শ্বিলং (১২৩), পোৰ্ট ব্লেয়াৰ (১০৫), পানাজী (১০৮), দিছপুৰ (১১২), কাভাৰাট্টি (১৯০) ।
ভাৰতত ২১ খন চহৰত যোৱা বছৰ ১০০ দিনতকৈ অধিক সময় চিএছআই সূচাংক আছিল ৩ । চহৰবোৰ হৈছে মুম্বাই, বেংগালুৰু, চেন্নাই, বিশাখাপট্টানম, থানে, কল্যাণ, গুৱাহাটী, বিজয়ৱাড়া , মহীশূৰ, ভুৱনেশ্বৰ, তিৰুৱন্তপুৰম, আগৰতলা, আইজল, ইম্ফল, শ্বিলং, পোৰ্ট ব্লেয়াৰ, কহিমা, পানাজী, দমন, দিছপুৰ আৰু কাভাৰাট্টি ।